ETV Bharat / bharat

Flood in Odisha : ওড়িশাৰ ৰাষ্ট্ৰীয় ঘাইপথত মাছৰ উজান

ধাৰাসাৰ বৰষুণৰ ফলত প্লাৱিত ওড়িশাৰ ৫৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । ৰাজপথত মাছধৰাত ব্যস্ত হৈ পৰিছে বহু লোক । ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী বতৰ বিজ্ঞান বিভাগৰ ।

author img

By

Published : Aug 3, 2023, 5:25 PM IST

Flood in Odisha
ওড়িশাৰ ৰাজপথত মাছৰ উজান

নেশ্যনেল ডেস্ক,৩ আগষ্ট : প্ৰকৃতিৰ ৰোষত পৰিছে ওড়িশা । ৰাজ্যখনত হোৱা ধাৰাসাৰ বৰষুণৰ পাছতে ঠায়ে ঠায়ে বান পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে । বহুতে ঘৰ-বাৰী হেৰুৱাই দিশহাৰা হৈ পৰিছে । কিছুমানৰ বাবে বান অভিশাপ যদিও আন একাংশৰ বাবে আকৌ ই সুযোগ হিচাপে দেখা গৈছে । কিয়নো যান্ত্ৰিক ৰাজপথত এতিয়া মাছধৰাৰ প্ৰতিযোগিতা চলিছে ।

বিগত কেইবাদিনো ধৰি ওড়িশাৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । যাৰ বাবে বিভিন্ন অঞ্চল প্লাৱিত হৈ পৰিছে । বিশেষকৈ বৌধ অঞ্চল সম্পূৰ্ণ জলমগ্ন হৈ পৰিছে । পানী ডুব গৈছে ৫৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বৃহৎ অংশ । ৰাজপথেৰে এতিয়া যান-বাহন নহয় নাও হে চলোৱাৰ উপক্ৰম হৈছে । এনে পৰিস্থিতিৰ মাজতে একাংশৰ বাবে এই বতৰ আশীৰ্বাদ হিচাপে দেখা গৈছে । কিয়নো বহুতে জাল, পল' আদি বিভিন্ন ধৰণৰ মাছ ধৰাৰ সঁজুলি লৈ ৰাজপথত নামিছে । বহুতে ৰাজপথত মাছ ধৰাৰ কলা প্ৰদৰ্শন কৰা দেখা গৈছে ।

বহুতৰে জালত আৰু পল'ত ডাঙৰ ডাঙৰ মাছ সোমাল । যাক লৈ আনন্দিত হৈ পৰিছে স্থানীয় মাছমৰীয়াসকল । পুখুৰী, নৈ বা সাগৰত নহয় ৰাজপথতে এনেদৰে ডাঙৰ ডাঙৰ মাছ ধৰিবলৈ পাই স্থানীয় লোকসকলৰ মনত প্ৰাপ্তিৰ হাঁহি দেখিবলৈ পোৱা গৈছে । স্থানীয় লোকসকলে জনোৱা মতে ধাৰাসাৰ বৰষুণৰ ফলত মীনপালন বিভাগৰ পুখুৰীবোৰ ওফন্দি উঠিছে । প্ৰায়বোৰ পুখুৰী বাঢ়নি পানীৰ ফলত ডুবি গৈছে । যাৰ বাবে তাত থকা সৰু বৰ মাছবোৰ ওলাই আহিছে । সেই মাছবোৰ এতিয়া প্লাৱিত হোৱা ৰাজপথত দেখিবলৈ পোৱা গৈছে ।

স্থানীয় লোকসকলক সাময়িক আনন্দ দিলেও কিন্তু এয়া মীন বিভাগৰ বাবে বৃহৎ ক্ষতি । জিলা মীন বিষয়া লিপ্চা পট্টনায়কে দুখ প্ৰকাশ কৰি কয় যে ধাৰাসাৰ বৰষুণৰ ফলত প্ৰায় দুই টন মাছ ওলাই গৈছে । ফলস্বৰূপে মীন বিভাগৰ প্রায় ৯ লাখ টকাৰ লোকচান হৈছে বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে ।

ইয়াৰ মাজতে আকৌ আন এক উদ্বেগৰ খবৰ । বতৰ বিজ্ঞান বিভাগে জনোৱা মতে আগন্তুক ২৪ ঘণ্টালৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বৰষুণ অব্যাহত থাকিব । পশ্চিম ওড়িশাৰ জিলাসমূহত ধাৰাসাৰৰ পৰা প্ৰৱল ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । উপকূলীয় জিলাসমূহত মধ্যমীয়া বৰষুণ হ'ব । সুন্দৰগড়, সম্বলপুৰকে ধৰি কেইবাখনো জিলাত ধাৰাসাৰৰ পৰা প্ৰৱল ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

ইয়াৰ পূৰ্বে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ অন্ধ্ৰ প্ৰদেশ আঞ্চলিক কেন্দ্ৰই জনাইছিল যে উত্তৰ বংগোপসাগৰৰ কেন্দ্ৰীয় অংশত নিম্ন চাপৰ সৃষ্টি হৈছিল যি এক ঘূৰ্ণীবতাহত পৰিণত হৈছে । এই ঘূৰ্ণীবতাহ তীব্ৰতৰ হোৱাৰ সম্ভাৱনাও আছে । বতৰ বিজ্ঞান বিভাগে কোৱা মতে ই উত্তৰ-পশ্চিম দিশে গতি কৰিব আৰু সন্ধিয়াৰ পাছত বাংলাদেশৰ খেপুপাৰাৰ ওচৰত খুন্দা মাৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :Manipur Violence : চুৰাচান্দপুৰৰ লামকাত আজি কুকি শ্বহীদৰ ৰাজহুৱা সমাধি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.