ETV Bharat / bharat

পশ্চিমবংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী: প্ৰশ্ন উত্থাপন বিপ্লৱ কুমাৰ দেৱৰ - মুখ্যমন্ত্ৰী পদ

বিধানসভা নিৰ্বাচনত নন্দীগ্ৰাম সমষ্টিত শুভেন্দু অধিকাৰীৰ হাতত মমতা বেনাৰ্জী পৰাজিত হোৱাৰ পিছতে পশ্চিমবংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদক লৈ কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে । তেওঁ কয় যে, তৃণমূল কংগ্ৰেছৰ দলক কোনে নেতৃত্ব দিব তাক লৈ তেওঁৰ মন্তব্য কৰাৰ অধিকাৰ নাই । মমতা বেনাৰ্জীৰ পৰিৱৰ্তে তেওঁক যদি ৰাইজে এনেদৰে প্ৰত্যাখ্যান কৰিলেহেঁতেন, তেন্তে তেওঁ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পৰা নিজেই বিৰত থাকিলহেঁতেন । লগতে পশ্চিমবংগত সংঘটিত হোৱা নিৰ্বাচনকেন্দ্ৰীক হিংসাত্মক ঘটনাৰ গৰিহণা দিয়ে ।

Tripura Chief Minister on Mamata Banerjee
মমতা বেনাৰ্জীক সমালোচনা বিপ্লৱ কুমাৰ দেৱৰ
author img

By

Published : May 5, 2021, 3:23 PM IST

নেশ্যনেল ডেস্ক,৫ মে': পশ্চিমবংগৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছ প্ৰধান মমতা বেনাৰ্জীয়ে শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত নন্দীগ্ৰাম সমষ্টিত বিজেপি প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয়বৰণ কৰিবলগীয়া হয় । এতিয়া মমতা বেনাৰ্জীয়ে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ।

মমতা বেনাৰ্জীক সমালোচনা বিপ্লৱ কুমাৰ দেৱৰ

তেওঁৰ মতে, তৃণমূল কংগ্ৰেছ এটা পৃথক দল আৰু তেওঁলোকৰ নিজৰ নেতা বাচনি কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে । কিন্তু মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকীক নিৰ্বাচনত ৰাইজে প্ৰত্যাখ্যান কৰাৰ পিছতো এতিয়াও তেওঁ মুখ্যমন্ত্ৰীৰ আসনৰ আশা এৰা নাই । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সেয়ে মমতা বেনাৰ্জীৰ নৈতিক মূল্যবোধৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে । তেওঁ কয় যে, মমতা বেনাৰ্জীয়ে বুজি পোৱা উচিত যে ৰাইজে তেওঁক এতিয়া নিবিচাৰে । তেওঁৰ নেতৃত্বত ৰাজ্য চলাতো বিচৰা নাই ।

নিজৰ কথা উল্লেখ কৰি বিপ্লৱ কুমাৰ দেৱে কয় যে, যদি তেওঁৰ ক্ষেত্ৰত এনে ঘটনা সংঘটিত হ'লহেঁতেন, তেন্তে তেওঁ দলৰ হাই কামাণ্ডৰ ওচৰত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ পৰা বিৰত থকাৰ ইচ্ছা ব্যক্ত কৰিলেহেঁতেন । আনহাতে, বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰদৰ্শন আৰু নিৰ্বাচনত ভোটৰ হাৰ যথেষ্ট বৃদ্ধিৰ বাবে প্ৰশংসা কৰি তেওঁ কয় যে, বিজেপিয়ে সকলো ৰাজ্যতে নিজৰ স্থিতি উন্নত হোৱাৰ প্ৰমাণ দিছে ।

অসমত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে । কেৰালাত ভোটৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে । পুডুচেৰীতো এনডিএ-ৰ বিজয় ধ্বজ্জা উৰিছে । পশ্চিমবংগত বিজেপিৰ আসনৰ সংখ্যা তিনিখনৰ পৰা ৭৭ খনলৈ বৃদ্ধি পাইছে । তামিলনাডুত বিজেপিয়ে চাৰিখন আসন লাভ কৰিছে । আনহাতে, নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত পশ্চিমবংগত সংঘটিত হোৱা হিংসাত্মক ঘটনাক গৰিহণা দি বিপ্লৱ কুমাৰ দেৱে কয় যে, অসমত বিজেপিয়ে শাসন কৰি আছে ।

নিৰ্বাচনৰ সময়ত অসমতো পশ্চিমবংগৰ দৰে ঘটনা সংঘটিত হোৱা নাই । আনকি ত্ৰিপুৰা তেওঁলোক ক্ষমতালৈ অহাৰ সময়তো নিৰ্বাচনী হিংসাই আশ্ৰয় পোৱা নাছিল । তেওঁ কয় যে,পশ্চিমবংগত এতিয়ালৈকে ছয়জন বিজেপি কৰ্মীক হত্যা কৰা হৈছে । মহিলাৰ উৎপীড়নৰ ঘটনাও বৃদ্ধি পাইছে । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, মমতা বেনাৰ্জীয়ে তেওঁৰ দায়িত্ব পাহৰা উচিত নহয় ।

দেৱে লগতে কয় যে, পশ্চিমবংগৰ জনসাধাৰণে বিজেপিক প্ৰদান কৰা বিৰোধীৰ ভূমিকাক তেওঁৰ দলে সন্মান জনাইছে ৷ তেওঁ বিশ্বাস কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত পশ্চিমবংগত বিজেপিয়ে "বিৰোধী"ৰ ভূমিকা পালন কৰিব । তেওঁ লগতে কয় যে, পশ্চিমবংগৰ হিংসাত্মক ঘটনাৰ বিৰোধিতাৰে ত্ৰিপুৰাত ৰাজ্যিক বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰিব ।

ক'ভিড-১৯ প্ৰট'কল মানি ২০ জন দলীয় কৰ্মীয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰিব । ইয়াৰ উপৰিও, বুধবাৰে ঘৰে ঘৰে মমবাতি জ্বলাই হিংসাত্মক ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰিব । আনহাতে, ত্ৰিপুৰাৰ ৰাজনীতিত তৃণমূলৰ প্ৰৱেশৰ সম্ভাৱনা সন্দৰ্ভত তেওঁ কয় যে, ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ প্ৰৱেশৰ কোনো সম্ভাৱনা নাই ।

লগতে পঢ়ক: উত্তৰ কাশ্মীৰৰ স’পৰ অঞ্চল সংঘৰ্ষত দুজন উগ্ৰপন্থী নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.