ETV Bharat / bharat

Toll tax likely to increase: 1 এপ্ৰিলৰ পৰা 5-10 শতাংশ টোল কৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা

1 এপ্ৰিলৰ পৰা টোল কৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা ৷ 5 ৰ পৰা 10 শতাংশলৈ বৃদ্ধি পাল টোল ৷ এক্সপ্ৰেছৱেৰ ক্ষেত্ৰটো বৃদ্ধি পাব টোলৰ হাৰ (Toll rates to be increase) ৷

Toll tax likely to increase
1 এপ্ৰিলৰ পৰা 5-10 শতাংশ টোল কৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা
author img

By

Published : Mar 30, 2023, 9:18 PM IST

নেশ্যনেল ডেস্ক, 30 মাৰ্চ: 1 এপ্ৰিলৰ পৰা অধিক ব্যয় বহুল হ’ব পাৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱেৰে যাত্ৰা ৷ কাৰণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (National Highway Authority of India) অহা 1 এপ্ৰিলৰ পৰা টোল হাৰ বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ তথ্য অনুসৰি, বৰ্তমানৰ 5 শতাংশৰ পৰা 10 শতাংশলৈ বৃদ্ধি পাব পাৰে টোল কৰ (Toll rates to be increase) ৷

ৰাষ্ট্ৰীয় ঘাইপথ মাচুল অধিনিয়ম, 2008 অনুসৰি 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি বছৰে মাচুলৰ হাৰ সংশোধন কৰিব লাগিব (National Highways Fee rules) । প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্দিষ্ট টোল সমস্যাৰ ওপৰত নিৰ্দিষ্ট সিদ্ধান্ত সময়ে সময়ে লোৱা হৈছে । লাভ কৰা তথ্য অনুসৰি, যাত্ৰীবাহী আৰু লঘু বাহনৰ টোলৰ হাৰ 5 শতাংশ বৃদ্ধি পাব আৰু মালবাহী গধুৰ বাহনৰ টোল 10 শতাংশ বৃদ্ধি পাব ৷

ইফালে, শেহতীয়াকৈ আৰম্ভ কৰা দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ ক্ষেত্ৰটো বৃদ্ধি পাব টোল (Delhi Mumbai Expressway toll) ৷ বৰ্তমান এই এক্সপ্ৰেছৱেত প্ৰতি কিলোমিটাৰত 2.19 টকাকৈ আদায় কৰি থকা হৈছে ৷ এই হাৰো 10 শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে, দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত সম্প্ৰতি বৃদ্ধি পাইছে বাহনৰ সংখ্যা ৷ প্ৰতিদিনে প্ৰায় 20 হাজাৰ বাহন চলাচল কৰিছে এই এক্সপ্ৰেছৱেৰে ৷ অনাগত 6মাহত এই এক্সপ্ৰেছৱেত যান-বাহনৰ সংখ্যা দৈনিক 50-60 হাজাৰলৈ বৃদ্ধি পোৱাৰ সম্বাৱনা আছে ৷

উল্লেখ কৰা প্ৰয়োজন যে, টোল গেটৰ পৰা 20 কিলোমিটাৰ দূৰত্বৰ ভিতৰত বাস কৰা লোকসকলৰ ক্ষেত্ৰত কম হাৰত মাহিলী পাছ দিয়াৰ বৱস্থা আছে যদিও মাহিলী পাছৰ সুবিধাও 10 শতাংশ বৃদ্ধি পোৱা সম্ভাৱনা আছে ৷ কিন্তু মন কৰিব লগীয়া যে, ৰাষ্ট্ৰীয় ঘাইপথ মাচুল অধিনিয়ম 2008 অনুসৰি টোল প্লাজাৰ এক নিৰ্দিষ্ট দূৰত্বৰ ভিতৰত বাস কৰা লোকক টোল ৰেহাই দিয়াৰ কোনো ব্যৱস্থা নাই (Toll rate hike) ৷

অৱশ্যে, 2022-23 বিত্তীয় বৰ্ষৰ বাবে প্ৰতি মাহে 315 টকাৰ হাৰত টোল প্লাজাৰ পৰা 20 কিলোমিটাৰ দূৰত্বত বাস কৰা লোকসকলে নিজৰ ব্যক্তিগত বাহনৰ বাবে পাছ লাভ কৰিব ৷

উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অসমৰ 9 খন টোল গেটৰ পৰা কৰ সংগ্ৰহ কৰি আছে ৷ কিন্তু অসমত বিগত 3 বছৰত মাত্ৰ 23 কিলোমিটাৰ পথহে নিৰ্মাণ কৰা হৈছে ৷ আনহাতে, 2022-23 বিত্তীয় বর্ষত সমগ্ৰ দেশত 3739 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে ৷

লগতে পঢ়ক: Highway construction in Assam: অসমত ৩ বছৰত মাত্ৰ ২৩ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.