ETV Bharat / bharat

২০২১-২২ৰ বাজেটক লৈ অসন্তুষ্ট CITU: ত্ৰিপুৰাত প্ৰতিবাদ - ত্ৰিপুৰাত প্ৰতিবাদ

২০২১-২২ ৰ বাজেটক লৈ ত্ৰিপুৰাৰ আগৰতলাত ত্ৰিপুৰা CITUৰ ৰেলী প্ৰদৰ্শন । কেন্দ্ৰীয় চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা শ্ৰমিক ক'ডক লৈ চি পি এম বাণিজ্যিক সংঘইও কেন্দ্ৰীয় চৰকাৰক সমালোচনা ।

ত্ৰিপুৰাত প্ৰতিবাদ
ত্ৰিপুৰাত প্ৰতিবাদ
author img

By

Published : Feb 4, 2021, 12:12 PM IST

নিউজ ডেস্ক, ৪ ফেব্ৰুৱাৰী: ২০২১-২২ৰ বাজেটক লৈ অসন্তুষ্ট ভাৰতীয় বাণিজ্যিক সংঘ চমুকৈ CITU । ইয়াকে লৈ বুধবাৰে ত্ৰিপুৰাৰ আগৰতলাত ত্ৰিপুৰা CITUয়ে এক ৰেলী প্ৰদৰ্শন কৰে । কেন্দ্ৰীয় চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা শ্ৰমিক ক'ডক লৈ চি পি এম বাণিজ্যিক সংঘইও কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে । শ্ৰমিকসকলৰ বিৰুদ্ধে কেন্দ্ৰই ইয়াক নতুনকৈ প্ৰৱৰ্তন কৰিছে বুলি কয় সংগঠনটোৱে । বুধবাৰে CITUৰ মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই ৰেলীত শ শ লোকে অংশগ্ৰহণ কৰে ।

এই সন্দৰ্ভত CITU নেতা আৰু প্ৰাক্তন সাংসদ শংকৰ প্ৰসাদ দত্তই এই বছৰৰ বাজেট সম্পূৰ্ণৰূপে শ্ৰমিকসকলৰ বিৰুদ্ধে দাখিল কৰা হৈছে বুলি কয় । কিন্তু এই চৰকাৰখনে পুঁজি আৱণ্টন বৃদ্ধি কৰাৰ বাবে তেওঁলোকৰ সকলো বিলাক ৰণনীতি এক কৌশলপূৰ্ণভাৱে ৰাখিছে যাতে দেশবাসীৰ মনত পুঁজি আৱণ্টন বৃদ্ধি কৰাৰ এক ভ্ৰান্ত ধাৰণা জাগি উঠে ।

ইফালে স্বাস্থ্য খণ্ডত ১৩৭ শতাংশ ব্যয় বৃদ্ধিৰে ব্যাপক প্ৰচাৰ চলাইছে বুলি কয় দত্তই । সঠিকভাৱে ইয়াক চাবলৈ গ'লে ছয় বছৰৰ বাবে এই ব্যয়ৰ আৱন্টন কৰা হৈছে । ইয়াৰ অৰ্থ এইটোৱে যে,বিগত বৰ্ষত স্বাস্থ্য খণ্ডৰ বাবে ৬৭,০০০ কোটিতকৈ সামান্য পৰিমাণৰ পুঁজি আৱন্টন কৰিছিল কেন্দ্ৰ চৰকাৰে । বৰ্তমানৰ সংখ্যা ৬ ৰে বিভক্ত কৰিলে এবছৰৰ বাবে ১০,০০০ কোটি টকা হয় আৰু কৰ'ণা টীকাকৰণৰ বাবে ৩৫,০০০ কোটি টকা পুঁজি আৱন্টন কৰিলে কেৱল ৪২,০০০ কোটি টকা বাকী থাকিব বুলিও এইদৰে কয় দত্তই ।

ইয়াৰোপৰি,আই চি ডি এছ,এম জি এনৰেগা,মধ্যাহ্ন ভোজন আৰু জনসাধাৰণৰ বাবে গুৰুত্বপূৰ্ণ খণ্ডসমূহত পুঁজি আৱন্টন হ্ৰাস কৰাৰ বাবে কেন্দ্ৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে দত্তই । চৰকাৰে বিনিয়োগ নকৰাকৈ ১,৭৫,০০০ টকা আয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । CITUয়ে চৰকাৰৰ এনে কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱাৰ লগতে শ্ৰমিক কোড বাতিলৰ দাবী জনাব বুলি কয় নেতাগৰাকীয়ে ।

ইফালে বিদ্যুৎ বিলৰ আধাৰত ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক ব্যক্তিগত পুঁজিপতি বনিয়াৰ হাতত বিক্ৰী কৰি দিয়া সিদ্ধান্তৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মীসকলেও আগৰতলাত পৃথকে প্ৰতিবাদ সাব্যস্ত কৰে ।

PLEASE CHANGE THUMBNAIL IMAGE

লগতে পঢ়ক: ম্যানমাৰত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে ভাৰত চৰকাৰৰ হস্তক্ষেপ দাবী নেচোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.