ETV Bharat / bharat

Manik Saha gift to Sheikh Hasina: শ্বেখ হাছিনালৈ মানিক শ্বাহাৰ আনাৰস উপহাৰ

author img

By

Published : Jul 15, 2022, 8:35 AM IST

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মানিক সাহাৰ গুৰুত্বপূৰ্ণ পদক্ষেপ । চুবৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে আনাৰস(Tripura CM gifted Pineapple to Bangladesh PM) । ১০০ পেকেট কেৱ আনাৰস উপহাৰ দিয়ে সাহাই(100 packets of Kew Pineapple gift) ।

Tripura CM gifted Kew Pineapple to Bangladesh PM
Manik Saha gift to Sheikh Hasina: শ্বেখ হাছিনালৈ মানিক শ্বাহাৰ আনাৰস উপহাৰ

আগৰতলা,১৫ জুলাই: বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনালৈ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাৰ আনাৰস উপহাৰ(Tripura CM gifted Pineapple to Bangladesh PM)। বৃহস্পতিবাৰে পুৱাই ১০০ পেকেট কেৱ আনাৰস উপহাৰ হিচাপে প্ৰেৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে(100 packets of Kew Pineapple gift) । এই উপলক্ষে বৃহস্পতিবাৰে পুৱাৰভাগত উদ্যানশস্য বিভাগ আৰু উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত আখাউৰা সীমান্তৰ আগৰতলা ইণ্টিগ্ৰেটেড চেক পোষ্টৰ চৌহদত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

উক্ত অনুষ্ঠানতে উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সঞ্চালক সুভাষ দাসে আনুষ্ঠানিকভাৱে বাংলাদেশৰ ভাৰতীয় উচ্চআয়োগৰ শীৰ্ষ বিষয়া মনীষ সিঙক আনাৰসৰ পেকেটসমুহ প্ৰদান কৰে । এই বিষয়ত বক্তব্য ৰাখি ত্ৰিপুৰা উদ্যান শস্য বিভাগৰ সহকাৰী সঞ্চালক ড০ দীপক বৈদ্যই সাংবাদিকক জনাই যে এই পদক্ষেপে বাংলাদেশৰ প্ৰতি ৰাজ্যখনৰ সদিচ্ছা আৰু বন্ধুত্বৰ ইংগিত বহন কৰিছে । লগতে তেওঁ উপহাৰটোৰ সন্দৰ্ভত কয় যে ৭৫০ কিলোগ্ৰাম কেৱ প্ৰজাতিৰ আনাৰসৰ ১০০ টা বাকচ পঠোৱা হৈছে । বাকচবোৰত থকা প্ৰতিটো আনাৰসৰ ওজন ১.২৫ কিঃগ্ৰাঃ বুলি জানিব পৰা গৈছে ।

তেওঁ কয় যে এই উপহাৰে দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী কৰিব । ত্ৰিপুৰা চৰকাৰে ২০১৮ চনৰ পৰা আনাৰসৰ প্ৰচাৰৰ বাবে উদ্যোগ লৈছে । ৰাজ্যখনৰ আনাৰস যোৱা বছৰো উপহাৰ হিচাপে বাংলাদেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছিল ।

লগতে পঢ়ক: পঞ্জাবৰ পূৰ্বৰ মুখ্যমন্ত্ৰীৰ ১৪২ কোটি টকীয়া অনিয়মৰ তদন্তৰ নিৰ্দেশ মান চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.