ETV Bharat / bharat

মন কী বাত শুনি প্ৰধানমন্ত্ৰীক ধন্যবাদ দিলে বিপ্লৱ কুমাৰ দেৱে - মন কী বাত অনুষ্ঠান

প্ৰধানমন্ত্ৰীৰ মুখত ত্ৰিপুৰাৰ কঠালৰ বিষয়ে শুনি আনন্দিত হৈ পৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ (PM highlights about jackfruits of Tripura)৷ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে কয় যে, উপযুক্ত পদক্ষেপৰ ফলাফল হিচাপে ত্ৰিপুৰাত উপলব্ধ বিভিন্ন সাম্ভাব্য সামগ্ৰী সমূহৰ বাণিজ্যিক চাহিদা বৃদ্ধি পাইছে ৷

Tripura CM thanking PM Modi
মন কী বাত শুনি প্ৰধানমন্ত্ৰীক ধন্যবাদ দিলে বিপ্লৱ কুমাৰ দেৱে
author img

By

Published : Mar 28, 2022, 8:55 AM IST

আগৰতলা, 28 মাৰ্চ: দেওবাৰে মন কী বাত অনুষ্ঠান শুনাৰ পাচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনালে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে (Tripura CM thanking PM Modi)৷ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছিল ত্ৰিপুৰাৰ কঠালৰ বিষয়ে (PM highlights about jackfruits of Tripura)৷ প্ৰধানমন্ত্ৰীৰ মুখত ত্ৰিপুৰাৰ কঠালৰ বিষয়ে শুনি আনন্দিত হৈ পৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ ৷ একাংশৰ সাধাৰণ নাগৰিকৰ সৈতে ধলেশ্বৰৰ স্বামী দয়ালনন্দ বিদ্যানিকেতনত মন কী বাত অনুষ্ঠান শুনে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে কয় যে, মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে (Maan ki Baat) আন্তঃৰাষ্ট্ৰীয় বজালৈ ত্ৰিপুৰাৰ কঠাল ৰপ্তানি কৰাৰ(Jackfruits export from Tripura) প্ৰসংগ উল্লেখ কৰিছে ৷ ইয়াৰোপৰি আন কেইবাটাও বিষয়ৰ মাজত ত্ৰিপুৰাৰ বাঁহেৰে নিৰ্মিত বটলৰ কথাও প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে ৷ উপযুক্ত পদক্ষেপৰ ফলাফল হিচাপে ত্ৰিপুৰাত উপলব্ধ বিভিন্ন সাম্ভাব্য সামগ্ৰী সমূহৰ বাণিজ্যিক চাহিদা বৃদ্ধি পাইছে ৷

ত্ৰিপুৰাৰ কঠালৰ বাণিজ্যিক সম্ভাৱনীয়তা আছে আৰু ই বৰ্তমান ৰাষ্ট্ৰীয় বজাৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰলৈকে চাহিদা লাভ কৰিবলৈ সক্ষম হৈছে ৷ পূৰ্বতে কঠালৰ এই ব্যৱসায়িক সম্ভাৱনীয়তাক আওকাণ কৰা হৈছিল বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

তেওঁ আৰু কয় যে, বৰ্তমান আনাৰস, ইলাচী, নেমু, বাঁহৰ বটল আৰু আন সামগ্ৰী সমূহে আন্তঃৰাষ্ট্ৰীয় বজাৰ লাভ কৰিছে ৷ আনকি ইয়াৰ আগৰ বিভিন্ন যোগাত্মক বিষয়ো মন কী বাতৰ দ্বাৰা ৰাইজৰ মাজত প্ৰচাৰ হৈছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰচাৰৰ বাবেই কঠালৰ চাহিদা বৃদ্ধি পাইছে ৷ কঠাল উৎপাদনকাৰী সকলক আৰু অধিক উৎসাহ যোগোৱাৰ লগতে স্ব-নিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত কৰা হ’ব ৷

লগতে পঢ়ক : গৃহচহৰতে আক্ৰমণৰ বলি হ’ল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.