ETV Bharat / bharat

ত্ৰিপুৰাত পোহৰলৈ আহিছে ব্লেক ফাংগাছৰ প্ৰথমটো ঘটনা - MINISTER RATANLAL NATH

অসমৰ পিছত এইবাৰ ত্ৰিপুৰাত ধৰা পৰিছে ব্লেক ফাংগাছত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী । এগৰাকী ৬৮ বছৰীয়া মহিলাক এই ৰোগত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে । মহিলাগৰাকী এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

Tripura black fungus
ত্ৰিপুৰাত ব্লেক ফাংগাছৰ প্ৰথমটো ঘটনা
author img

By

Published : May 22, 2021, 2:21 PM IST

নেশ্যনেল ডেস্ক, ২২মে' : কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ মাজতে ত্ৰিপুৰাত প্ৰথমটো ব্লেক ফাংগাছৰ ঘটনা । অসমৰ পিছত এইবাৰ ত্ৰিপুৰাত ব্লেক ফাংগাছত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী ধৰা পৰিছে । সচিবালয়ত এক সংবাদমেলত ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ৰতনলাল নাথে ব্লেক ফাংগাছ সংক্ৰমণৰ কথা নিশ্চিত কৰে । মন্ত্ৰীগৰাকীয়ে জনোৱা মতে এগৰাকী ৬৮ বছৰীয়া মহিলাক এই ৰোগত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে । মহিলাগৰাকী এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলিও জনালে মন্ত্ৰীগৰাকীয়ে ।

শিক্ষামন্ত্ৰীৰ মতে ত্ৰিপুৰা চৰকাৰে মহামাৰী ৰোগ আইনৰ অধীনত ব্লেক ফাংগাছক লক্ষ্যণীয় ৰোগ হিচাপে ঘোষণা কৰিছে । ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক মহামাৰী ৰোগ আইন, ১৮৯৭ৰ অধীনত মিউকৰ্মাইকোচিছ বা ব্লেক ফাংগাছক এক লক্ষ্যণীয় ৰোগ হিচাপে ল'বলৈ পত্ৰ লিখিছে ।

বিশেষজ্ঞসকলৰ মতে ব্লেক ফাংগাছৰ সংক্ৰমণৰ চিকিৎসাৰ বাবে শল্য চিকিৎসক, ইএনটি বিশেষজ্ঞ, সাধাৰণ শল্য চিকিৎসক, নিউৰোচাৰ্জন আৰু ডেন্টেল মেক্সিলোফেচিয়েল চাৰ্জন আৰু এণ্টিফাংগাল ঔষধ হিচাপে এম্ফোটেৰিচিন-বি বেজী দিয়াটো দৰকাৰ ।

শিক্ষামন্ত্ৰীগৰাকীৰ মতে ৰাজ্য চৰকাৰে শিশুসকলৰ মাজত ক'ভিড-১৯ৰ সংক্ৰমণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি ৪ জনীয়া সদস্যৰ শিশু ৰোগ বিশেষজ্ঞৰ এক সমিতি গঠন কৰিছে । শেহতীয়াকৈ ত্ৰিপুৰাৰ ৰাজধানী চহৰৰ দুখন অনাথ আশ্ৰমৰ ৩৬ টা শিশুৰ দেহত ক'ভিড সংক্ৰমণ ধৰা পৰাৰ পিছতে এই সিদ্ধান্ত লৈছে চৰকাৰে । এজিএমচিৰ অধীক্ষক ডাঃ সঞ্জীব দেববৰ্মাক সমিতিৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে । আন তিনিজন সদস্য হৈছে ড০ জয়ন্ত ৰায়, ড০ অমিতাভ চক্ৰৱৰ্তী আৰু ড০ ভাস্কৰ মজুমদাৰ।

লগতে পঢ়ক:আপোনাৰ ওচৰে পাজৰে থকা ক’ভিড ৰোগীক সহায় কৰাৰ ৯ টা উপায়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.