নিউজ ডেস্ক,১৮ ফেব্ৰুৱাৰী: অযোধ্যাৰ নন্দীগ্ৰামত এগৰাকী যুৱকৰ তৃতীয় লিংগৰে বিবাহ । এবছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল দুয়োগৰাকী । বুধবাৰে উত্তৰ প্ৰদেশৰ নন্দীগ্ৰামত বিবাহপাশত আৱদ্ধ হয় দুয়োগৰাকী । প্ৰতাপগড়ৰ নিবাসী শিৱ কুমাৰ আৰু অঞ্জলি সিং নামৰ দুয়োগৰাকীয়ে সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে সকলো স্থানীয় লোকৰ উপস্থিতিত ধুমধামেৰে বিবাহত আৱদ্ধ হয় ।
প্ৰথমে দুয়োগৰাকীৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ এই সিদ্ধান্তত সন্মত হোৱা নাছিল । পৰৱৰ্তী সময়ত দুয়োজনৰ এই সিদ্ধান্তৰ সন্মতি প্ৰকাশ কৰে বুলি জানিবলৈ দিয়ে অঞ্জলী সিঙে । সমাজত তৃতীয় লিংগ সম্পৰ্কত প্ৰায়ে অৱহেলিত হৈ থকা দেখা যায় । প্ৰায়ে এইসকল লোকক হীন দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে । এই সন্দৰ্ভত অঞ্জলী সিঙে তেওঁলোক দুয়োগৰাকীয়ে সন্মানেৰে জীয়াই থকাৰ অধিকাৰ আছে বুলি কয় । দুয়োজনৰে এই সিদ্ধান্তত ইজনে সিজনৰ সৈতে সুখী বুলিও মন্তব্য কৰে অঞ্জলী সিঙে ।