ETV Bharat / bharat

ত্ৰিপুৰাত ৩ দিনীয়া কৰ'ণা প্ৰতিষেধক অভিযান আৰম্ভ

author img

By

Published : Mar 24, 2021, 5:12 PM IST

যক্ষ্মা দিৱস পালন কৰাৰ লগতে ত্ৰিপুৰাত তিনিদিনীয়াকৈ কৰ'ণা প্ৰতিষেধক অভিযান মুকলি কৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে । অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যখনত যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে স্বাস্থ্য বিভাগৰ পদক্ষেপক প্ৰশংসা কৰে ।

যক্ষ্মা দিৱস পালনৰ লগতে ত্ৰিপুৰাত ৩ দিনীয়া কৰ'ণা প্ৰতিষেধক অভিযান আৰম্ভ

নেশ্যনেল ডেস্ক,২৪ মাৰ্চ: দেশজুৰি পালন কৰা হৈছে বিশ্ব যক্ষ্মা দিৱসৰ । যক্ষ্মা দিৱসৰ লগত সংগতি ৰাখি ত্ৰিপুৰাতো আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচীৰ । যক্ষ্মা দিৱস পালন কৰাৰ লগতে ৰাজ্যজুৰি তিনিদিনীয়াকৈ কৰ'ণা প্ৰতিষেধক অভিযানৰ মুকলি কৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে । অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে স্বাস্থ্য বিভাগৰ পদক্ষেপক প্ৰশংসা কৰে ।

৫০ লাখ জনসংখ্যাৰ অন্তৰ্গত ৰাজ্যসমূহৰ ভিতৰত যক্ষ্মা ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত শীৰ্ষ স্থান লাভ কৰে ত্ৰিপুৰাই । সেয়ে এই ক্ষেত্ৰত জড়িত স্বাস্থ্য কৰ্মীৰ পৰা আৰম্ভ কৰি সকলো স্তৰৰ লোককে প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

পূৰ্বে কোনো ক্ষেত্ৰতে ত্ৰিপুৰাৰ উল্লেখনীয় অৱদান নাছিল কিন্তু বৰ্তমান ৰাজ্যখনে বিশ্বজুৰি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । স্বাস্থ্যখণ্ডৰ বিভিন্ন উন্নয়নৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২০১৭ চনত ৰাজ্যখনৰ প্ৰায় ৫৪ শতাংশ শিশু কৃমিৰ দ্বাৰা সংক্ৰমিত হৈছিল আৰু ২০১৯ চনৰ তথ্য অনুসৰি মাত্ৰ ২ শতাংশ শিশুৰহে এই সমস্যা আছিল ।

এই তথ্যই ৰাজ্যখনৰ প্ৰগতি প্ৰতিফলিত কৰে যাৰ বাবে ৰাজ্যখনে সেই দিশত আৰু অধিক কাম কৰি ত্ৰিপুৰাক সৰ্বোচ্চ কৃতিত্ব প্ৰদানৰ চেষ্টা কৰিব লাগে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ।

উল্লেখ্য যে ৰাজ্যখনৰ প্ৰায় ৪.৭৫ লাখ প্ৰাপ্তবয়স্ক লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৩ দিনীয়া কৰ'ণা প্ৰতিষেধক অভিযানৰ মুকলি কৰে । এই অভিযান মুকলি কৰি সকলো প্ৰাপ্তবয়স্ক লোকক প্ৰতিষেধক প্ৰদান নিশ্চিত কৰিবলৈও তেওঁ আহ্বান জনায় । লগতে প্ৰাপ্তবয়স্ক সকলৰ সুৰক্ষাৰ বাবে ৰাজ্যখনৰ বিভিন্ন দল আৰু যুৱ সংগঠনসমূহকো সহযোগিতাৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ।

লগতে পঢ়ক: ত্ৰিপুৰা আৰক্ষীৰ অভিযানত জব্দ কেইবা কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.