ETV Bharat / entertainment

ঝুমুইৰ সুৰীয়া গীত আগবঢ়াই ৰাইজলৈ কি অনুৰোধ বিপিন চাউদাঙৰ ? - Bipin Chawdang jhumur Goiraam

author img

By ETV Bharat Entertainment Team

Published : 2 hours ago

Bipin Chawdang new song: দুৰ্গা পূজাৰ প্ৰাকক্ষণত অসমবাসী ৰাইজক নতুন উপহাৰ শিল্পী বিপিন চাউদাঙৰ ৷ মুকলি কৰিলে তেওঁৰ নতুন গীত-

musical artist Bipin Chawdang releases his new jhumur song titled Goiraam
নতুন গীত মুকলি (ETV Bharat Assam)

চিটাৰা ডেস্ক, 2 অক্টোবৰ : দুৰ্গা পূজালৈ মাজত মাত্ৰ দুটামান দিন বাকী । সকলোতে এতিয়া মাক আদৰাৰ প্ৰস্তুতি ৷ দুৰ্গা পূজাক লৈ ৰাজ্যজুৰি ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । আটকধুনীয়া পূজা মণ্ডপ নিৰ্মাণ কৰি ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু হৈছে পূজা সমিতিসমূহ ।

দুৰ্গা পূজাৰ প্ৰাকক্ষণত অসমবাসী ৰাইজলৈ বুলি এটি গীত উপহাৰ হিচাপে আগবঢ়াইছে শিল্পী বিপিন চাউদাঙে ৷ দুৰ্গা পূজাৰ সময়তে ৰাইজে উপভোগ কৰিব পৰাকৈ জনপ্ৰিয় শিল্পী বিপিন চাউদাঙে মুক্তি দিয়ে ‘গইৰাম’ শীৰ্ষক এটি ঝুমুইৰ সুৰীয়া আধুনিক গীত ৷ শিল্পীগৰাকীৰ নিজা বাসগৃহত মঙলবাৰে সন্ধিয়া মুক্তি দিয়া হয় গীতটো ৷

ঝুমুইৰ সুৰীয়া গীত আগবঢ়াই ৰাইজলৈ কি অনুৰোধ বিপিন চাউদাঙৰ ? (ETV Bharat Assam)

গীতটোত কণ্ঠ নিগৰাইছে শিল্পী বিপিন চাউদাঙে । গীতটোৰ কথা-সুৰ বলোৰাম ঘাটোৱাৰ আৰু অবিনাশ পাটনায়কৰ । সংগীত ব্যৱস্থাপনা কৰিছে ৰিতু শইকীয়াই । শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ । গীতটোৰ অডিঅ’ আৰু ভিডিঅ’ একেলগে মুক্তি দিয়া হয় ৷ শিল্পী বিপিন চাউদাঙে পূজাৰ বতৰত গীতটি ৰাইজে ভাল পাব বুলি আশা প্ৰকাশ কৰিছে ।

ঝুমুইৰ সুৰীয়া আধুনিক গীতটোৰ শিৰোনাম ‘গইৰাম’

শিল্পী বিপিন চাউদাঙৰ ভাষ্য, “সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছো । আগন্তুক পূজাৰ প্ৰাকক্ষণত ঝুমুইৰ সুৰীয়া আধুনিক গীতটি ৰাইজলৈ আগবঢ়াই দিছো । আগতে কেৱল এটাই ঝুমুইৰ গীত গাইছো । এই গীতটো বহু আশাৰে ৰাইজৰ মাজলৈ আগবঢ়াই দিছো । পূজাৰ বতৰত ৰাইজে ভাল পাব গীতটো ৷”

লগতে পঢ়ক : অসম আৰক্ষী দিৱস উপলক্ষে অসম আৰক্ষীলৈ উপহাৰ কণ্ঠশিল্পী ময়ূৰী দত্তৰ - Singer Mayuri Dutta songs

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.