গুৱাহাটী,২ অক্টোবৰ : দুৰ্গা পূজাৰ প্ৰাকক্ষণত অসমবাসীৰ বাবে ভাল খবৰ । এবিধ-দুবিধ নহয় অসমৰ আঠবিধকৈ সামগ্ৰীয়ে লাভ কৰিলে জি আই টেগ (GI TAG) । জিঅ'গ্রাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীয়ে অসমৰ আঠবিধকৈ সামগ্ৰীক প্ৰদান কৰে জি আই টেগ । অসমৰ, বিশেষকৈ বড়োসকলৰ আঠবিধ নতুন সামগ্ৰীয়ে লাভ কৰিলে জি আই টেগ । বড়ো জনগোষ্ঠীৰ এই আঠবিধ সামগ্ৰীৰ ভিতৰত আছে পৰম্পৰাগত খাদ্য, সামগ্ৰী আৰু বিভিন্ন প্ৰকাৰৰ থলুৱা পানীয় ।
বড়োসকলৰ পৰম্পৰাগত আৰ'নাইলৈ জি আই টেগৰ স্বীকৃতি ।

সেইদৰে জি আই টেগ লাভ কৰিছে কেইবাবিধো জনগোষ্ঠীয় খাদ্য আৰু পানীয়ই । বড়োসকলৰ কেইবাবিধো পৰম্পৰাগত পানীয়লৈ জি আই টেগৰ স্বীকৃতি । বড়ো জৌ গৈৰান, মাইব্ৰা জৌ বিদৈ আৰু বড়ো জৌ গিচিলৈ জি আই টেগ ।
আনহাতে শুকান মাছৰ পৰা প্ৰস্তুত কৰা খাদ্য বড়ো নাফামলৈয়ো জি আই টেগৰ স্বীকৃতি ।

ভৌগোলিক সূচাংক তালিকাত অন্তৰ্ভুক্ত বড়োসকলৰ পৰম্পৰাগত খাদ্য অনলা । বড়োসকলৰ পৰম্পৰাগত খাদ্য বড়ো গৌখা আৰু বড়ো নাজিলৈয়ো জি আই টেগৰ স্বীকৃতি প্ৰদান ।

স্বাভৱিকতে দুৰ্গা পূজাৰ প্ৰাকক্ষণত এই স্বীকৃতিয়ে অসমবাসীৰ লগতে সমগ্ৰ বড়ো জনগোষ্ঠীক গৌৰৱাম্বিত কৰিছে । লক্ষণীয় বিষয় যে বিগত সময়ত বিহুৰ পূৰ্বে অসমৰ পৰম্পৰাগত ১২ বিধকৈ সামগ্ৰীয়ে জি আই টেগৰ স্বীকৃতি লাভ কৰিছিল ।

উল্লেখ্য, বিভিন্ন জাতি-জনগোষ্ঠীৰ চহকী কলা-সংস্কৃতি তথা পৰম্পৰাৰে মহিমামণ্ডিত অসমৰ স্বকীয় বৈশিষ্ট্যই সদায়ে দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰি আহিছে । অসমৰ এই স্বকীয়তাক বৰ্তাই ৰখাৰ বাবে সময়ে সময়ে অসমৰ বিভিন্ন সামগ্ৰীক জিঅ'গ্রাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীয়ে জি আই টেগ প্ৰদান কৰি আহিছে । ইয়াৰ পূৰ্বে অসমৰ মুগা সূতা, অর্থডক্স চাহ, অসম মুগা ছিল্কৰ ল'গ', কাৰ্বি আংলঙৰ আদা, তেজপুৰৰ লিচু, জহা চাউল, কোমল চাউল নাইবা বোকা চাউল, কাজিনেমু, চকুৱা চাউল, ডিমাচাৰ পানীয় জুডিমা আৰু অসমীয়া গামোচাই জি আই টেগ লাভ কৰিছিল ।

লগতে পঢ়ক: জি আই টেগ লাভ কৰা তেজপুৰৰ লিচুৰ সোৱাদ আপুনি বাৰু লৈছে নে ? - Tezpur Litchi Story
লক্ষণীয় বিষয় যে জি আই টেগে কোনো সামগ্ৰীৰ উৎপত্তিৰ প্রমাণিকৰণেই নহয় ইয়াৰ সাংস্কৃতিক আৰু ঐতিহাসিক সত্ত্বাকো সামৰি লয় । জি আই টেগে বৌদ্ধিক সম্পত্তিৰ অধিকাৰ হিচাপে কাম কৰে আৰু যিয়ে কোনো সামগ্ৰীৰ ভৌগোলিক উৎপত্তিক বুজায় । এই স্বীকৃতি এটা নিৰ্দিষ্ট অঞ্চলৰ পৰিচয়ৰ সৈতে ঘনিষ্ঠভাৱে জড়িত সামগ্রী যেনে কৃষিজাত সামগ্ৰী, হস্তশিল্প আৰু ঔদ্যোগিক সামগ্ৰীৰ সুনাম আৰু বজাৰ মূল্য সুৰক্ষিত কৰাত অতি গুৰুত্বপূর্ণ ।

জি আই টেগৰ অন্যতম প্রধান উদ্দেশ্য হৈছে উৎপাদন আৰু কাৰুকাৰ্যৰ পৰম্পৰাগত পদ্ধতি সংৰক্ষণ কৰা । জি আই টেগ লাভ কৰা সামগ্ৰীয়ে কেৱল নিজৰ প্ৰামাণিক সোৱাদ, টেক্সচাৰ আৰু ডিজাইন বজাই ৰখাই নহয় সাংস্কৃতিক ঐতিহ্যৰ ৰক্ষক হিচাপেও কাম কৰে । জি আই টেগে গুণগত নিশ্চয়তাৰ এটা চিহ্ন হিচাপে কাম কৰে । যিয়ে সংকেত দিয়ে যে এটা সামগ্ৰীয়ে নির্দিষ্ট মানদণ্ড পূৰণ কৰে আৰু এটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চলৰ পৰা উৎপত্তি হয় । এই নিশ্চয়তাই গ্ৰাহকৰ মাজত আস্থা জগাই তোলে আৰু যাৰ ফলত জি আই টেগ লাভ কৰা সামগ্ৰীৰ চাহিদা আৰু বজাৰ মূল্য বৃদ্ধি পায় ।