ETV Bharat / bharat

ৰাজনৈতিক প্ৰতিশোধৰ বলি হৈছে ত্ৰিপুৰাৰ মহিলাসকল... - Women are facing political vengeance in Tripura

চিপিআইএমৰ(CPIM) ৰাজ্যসভা সাংসদ তথা জ্যেষ্ঠ নেতা ঝৰ্ণা দাস বৈদ্যৰ মতে ৰাজ্যখনৰ মহিলাসকল ৰাজনৈতিক প্ৰতিশোধৰ বলি হৈছে । বিজেপি আৰু আইটিএফটিৰ শাসন কালত এতিয়া নিৰাপত্তাহীনতাত ভূগিছে মহিলাসকল । এইখন চৰকাৰৰ দিনত মহিলাৰ ওপৰত অত্যাচাৰ বহুগুণে বৃদ্ধি পাইছে ।

ৰাজনৈতিক প্ৰতিশোধৰ বলি হৈছে ত্ৰিপুৰাৰ মহিলাসকল...

author img

By

Published : Jun 20, 2021, 4:37 PM IST

আগৰতলা,২০ জুন : শেহতীয়াকৈ ত্ৰিপুৰাত বৃদ্ধি হৈছে নাৰীৰ নিৰ্যাতনৰ ঘটনা । প্ৰতিদিনে কেইবাটাও নাৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে । ইয়াৰ মাজতে চিপিআইএমৰ(CPIM) ৰাজ্যসভা সাংসদ তথা জ্যেষ্ঠ নেতা ঝৰ্ণা দাস বৈদ্য বিস্ফোৰক মন্তব্য । তেওঁৰ অভিযোগ ৰাজ্যখনৰ মহিলাসকল ৰাজনৈতিক প্ৰতিশোধৰ বলি হৈছে ।

বিজেপি(BJP) আৰু আইপিএফটিৰ(IPFT) শাসন কালত এতিয়া নিৰাপত্তাহীনতাত ভূগিছে মহিলাসকল । তেওঁ দাবী কৰা মতে এইখন চৰকাৰৰ দিনত মহিলাৰ ওপৰত অত্যাচাৰ বহুগুণে বৃদ্ধি পাইছে । তেওঁৰ অভিযোগ অনুসৰি ত্ৰিপুৰাত মহিলাৰ সুৰক্ষা আৰু নিৰাপত্তা একেবাৰে নোহোৱা হৈছে । প্ৰায় প্ৰতিদিনে মহিলা নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে ৰাজ্যখনত ।

জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে বিশ্বাস কৰে যে আইন ৰক্ষকসকলৰ বাবে এনে ঘটনা সম্পূৰ্ণ নোহোৱা কৰাটো সহজ নহয় কিন্তু শেহতীয়াকৈ নাৰীৰ ওপৰত অত্যাচাৰ বৃদ্ধি হৈ গৈছে । এই সমগ্ৰ বিষয় আলোচনাৰ বাবে দেওবাৰে নেত্ৰীগৰাকী উপস্থিত হয় ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত । তেওঁৰ নেতৃত্বত ত্ৰিপুৰা ৰাজ্যিক সমিতিৰ অল ইণ্ডিয়া ৱমেন এছ'চিয়েশ্যনৰ (All India Women Association) এটা দলে সঞ্চালক প্ৰধানগৰাকীক সাক্ষাৎ কৰিবলৈ আহিছিল যদিও বিশেষ ব্যস্ততাৰ বাবে সঞ্চালক প্ৰধান(DGP) ভি এছ যাদৱ উপস্থিত থাকিব নোৱাৰিলে ।

অৱশ্যে আইন শৃংখলাৰ এআইজিপি (AIGP) সুব্ৰত চক্ৰৱৰ্তীক সাক্ষাৎ কৰে প্ৰতিনিধি দলটোৱে । AIGP ক নাৰী নিৰ্যাতন সম্পৰ্কীয় ঘটনাবোৰৰ বিষয়ে অৱগত কৰে আৰু বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে ত্ৰিপুৰা আৰক্ষীক আহ্বান জনাই প্ৰতিনিধি দলটোৱে । উল্লেখ্য যে প্ৰতিনিধি দলটোত AIDWAৰ নেত্ৰী কৃষ্ণা ৰক্ষিতো উপস্থিত থাকে । তেওঁলোকে শেহতীয়াকৈ ৰাজ্যখনত সংঘটিত এক অপহৰণ ঘটনাৰ বিষয়েও আলোচনা কৰে ।

লক ডাউনৰ মাজতে চাৰিগৰাকী নাবালিকাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰা ঘটনাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি তেওঁলোকে উল্লেখ কৰে । আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ সন্মুখত চিপিআইএমৰ ৰাজ্যসভা সাংসদ ঝৰ্ণা দাস বৈদ্যই সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে নাৰীৰ ওপৰত এই ধৰণৰ নিৰ্যাতনৰ ঘটনা কোনো কাৰণতে সহ্য কৰা নহ'ব । আৰক্ষীক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনাই বৈদ্যই লগতে অতি শীঘ্ৰে কোনো ব্যৱস্থা নল'লে AIDWA ৰ লগতে মাতৃ সংগঠনসমূহ তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে ।

আৰক্ষীৰ পদক্ষেপ সন্দৰ্ভত তেওঁ কয় যে আৰক্ষীৰ ভূমিকা এই ক্ষেত্ৰত সন্দেহৰ আৱৰ্তত আছে । কিয়নো কিছুমান ক্ষেত্ৰত ভুক্তভোগী পৰিয়ালবোৰে জীৱনৰ ভাবুকিৰ সন্মুখীন হৈ তেওঁলোকৰ ঘৰত বন্দী হৈ থাকিবলৈ বাধ্য হয় । বহুতো আৰক্ষী থানাত এফ.আই.আৰ.(FIR) পঞ্জীয়ন কৰা হোৱা নাই । কেৱল এয়াই নহয় মহিলাসকলৰ ওপৰত বৃদ্ধি হোৱা এনে ঘটনাৰ বাবে ৰাজ্য চৰকাৰক দোষাৰোপ কৰে সাংসদগৰাকীয়ে ।

লগতে পঢ়ক: ত্ৰিপুৰাত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.