ETV Bharat / bharat

অমিত শ্বাহেৰে বৈঠকত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে দাঙি ধৰিব ৰাজ্যৰ উন্নয়নৰ ছবি

author img

By

Published : Oct 8, 2022, 12:34 PM IST

৯ অক্টোবৰত গুৱাহাটীত গৃহ মন্ত্ৰী অমিত শ্বাহেৰে বৈঠকত মিলিত হ'ব ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহা (Manik Saha meeting with Amit Shah) । এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দেওবাৰে গুৱাহাটীত গৃহমন্ত্ৰী অমিত শ্বাহেৰে হ'বলগা বৈঠকত ৰাজ্যখনৰ উন্নয়নৰ বিষয়সমূহ গ্ৰহণ কৰা হ'ব (Tripura CM Manik Saha Assam visit) ।

অমিত শ্বাহেৰে বৈঠকত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে দাঙি ধৰিব ৰাজ্যৰ উন্নয়নৰ ছবি
অমিত শ্বাহেৰে বৈঠকত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে দাঙি ধৰিব ৰাজ্যৰ উন্নয়নৰ ছবি

আগৰতলা, ৮ অক্টোবৰ : অহা ৯ অক্টোবৰত গুৱাহাটীত গৃহ মন্ত্ৰী অমিত শ্বাহেৰে বৈঠকত মিলিত হ'ব ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহা (Manik Saha meeting with Amit Shah) । এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দেওবাৰে গুৱাহাটীত গৃহমন্ত্ৰী অমিত শ্বাহেৰে হ'বলগা বৈঠকত ৰাজ্যখনৰ উন্নয়নৰ বিষয়সমূহ গ্ৰহণ কৰা হ'ব (Tripura CM Manik Saha Assam visit) ।

শুকুৰবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত মাণিক সাহাই কয় যে তেওঁৰ কাৰ্যকালত এতিয়ালৈকে কৰা কামৰ এখন ৰিপোৰ্ট কাৰ্ড কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ওচৰত উপস্থাপন কৰিব (report card of Manik Saha) । "মুখ্য বিষয় হৈছে বিকাশ আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় যেনে নিচাজাতীয় দ্ৰৱ্য, ড্ৰাগছ আদি সন্দৰ্ভত মই কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ (Union Home Minister Amit Shah) ওচৰত উপস্থাপন কৰিম ।

গৃহমন্ত্ৰী শ্বাহৰ সৈতে বৈঠকত মই মোৰ সকলো কৃতিত্ব দাখিল কৰিম ।" ডাঃ সাহাই কয় । উল্লেখ্য, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহা, মুখ্য সচিব জে কে সিনহা আৰু ত্ৰিপুৰা আৰক্ষীৰ ডিজিপি অমিতাভ ৰঞ্জনে শুকুৰবাৰে 'মায়েৰ গমন' মেগা কাৰ্নিভেল উদ্বোধনৰ পিছতে গুৱাহাটীলৈ ৰাওনা হৈছে (plenary session meeting of North East Council) ।

উল্লেখ্য, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত হ'বলগীয়া উত্তৰ-পূব পৰিষদৰ পূৰ্ণাংগ অধিবেশনত (North East Council meeting in Guwahati) মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব । কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলত ড্ৰাগছ মাফিয়াৰ শৃংখল ভংগ কৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু ডিজিপিসকলৰ সৈতে এখন পৃথক বৈঠকতো সভাপতিত্ব কৰিব (Amit Shah meeting with north eastern CM) ।

নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ (Narcotics Control Bureau) সঞ্চালক প্ৰধান সত্য নাৰায়ণ প্ৰধানো উক্ত বৈঠকত অংশগ্ৰহণৰ বাবে যাব ।

লগতে পঢ়ক :চৰণ পখালি জ্যেষ্ঠজনৰ প্ৰতি সন্মান বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.