ETV Bharat / bharat

বাজেটত স্পষ্ট চৰকাৰৰ দুৰ্বল বিত্তীয় ব্যৱস্থাপনা: মাণিক সৰকাৰ

author img

By

Published : Mar 24, 2021, 6:56 PM IST

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলৰ নেতা মাণিক সৰকাৰে বুধবাৰে অভিযোগ কৰে যে "দুৰ্বল বিত্তীয় ব্যৱস্থাপনা" ৰ বাবে ত্ৰিপুৰা চৰকাৰে এক অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈ আছে ৷ চৰকাৰৰ বিত্তীয় স্থিৰতা পুনৰুদ্ধাৰৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ বিচাৰিবলৈ আহ্বান । চৰকাৰক নীতি আয়োগ বা ভাৰত চৰকাৰৰ পৰা বিত্তীয় দক্ষতা আৰু ৰাজ্যক বিত্তীয় বেয়া পৰ্যায় পৰিচালনা কৰাত সহায় কৰিবলৈ পৰামৰ্শ দিয়ে মাণিক সৰকাৰে ।

বাজেটত স্পষ্ট চৰকাৰৰ দুৰ্বল বিত্তীয় ব্যৱস্থাপনা : মানিক সৰকাৰ

নেশ্যনেল ডেস্ক,২৪ মাৰ্চ: ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলৰ নেতা মাণিক সৰকাৰে বুধবাৰে অভিযোগ কৰে যে "দুৰ্বল বিত্তীয় ব্যৱস্থাপনা" ৰ বাবে ত্ৰিপুৰা চৰকাৰে এক অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈ আছে আৰু চৰকাৰক বিত্তীয় স্থিৰতা পুনৰুদ্ধাৰৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ বিচাৰিবলৈ আহ্বান জনায় । চৰকাৰক নীতি আয়োগ বা ভাৰত চৰকাৰৰ পৰা বিত্তীয় দক্ষতা আৰু ৰাজ্যক বিত্তীয়ৰ দুৰ্বল পৰ্যায় পৰিচালনা কৰাত সহায় কৰিবলৈ পৰামৰ্শ দিয়ে সৰকাৰে ।

চৰকাৰে বাজেট উপস্থাপনৰ সময়ত ঋণৰ ওপৰত ভৰষা কৰা কথাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে মাণিক সৰকাৰে । সৰকাৰে তেওঁৰ বিষয়বোৰ ন্যায় সংগত কৰিবলৈ কেইবাটাও সংগঠনে উপস্থাপন কৰা সাম্ভাব্য জিডিপি বিকাশৰ পৰিসংখ্যাৰ কথা উল্লেখ কৰি কয় যে মানুহৰ ক্ৰয় ক্ষমতা বৃদ্ধি কৰাৰ চেষ্টা চৰকাৰে কৰিব লাগিব ।

চৰকাৰে কোনো বৃহৎ নিয়োগ অভিযান গ্ৰহণ নকৰাৰ অভিযোগ তোলে মাণিক সৰকাৰে । তেওঁৰ মতে ১০,৩২৩ গৰাকী শিক্ষকৰ উপৰিও এই চৰকাৰ ক্ষমতালৈ অহাৰ পিছত বহুতো আঁচনিভিত্তিক কৰ্মচাৰীয়েও চাকৰি হেৰুৱাইছে । সেয়েহে, অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা চৰকাৰে বৃহৎ পৰিমাণৰ ধন সংৰক্ষণ কৰিছে । চৰকাৰে ক'ভিড মহামাৰীৰ সময়ত বহু আঁচনিৰ কাম বন্ধ কৰিও ধন ৰাহি কৰিছে ।

অতি শীঘ্ৰে ৰাজ্যৰ খালী পদবোৰ পূৰণৰ বাবেও মাণিক সৰকাৰে আহ্বান জনায় । তেওঁৰ মতে, কৃষি আৰু সহযোগী খণ্ডক গুৰুত্ব আৰু বিনিয়োগ প্ৰদান কৰি দৰিদ্ৰ লোকসকলৰ হাতত ধন সংৰক্ষণৰ ক্ষমতা বৃদ্ধি কৰিব লাগিব চৰকাৰে ।

লগতে পঢ়ক: কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে মিজোৰামত জোৰোৰ প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.