নেশ্যনেল ডেস্ক,11অক্টোবৰ: ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড৹ মানিক সাহাই চলিত ৯ অক্টোবৰৰ দিনা কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰে এক বিশেষ আবেদন (Tripura CM Manik Saha) ৷ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ চটগং বন্দৰৰ সৈতে ত্ৰিপুৰা সংযোগী ফেনী নদীৰ ওপৰত থকা মৈত্ৰী দলংখন কাৰ্যক্ষম কৰাৰ বাবে সকলো সুবিধা সম্পূৰ্ণ কৰিবলৈ বাংলাদেশ চৰকাৰৰ প্ৰতি অনুৰোধ জনায় মানিক সাহাই । উত্তৰ-পূব পৰিষদৰ পূৰ্ণাংগ অধিবেশনৰ বৈঠকৰ সময়ত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে উল্লেখ কৰে যে, দেশৰ (PM Narendra Modi) কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা কেন্দ্ৰীয় চৰকাৰক উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখলৈ আনিবলৈ সক্ষম হৈছে বুলি প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসাৰে উপচাই পেলায় ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।
উত্তৰ-পূৰ্বাঞ্চলৰ শান্তি আৰু উন্নয়নৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অটল দায়বদ্ধতাই যোৱা ৮ বছৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে । সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস(Sabka Saath, Sabka Vikas, Sabka Viswas and Sabka Prayas) কাৰ্যসূচী উত্তৰ-পূৰ্বাঞ্চলত সফলভাৱে ৰূপায়িত কৰা পৰিলক্ষিত হৈছে বুলি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে তাৰে উন্নয়নৰ ৰেঙণি দেখিবলৈ পোৱা গৈছে বুলি কেন্দ্ৰীয় চৰকাৰখনৰ কাৰ্যক্ৰমণিকাৰ শলাগ লয় ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী তথা ন বিজেপি নেতাগৰাকীয়ে ৷
কেন্দ্ৰীয় গৃহমন্ত্ৰী, এন ই চিৰ অধ্যক্ষ অমিত শ্বাহৰ(Union home minister Amit Shah) প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি শ্বাহে অঞ্চলটোত শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে উন্নয়ন প্ৰক্ৰিয়া ত্বৰান্বিত কৰি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে বুলি কয় । সভাত মুখ্যমন্ত্ৰীয়ে লগতে কয় যে শেহতীয়াকৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত হোৱা দ্বিপাক্ষিক বৈঠকত, ত্ৰিপুৰাৰ মাজেৰে বেপাৰ-বাণিজ্য সন্দৰ্ভত আলোচনা কৰা হৈছিল ।
ভাৰতীয় পক্ষই বন্দৰ নিষেধাজ্ঞা অবিহনে অন্ততঃ এটা ডাঙৰ স্থলবন্দৰ, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ সীমান্তত, আইচিপি আগৰতলা-আখাউৰাৰ পৰা আৰম্ভ কৰিবলৈ পুনৰ অনুৰোধ জনায় । ইয়াৰ উপৰিও ত্ৰিপুৰাক চটগং বন্দৰৰ সৈতে সংযোগ কৰা ফেনী নদীৰ ওপৰত থকা মৈত্ৰী দলংখন কাৰ্যক্ষম কৰাৰ বাবে বাংলাদেশ চৰকাৰক সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়াবলৈ অনুৰোধ কৰিব বুলিও উল্লেখ কৰে ড৹ মানিক সাহাই । মুহুৰিঘাট আৰু মানঘাটত সংহত নিৰ্মীয়মাণ প্ৰকল্পৰ বাবে বাংলাদেশ চৰকাৰৰ লগতে ভাৰত চৰকাৰৰো কোনো আপত্তি নোহোৱাৰ পোষকতা কৰে ড৹ সাহাই । আৰম্ভণিৰ পৰা গন্তব্যস্থানলৈকে বাংলাদেশ আৰু ভাৰতৰ ব্যৱসায়ীসকলৰ বাবে সামগ্ৰীৰ চলাচলৰ অনুমতি দিয়াৰ বাবে বিশেয দাবীও আছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।
ড৹ সাহাই লগতে কয় যে ত্ৰিপুৰাই প্ৰতি বছৰে ৫ লাখতকৈ অধিক দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰে, যাৰ বাবে ত্ৰিপুৰাত পৰ্যটন নীতি ২০২০-২৫ৰ শোভাৰম্ভ কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ(Pradhan Mantri Swasthya Suraksha Yojna) অধীনত দেশৰ প্ৰতিখন ৰাজ্যতে এখনকৈ এইমছ স্থাপনৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে । এয়াও ৰাজ্য চৰকাৰৰ ভিজন ডকুমেণ্টৰ অন্যতম এজেণ্ডা(Vision Document of the State Government)। ত্ৰিপুৰাৰ জনসাধাৰণৰ এই দীৰ্ঘদিনীয়া সপোন পূৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনোৱা হ’ব বুলিও ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ সাহাই চাহ ব’ৰ্ড, কফি ব’ৰ্ড, ৰবৰ ব’ৰ্ডৰ দৰে বিভিন্ন পণ্য ব’ৰ্ডৰ আৰ্হিত আগৰতলাত মুখ্য কাৰ্যালয় স্থাপন কৰি সাঁচিবোৰ্ড স্থাপনৰ বাবেও দাবী জনায় ৷
তদুপৰি মুখ্যমন্ত্ৰীয়ে বিমান সংযোগ, দাবী পূৰণৰ বাবে অতিৰিক্ত গেছৰ আবণ্টন বৃদ্ধি কৰা আদিৰ লগতে বিভিন্ন বিষয়ত মতামত ব্যক্ত কৰে ৷
লগতে পঢ়ক: ৰাজনৈতিক নেতাৰ অপৰাধ ৱেবছাইটত প্ৰকাশৰ আবেদন খাৰিজ ছুপ্ৰিম কোৰ্টৰ