ETV Bharat / bharat

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ জালত লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ

দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ পাম্পোৰ অঞ্চলত হোৱা সংঘৰ্ষৰ সময়তে নিৰাপত্তা বাহিনীৰ জালত পৰিল সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা(Lashkar-e-Toiba)ৰ শীৰ্ষ কমাণ্ডাৰ উমৰ মুস্তাক খাণ্ডে । কাশ্মীৰৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই এই কথা জানিবলৈ দিয়ে । এতিয়াও সন্ত্ৰাসবাদী সংগঠনটোৰ বহুকেইজন কমাণ্ডাৰক কৰায়ত্ত কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে ।

Lashkar e Toiba commander Umar Mustaq Khandey trapped
লস্কৰ ই তৈবাৰ কামাণ্ডাৰ উমৰ মুস্তাক খাণ্ডেক গ্ৰেপ্তাৰ
author img

By

Published : Oct 16, 2021, 10:22 AM IST

নেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ : জম্মু-কাশ্মীৰ আৰক্ষীৰ টাৰ্গেট সন্ত্ৰাসবাদী সংগঠনৰ শীৰ্ষ ১০ জন সন্ত্ৰাসবাদী । শনিবাৰে কাশ্মীৰ জ'নৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ পাম্পোৰ অঞ্চলত নিৰাপত্তা বাহিনীৰ জালত পৰিছে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা(Lashkar-e-Toiba)ৰ শীৰ্ষ কমাণ্ডাৰ উমৰ মুস্তাক খাণ্ডে ।

অঞ্চলটোত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ অব্যাহত থকাৰ সময়তে উমৰ মুস্তাক খাণ্ডে নিৰাপত্তা বাহিনীৰ জালত পৰে । জম্মু-কাশ্মীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰৰ লক্ষ্য হিচাপে লোৱা শীৰ্ষ ১০ জন সন্ত্ৰাসবাদীৰ ভিতৰত আছে খাণ্ডে ।

শ্ৰীনগৰৰ বাঘাতত দুজন আৰক্ষী জোৱানক হত্যা কৰা আৰু আন বহু অপৰাধজনিত কাৰ্যৰে খাণ্ডে জড়িত হৈ আছিল । কাশ্মীৰ জ'নৰ আৰক্ষীয়ে টুইটযোগে এই কথা নিশ্চিত কৰিছে । আৰক্ষীয়ে লগতে টুইটত উল্লেখ কৰে যে, চেলিম পেৰে, ইউছুফ কণ্ট্ৰু, আব্বাছ শ্বেইখ, ৰেয়াজ শ্বেটাৰগুণ্ড, ফাৰুক নালি, জুবেইৰ ৱানী, আশ্ৰফ মোলভি, চাকিব মঞ্জুৰ, উমৰ মুস্তাক খাণ্ডে আৰু ৱেকেল শ্বাহ শীৰ্ষ দহ টাৰ্গেটৰ ভিতৰত আছে ।

ইয়াৰ পূৰ্বে শুকুৰবাৰে কাশ্মীৰৰ আৰক্ষী বিষয়া বিজয় কুমাৰে জম্মু-কাশ্মীৰত শেহতীয়াকৈ সংঘটিত হোৱা নাগৰিক হত্যাকাণ্ডৰ পিছত নিৰাপত্তা বাহিনীয়ে এতিয়ালৈকে আঠবাৰ সন্ত্ৰাসবাদীৰে সংঘৰ্ষ হোৱাৰ কথা সদৰী কৰে । এই সংঘৰ্ষত এতিয়ালৈকে মুঠ ১১ জন সন্ত্ৰাসবাদী নিহত হৈছে ।

লগতে পঢ়ক: ভাৰত মাতা মন্দিৰ : অবিভক্ত ভাৰতক পূজা কৰা একমাত্ৰ মন্দিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.