ETV Bharat / bharat

কৰ'ণা প্ৰতিষেধকৰ কম অপচয়ৰ ক্ষেত্ৰত দ্বিতায় স্থানত ত্ৰিপুৰা:বিপ্লব কুমাৰ দেৱ - Tripura cm vaccine

দেশৰ ভিতৰত কম পৰিমাণে প্ৰতিষেধক অপচয় হোৱা ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থানত ত্ৰিপুৰা । মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ মতে প্ৰতিষেধকৰ অপচয় গড় হিচাপত দেশত ৬ শতাংশ আৰু ত্ৰিপুৰাত ইয়াৰ পৰিমাণ মাত্ৰ ২.৫ শতাংশ । প্ৰতিষেধকৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰা ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষত আছে হিমাচল প্ৰদেশ আৰু তাৰ পিছতে ত্ৰিপুৰা ।

কৰ'ণা প্ৰতিষেধকৰ কম অপচয়ৰ ক্ষেত্ৰত দ্বিতায় স্থানত ত্ৰিপুৰা:বিপ্লব কুমাৰ দেৱ

author img

By

Published : Mar 21, 2021, 1:39 PM IST

নেশ্যনেল ডেস্ক,২১ মাৰ্চ: দেশত অব্যাহত আছে ক'ভিড-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া । কিন্তু এই প্ৰক্ৰিয়াৰ মাজতে দেখা গৈছে বহু স্থানত প্ৰতিষেধকৰ যথেষ্ট পৰিমাণে অপচয় বা নষ্ট হৈছে । প্ৰতিষেধকৰ অপচয় সন্দৰ্ভত বিশেষ ঘোষণা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ । শনিবাৰে এক অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ভিতৰত কম পৰিমাণে প্ৰতিষেধক অপচয় হোৱা ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থানত ত্ৰিপুৰা । তেওঁৰ মতে প্ৰতিষেধকৰ অপচয় গড় হিচাপত দেশত ৬ শতাংশ আৰু ত্ৰিপুৰাত ইয়াৰ পৰিমাণ মাত্ৰ ২.৫ শতাংশ । প্ৰতিষেধকৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰা ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষত আছে হিমাচল প্ৰদেশ আৰু তাৰ পিছতে ত্ৰিপুৰা ।

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ চৌহদত অনুষ্ঠিত ৭ম বাৰ্ষিক ন্যায়িক সন্মিলনত এই কথা অতি গৰ্বেৰে উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । সন্মিলনত মুখ্যমন্ত্ৰীৰ উপৰিও উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ এ কুৰেঞ্চী আৰু উচ্চ ন্যায়ালয় আৰু জিলা আদালতৰ অন্যান্য ন্যায়াধীশসকল উপস্থিত থাকে ।

কৰ'ণা সন্দৰ্ভত পুনৰ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁৰ মতে মহামাৰীয়ে সকলোকে এক মহান শিক্ষা দিলে । কৰ'ণাই বহুতৰে প্ৰিয়জনক কাঢ়ি নিলে যদিও ই আত্মনিৰ্ভৰ হোৱাৰ এক বিশেষ বাৰ্তা দি গ'ল বুলিও দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইফালে টীকাকৰণ অভিযান সফল কৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকী কৰণা যোদ্ধাকে প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে ।

এই অনুষ্ঠানতে বিত্তীয় সীমাৱদ্ধতাৰ কথা স্বীকাৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত ৰাজ্য়খনৰ কেনেধৰণৰ সীমাবদ্ধতা আছে সেয়া সকলোৰে জ্ঞাত । ত্ৰিপুৰা এখন সৰু ৰাজ্য আৰু একেদৰে ইয়াৰ বাজেটৰ পৰিমাণো কম । এতিয়াহে বাজেট ২২,৭২৪.৫০ কোটি ধাৰ্য্য কৰা হৈছে । তেওঁৰ মতে বহুতো বিত্তীয় প্ৰত্যাহ্বান থকা স্বত্বেও চৰকাৰে সম্পূৰ্ণ প্ৰণালীবদ্ধভাৱে কাম কৰিছে আৰু ভাৰসাম্য বজাই ৰখাত সহায় কৰিছে ।

পৰিৱৰ্তন আৰু বিকাশৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোৰে পৰা সহযোগিতাও বিচাৰে । ৰাজ্যখনৰ কোনো লোকে তেওঁলোকৰ আবেদনৰ সৈতে আহিলে আৰু ন্যায়ালয়ে নিশ্চিতভাৱে প্ৰতিটো দিশৰ ওপৰত নিস্বাৰ্থভাৱে ভূমিকা পালন কৰিব বুলিও আশাবাদী মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ ।

লগতে পঢ়ক:ত্ৰিপুৰা বাজেট: ২২৭২৪.৫০ কোটিৰ কৰ মুক্ত বাজেট উপস্থাপন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.