আগৰতলা, ২৮ নৱেম্বৰ : অব্যাহত আছে ত্ৰিপুৰাৰ পৌৰ নিগম নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া (Tripura civic bodies election vote counting)। পুৱা ৮ বজাৰ পৰাই চলি আছে ভোট গণনা । শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, ১৪ খন নগৰীয়া সংস্থাৰ ভিতৰত ১২ খনতে শাসকীয় দল বিজেপি আগবাঢ়ি আছে ।
বিজেপিয়ে ধৰ্মনগৰ পৌৰ পৰিষদ, পানীসাগৰ পৌৰ পৰিষদ, কুমাৰঘাট পৌৰ পৰিষদ, আম্বাচা পৌৰ পৰিষদ, খোৱাই পৌৰ পৰিষদ, তেলিয়ামুৰা পৌৰ পৰিষদ, মেলাঘৰ নগৰ পঞ্চায়ত, সোনামুৰা নগৰ পঞ্চায়ত, অমৰপুৰ নগৰ পঞ্চায়ত, চাব্ৰুম পৌৰ পৰিষদ আৰু জিৰানিয়া নগৰ পঞ্চায়তত সম্প্ৰতি আগবাঢ়ি আছে । আনহাতে আগৰতলা পৌৰ নিগমৰ সকলো ৱাৰ্ডতে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ (TMC) দ্বিতীয় স্থানত আগবাঢ়ি আছে ।
দুপৰীয়া ১২ বজালৈ গণনাৰ প্ৰতিবেদন অনুসৰি আগৰতলা পৌৰ নিগমৰ সকলো ৱাৰ্ডত বিজেপিয়ে সৰ্বাধিক ৫৮,৮২১ টা ভোটৰ সৈতে আগবাঢ়ি আছে । তৃণমূল কংগ্ৰেছে এতিয়ালৈ লাভ কৰিছে ২২,২৯৫ ভোট আৰু ১৫,৯৬০ টা ভোটৰ সৈতে তৃতীয় স্থানত আছে চিপিআই(এম) ।
উল্লেখ্য যে, ২৫ নৱেম্বৰত মুঠ ৩৩৪ খন আসনৰ ভিতৰত ২২২ খন আসনত পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল । বাকী ১১২ খন আসন বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল ।
লগতে পঢ়ক : Tripura municipal election result : আৰম্ভ পৌৰ নিগম নিৰ্বাচনৰ ভোট গণনা