আগৰতলা,২২ ছেপ্টেম্বৰ: ত্ৰিপুৰাত শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধ তৃণমূল ছাত্ৰ পৰিষদে (Trinamool Chatra Parishad protest in front of the Shiksha Bhawan) বৃহস্পতিবাৰে শিক্ষা ভৱনৰ (শিক্ষা বিষয়া) সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত ত্ৰিপুৰা প্ৰদেশ তৃণমূল কংগ্ৰেছৰ দায়িত্বত থকা ৰাজীৱ বেনাৰ্জী, প্ৰদেশ তৃণমূল কংগ্ৰেছৰ নেতা পুজন বিশ্বাস, ত্ৰিপুৰা প্ৰদেশ তৃণমূল ছাত্ৰ পৰিষদৰ নীল কমল সাহাকে ধৰি অন্যান্য নেতাসকল উপস্থিত থাকে ।
ত্ৰিপুৰা প্ৰদেশ তৃণমূল কংগ্ৰেছৰ দায়িত্বত থকা (Tripura Pradesh Trinamool Congress in charge) ৰাজীৱ বেনাৰ্জীয়ে এই সন্দৰ্ভত কয়,"ৰাজ্যখনত শিক্ষা খণ্ডত চৰম অৰাজকতাই বিৰাজ কৰিছে । দীৰ্ঘদিন ধৰি শিক্ষক নিযুক্তি দিয়া হোৱা নাই । বাওঁ মৰ্চাৰ দ্বাৰা শিক্ষকৰ ভুল নিযুক্তি এতিয়াও এই চৰকাৰে অব্যাহত ৰাখিছে ।" তেওঁ পুনৰ কয় যে ৰাজ্যজুৰি বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলে তীব্ৰ সংকটৰ সন্মুখীন হৈছে । এনে ব্য়ৱস্থাৰ বিৰোধীতাৰে ত্ৰিপুৰা প্ৰদেশ তৃণমূল ছাত্ৰ পৰিষদে শিক্ষা ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।
তেওঁ পুনৰ অভিযোগ কৰি কয় যে, কিছুমান অঞ্চলত দেখা গৈছে যে বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ অৱস্থাত তেনেই শোচনীয় । শিক্ষাৰ্থীসকলক যি ধৰণৰ মধ্যাহ্ন ভোজন দিয়া হৈছে সেয়া ব্যৱহাৰৰ বাবে উপযুক্ত নহয় । ইয়াৰ আঁৰৰ ৰহস্য কি বুলি তেওঁ প্ৰশ্ন কৰে ।
এই অৱৰোধৰ সময়ত ছাত্ৰ নেতা শিবাম সাহাই কয়,"ৰাজ্যখনত শিক্ষকৰ অভাৱ । তদুপৰি মধ্যাহ্ন ভোজনৰ সলনি শিল ৰখা হৈছে । শিক্ষাৰ্থীসকল অসুস্থ হৈ পৰিছে । শিক্ষকৰ পৰিৱৰ্তে অংগনৱাড়ী কৰ্মীয়ে শ্ৰেণী পৰিচালনা কৰি আছে ।"
লগতে পঢ়ক:মাজুলীত সোপাধৰা নে আন কিবা !