ETV Bharat / bharat

Himanta Biswa Sarma in Tripura : দেশক শক্তিশালী কৰিবলৈ ত্ৰিপুৰাত বিজেপি চৰকাৰৰ প্ৰয়োজন

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam Chief Minister Himanta Biswa Sarma) সোমবাৰে কয় যে, ২০২৩ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত (Tripura Assembly election 2023) বিজেপিয়ে ৬০ খন আসনৰ ভিতৰত ৫৫ খন আসন লাভ কৰিব বুলি তেওঁ যথেষ্ট আত্মবিশ্বাসী ।

author img

By

Published : Nov 7, 2022, 7:16 PM IST

Himanta Biswa Sarma
Himanta Biswa Sarma

আগৰতলা, ৭ নৱেম্বৰ : দেশক শক্তিশালী কৰিবলৈ ত্ৰিপুৰাত বিজেপি চৰকাৰৰ প্ৰয়োজন ৷ ত্ৰিপুৰাত উপস্থিত হৈ এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শ্ৰমাৰ ৷ ড৹ শৰ্মাই (Assam Chief Minister Himanta Biswa Sarma) সোমবাৰে কয় যে, 2023 চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত (Tripura Assembly election 2023) বিজেপিয়ে 60 খন আসনৰ ভিতৰত 55 খন আসন লাভ কৰিব বুলি তেওঁ যথেষ্ট আত্মবিশ্বাসী । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আজি আগৰতলা ৰবীন্দ্ৰ শতাবাৰ্ষিকী ভৱনত অনুষ্ঠিত 'বুথ বিজয় অভিযান'ৰ উদ্বোধনৰ লগে লগে ত্ৰিপুৰাত আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে (Himanta Biswa started poll campaign in Tripura) ।

"দেশখন অধিক শক্তিশালী কৰিবলৈ বিজেপিয়ে পুনৰ নিৰ্বাচনত জয়ী হোৱাটো প্ৰয়োজনীয় । যোৱাবাৰ ত্ৰিপুৰাত আমি 44 খন আসন জিকিছিলোঁ আৰু এইবাৰ মই বিশ্বাস কৰোঁ যে আমি বিধানসভাৰ 60 খন আসনৰ ভিতৰত 55 খন আসনত জয়লাভ কৰিম ।" মুখ্যমন্ত্ৰীয়ে কয় । তেওঁ লগতে কয় যে আজিৰে পৰা 'বুথ বিজয় অভিযান' আৰম্ভ হৈছে সঁচা (Booth Vijay Abhiyan), কিন্তু তেওঁৰ বাবে পুনৰ বিজেপি চৰকাৰ গঠনৰ প্ৰচাৰ আৰম্ভ হৈছে (Tripura BJP government) ।

"বিগত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত অস্থিৰতা দেখা গৈছিল । যদি আপুনি ৰাজ্যখন ভ্ৰমণ কৰে তেন্তে প্ৰতিটো ক্ষেত্ৰতে চিপিআইএমৰ (CPIM) কাৰ্যালয় বিচাৰি পাব । ৰাজ্যখনত এটা ভয়ৰ মনোৰোগে বিৰাজ কৰি আছিল । সকলোৱে চিপিআইএম শাসনৰ পৰা মুক্তি বিচাৰিছিল । কিয়নো চিপিআইএমৰ অৰ্থ হৈছে হিংসা, নিবনুৱা, অনুন্নত আৰু এক অন্ধকাৰ ত্ৰিপুৰা । মাতা ত্ৰিপুৰা সুন্দৰীৰ আশীৰ্বাদত ৰাজ্যখন এক নতুন উচ্চতাত উপনীত হৈছে । ত্ৰিপুৰাত আমি উন্নয়ন আৰু শান্তি স্থাপন কৰিছোঁ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Prime Minister Narendra Modi) নেতৃত্বত ত্ৰিপুৰা আৰু উত্তৰ-পূব এক নতুন উচ্চতাত উপনীত হৈছে ।" হিমন্ত বিশ্বই লগতে কয় ।

তেওঁ দাবী কৰে যে পূৰ্বতে মানুহে সুধিছিল যে ত্ৰিপুৰা আৰু অসম ক'ত আছে । "বৰ্তমান প্ৰধানমন্ত্ৰী মোদীৰ বাবে কোনোৱে এই কথা সোধা নাই । কিয়নো তেওঁ নিৰন্তৰভাৱে উত্তৰ-পূবৰ ৰাজ্যকেইখন ভ্ৰমণ কৰি থাকে ।" হিমন্ত বিশ্ব শৰ্মাই কয় । উল্লেখ্য যে, তদানীন্তন বাঁওমৰ্চা চৰকাৰক তীব্ৰ আক্ৰমণ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমান ত্ৰিপুৰাত আই আই আই টি আৰু ফৰেনচিক বিশ্ববিদ্যালয় আছে আৰু এই পাঁচ বছৰত চৰকাৰে যথেষ্ট কাম কৰিছে ।

"চিপিআইএমে কি কৰিছে ? সেয়া এটা চিণ্ডিকেটৰাজ আছিল । বৰ্তমান ত্ৰিপুৰাত এটা দিশ আছে । যেতিয়া আমি উত্তৰ-পূবত জয়ী হ'বলৈ আৰম্ভ কৰিছিলোঁ দিল্লীত বহি থকা লোকসকলে কৈছিল যে আমি দুৰ্ঘটনাক্ৰমে নিৰ্বাচনত জয়ী হৈছোঁ । কিন্তু তাৰ পিছত আমি পুনৰ আৰু বিপক্ষে উত্তৰ-পূবত নিৰ্বাচনত জয়ী হ'বলৈ আৰম্ভ কৰিলোঁ । উত্তৰ-পূব হৈছে বিজেপিৰ এক স্থায়ী ঠিকনা । আমি অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশত দুবাৰকৈ জয়লাভ কৰিছোঁ আৰু এইবাৰ আমি ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডত জিকিম । অধিক উন্নয়নৰ বাবে আমি পুনৰ বিজেপিক নিশ্চিত কৰিব লাগিব যে চিপিআইএম পুনৰ কেতিয়াও নাহে ।" তেওঁ লগতে কয় ।

অনুষ্ঠানটোত মুখ্যমন্ত্ৰী মাণিক সাহা, উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ, উত্তৰ-পূবৰ সমন্বয়ক সম্বিত পাত্ৰ আৰু অন্যান্য নেতাসকল উপস্থিত থাকে ।

লগতে পঢ়ক :Nalbari Raas Mahotsav : আজিৰে পৰা আৰম্ভ নলবাৰী ৰাস মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.