ETV Bharat / bharat

Road Mishap: মন্দিৰ দৰ্শন কৰি উভতি আহোঁতেই পথ দুৰ্ঘটনাত মৃত্যু 9 গৰাকী ভক্তৰ

ৰাজস্থানৰ ঝুনঝুন জিলাত এখন ট্ৰেক্টৰৰ ট্ৰ’লী খাৱৈত বাগৰি পৰাত 9 গৰাকী লোকৰ মৃত্যু হয় ৷ আনহাতে 22 জন লোক আহত হৈছে বুলি জানিব পৰা গৈছে (9 devotees died on spot) ৷

author img

By

Published : May 29, 2023, 10:34 PM IST

Tractor-trolley full of devotees fell into the ditch
খাৱৈত বাগৰিল ভক্ত ভৰ্তি ট্ৰেক্টৰৰ ট্ৰ’লী

নিউজ ডেস্ক, 29 মে’: ৰাজস্থানৰ ঝুনঝুন জিলাত শোকাৱহ পথ দুৰ্ঘটনা (Road Mishap in Rajasthan) ৷ সোমবাৰে ঝুনঝুন জিলাৰ এটা খাৱৈত এখন ট্ৰেক্টৰৰ ট্ৰ’লী বাগৰি পৰাত 9 গৰাকী লোকৰ মৃত্যু হয় ৷ আনহাতে 22 জন লোক আহত হৈছে বুলি জানিব পৰা গৈছে (9 devotees died on spot) ৷

ঘটনাৰ বিৱৰণ অনুসৰি সোমবাৰে ঝুনঝুনুৰ উদয়পুৰৱতী অঞ্চলৰ মনসা দেৱীৰ মন্দিৰত মূৰ্তি স্থাপন আৰু আৰু খাদ্য বিতৰণৰ এক কাৰ্যসূচী আয়োজন কৰা হৈছিল ৷ এই অনুষ্ঠানত অঞ্চলটোৰ কেইবাখনো গাঁৱৰ লোকে অংশগ্ৰহণ কৰিছিল ৷

মনসা দেৱী আশিস লৈ এখন ট্ৰেক্টৰৰ ট্ৰলীত গাঁৱৰ ভালেসংখ্যক লোকে বিয়লি ঘৰ অভিমুখে আহি আছিল ৷ তেনেকুৱাতে পাহাৰৰ ওপৰৰ পথৰ পৰা ট্ৰেক্টৰৰ ট্ৰলীখন বাগৰি খাৱৈত পৰে ৷ লগে লগে এই ঘটনা স্থানীয় লোকে পৰিলক্ষিত কৰি ঘটনাস্থলীত উপস্থিত হৈ লোকসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে ৷ এই ঘটনাত থিতাতে 9 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 22 গৰাকী লোক আহত হৈছে (22 injured in road accident)৷ আহতসকলৰ কিছু লোকৰ অৱস্থা এতিয়াও সংকটজনক বুলি জানিব পৰা গৈছে ।

ইফালে আহতসকলক উদ্ধাৰ কৰি উদয়পুৰৱতী চিকিৎসালয়লৈ লৈ যোৱা হৈছে ৷ এই দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে জিলা উপায়ুক্ত ড৹ খুশাল যাদৱ আৰু আৰক্ষী অধীক্ষক মৃদুল কাচাৱাও উদয়পুৰৱতী চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । আহতসকলক সহায় কৰিবলৈ ইতিমধ্যে উদয়পুৰৱতী চিকিৎসালয়ৰ বাহিৰত লোকসকলে ভিৰ কৰিছিলহি ৷ আহতসকলৰ বেছিভাগেই মহিলা বুলি জানিব পৰা গৈছে । চিকিৎসকে আশংকা কৰা অনুসৰি অনাগত সময়ত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে ৷ কিয়নো আঘাতপ্ৰাপ্তসকলৰ কেইবাজনো লোকৰ অৱস্থা সংকটজনক ।

প্ৰত্যক্ষদৰ্শীয়ে কোৱা অনুসৰি দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত সকলো ভক্তই মন্দিৰৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ আগলৈ পৰিভ্ৰমণ কৰিছিল । মানসা দেৱীৰ মন্দিৰত দুৰ্গা দেৱীৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছিল ৷ ফলত ভক্তপ্ৰাণ ৰাইজ একগোট হৈছিল ৷

লগতে পঢ়ক: Road accident in Guwahati: মহানগৰীৰ জালুকবাৰীত শোকাৱহ পথ দুৰ্ঘটনা ; থিতাতে নিহত ৭ জন যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.