ETV Bharat / bharat

আগৰতলাৰ পৰা বাংলাদেশলৈ বিমান পৰিবহণৰ বাবে আহ্বান ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Nov 11, 2021, 1:34 PM IST

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ বৈঠক অনুষ্ঠিত । ভিডিঅ' কনফাৰেন্সযোগে অনুষ্ঠিত বৈঠকত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী দেৱে আগৰতলাৰ পৰা বাংলাদেশলৈ আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায় ।

Tripura CM demands directed flight from Agartala to Bangladesh
আগৰতলাৰ পৰা বাংলাদেশলৈ বিমান পৰিবহণৰ বাবে আহ্বান ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, ১১ নৱেম্বৰ : ত্ৰিপুৰাৰ আগৰতলাৰ পৰা বাংলাদেশলৈ আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণৰ আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াক আহ্বান জনালে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে । বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে এখন বৈঠকত মিলিত হয় ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ ।

এই বৈঠকতে পোনপটীয়াকৈ আগৰতলাৰ পৰা বাংলাদেশলৈ বিমান চলাচল কৰিবলৈ আহ্বান জনায় ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । ভাৰ্চুৱেল বৈঠকখনত ৰাজ্যখনৰ মুখ্য সচিব কুমাৰ আলোক আৰু পৰিবহণ বিভাগৰ মুখ্য সচিব শ্ৰীৰাম তৰুণিকান্তেও অংশ লয় ।

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীগৰাকীক বিপ্লৱ কুমাৰ দেৱে ৰাজ্যখনৰ বিমান পৰিবহণ সম্পৰ্কীয় কেইবাটাও বিষয় অৱগত কৰায় । এই বৈঠকত ত্ৰিপুৰাৰ উনাকোটি জিলাৰ কৈলাশহৰ বিমানবন্দৰত বিমান পৰিবহণ আৰম্ভ কৰাৰ বিষয়টো বিশেষভাৱে আলোচনা কৰা হয় ।

বৈঠকখনত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক খোৱাই, কমলপুৰ আৰু কৈলাশহৰ বিমানবন্দৰৰ বৰ্তমানৰ অৱস্থাৰ বিষয়েও জনায় । এই বিমানবন্দৰসমূহৰ তত্বাৱধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াক আহ্বান জনায় ।

বৈঠকত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে, ত্ৰিপুৰাক আকৰ্ষণীয় পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ উপৰিও ৰাজ্যখনৰ দূৰ্গম পৰ্যটনস্থলীসমূহক পৰ্যটকৰ বাবে অধিক আকৰ্ষণীয় কৰি তুলিবলৈ পৰ্যটনস্থলীসমূহত হেলিপেড নিৰ্মাণৰ বাবে পদক্ষেপ লোৱা হৈছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, হেলিপেড নিৰ্মাণৰ বাবে পাঁচখন পৰ্যটনস্থলীক বাছনি হৈছে । বৈঠকত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আগৰতলা-চিটাগং আৰু আগৰতলা-ঢাকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ আহ্বান জনায় ।

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ত্ৰিপুৰাকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বিমান পৰিবহণ ব্যৱস্থা অধিক উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ আগ্ৰহ প্ৰকাশ কৰে ।

লগতে পঢ়ক: ত্ৰিপুৰাত ডেংগীত আক্ৰান্ত 255 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.