ETV Bharat / bharat

ৰাজ্যসভাৰ পৰা পদত্যাগ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাৰ

তেওঁ সোমবাৰে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰে (Dr Manik Saha resign from Rajya Sabha) । এতিয়া তেওঁ অহা ৮ জুলাইত বিধায়ক হিচাপে শপত গ্ৰহণ কৰিব (Manik Saha taking oath as MLA on July 8 )।

author img

By

Published : Jul 4, 2022, 7:45 PM IST

a
a

নিউজ ডেস্ক, ৪ জুলাই : ত্ৰিপুৰাত অনুষ্ঠিত শেহতীয়া উপ নিৰ্বাচনত জয়ী হৈছে মুখ্যমন্ত্ৰী ড০ মাণিক সাহা (New Tripura Chief Minister Dr Manik Saha)) । বিপ্লৱ কুমাৰ দেৱক মুখ্যমন্ত্ৰীৰ পৰা হঠাতে আঁতৰাই ৰাজ্যখনৰ শাসকীয় দল বিজেপিয়ে মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়ে ৰাজ্যসভাৰ সাংসদ মাণইক সাহাক । তাৰ পিছত অনুষ্ঠিত উপ নিৰ্বাচনত নতুন মুখ্যমন্ত্ৰী ড০ মাণিক সাহাই ৮-টাউন বৰদোৱালী বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰে (Dr Manik Saha won from 8-Town Bordowali) ।

তাৰ পৰিপ্ৰেক্ষিততে তেওঁ ৰাজ্যসভাৰ সদস্য পদৰ পৰা অব্যাহতি ল'বলগা হয় । যাৰ বাবে তেওঁ সোমবাৰে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰে (Dr Manik Saha resign from Rajya Sabha) । এতিয়া তেওঁ অহা ৮ জুলাইত বিধায়ক হিচাপে শপত গ্ৰহণ কৰিব (Manik Saha taking oath as MLA on July 8)।

উল্লেখ্য, দুদিনীয়া বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ মাণিক সাহাই আজি পুৱা হায়দৰাবাদৰ পৰা গৈ নতুন দিল্লীত উপস্থিত হয় । তাত তেওঁ উচ্চ সদনৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি ভেঙ্কায়া নাইডুক সাক্ষাৎ কৰে । লগতে ৰাজ্যসভাৰ অধ্যক্ষগৰাকীৰ হাতত তেওঁৰ পদত্যাগ পত্ৰ প্ৰদান কৰে (Manik Saha resignation to Venkaya Naidu)।

নিজৰ ফেচবুক একাউণ্টত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, "আজি দিল্লীত মই ৰাজ্যসভাৰ অধ্যক্ষ আৰু উপ-সভাপতি ভেংকায়া নাইডুজীক ৰাজ্যসভাৰ সদস্য হিচাপে মোৰ পদত্যাগ পত্ৰ দাখিল কৰোঁ । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi), ভাৰতীয় জনতা পাৰ্টীৰ (Bharatiya Janata Party) সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডা আৰু সৰ্বভাৰতীয় সাধাৰণ সম্পাদক বি এল সন্তোষকে ধৰি ত্ৰিপুৰাৰ মোৰ দলৰ সহকৰ্মী আৰু বিধায়কসকলৰ প্ৰতি মই সদায় কৃতজ্ঞ থাকিম ।"

উল্লেখ্য, ত্ৰিপুৰা বিধানসভাৰ সদনৰ নেতা হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব ল'বলৈ ড০ সাহাই ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিবলৈ ১৪ দিনৰ সময় পাইছিল ।

লগতে পঢ়ক :ত্ৰিপুৰাৰ ৰাজবংশধৰ প্ৰদ্যুত কিশোৰৰ শিলচৰৰ বানপীড়িতলৈ সাহায্য প্ৰেৰণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.