ETV Bharat / bharat

Tripura Bye election 2022 : ত্ৰিপুৰাত শাসকীয় বিজেপিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ অভিযোগনামা প্ৰকাশ

author img

By

Published : Jun 16, 2022, 2:13 PM IST

ত্ৰিপুৰা চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল তৃণমূল কংগ্ৰেছ দল । উপ-নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে প্ৰকাশ কৰিলে অভিযোগনামা (TMC launches chargesheet ahead of Tripura bye election)। অভিযোগনামাত বিজেপিৰ বিফলতাৰ বিভিন্ন দিশ উন্মোচন কৰিলে টিএমচিয়ে ।

Tripura Bye election 2022
ত্ৰিপুৰাত শাসকীয় বিজেপিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ অভিযোগনামা প্ৰকাশ

আগৰতলা, ১৬ জুন : অহা ২৩ জুনত ত্ৰিপুৰাত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন (Tripura bye election 2022)। উপ-নিৰ্বাচনলৈ মাজত প্ৰায় এসপ্তাহ বাকী থকাৰ সময়তে শাসকীয় বিজেপি আৰু বিৰোধী দলসমূহৰ মাজত সংঘাত স্পষ্ট হৈ পৰিছে । আনহাতে শাসকীয় বিজেপিৰ ওপৰতো বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে দলসমূহে । বিজেপিৰ বিৰুদ্ধে অপশাসনৰ অভিযোগ তুলি জাঙুৰ খাই উঠিছে তৃণমূল কংগ্ৰেছ দল (TMC complains against Tripura BJP govt)।

জনসাধাৰণৰ বিৰুদ্ধে বিজেপিৰ অপৰাধ সন্দৰ্ভত এক অভিযোগনামাও প্ৰকাশ কৰিছে ত্ৰিপুৰা তৃণমূল কংগ্ৰেছে (TMC launches Chargesheet ahead of Tripura bye election)। অভিযোগনামাত উল্লেখ কৰা মতে বিজেপিয়ে ২০১৮ চনৰ নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰাত ব্যৰ্থ হৈছে । ৰাজ্যখনৰ ১০,৩২৩ গৰাকী শিক্ষকৰ সমস্যা সমাধান কৰাৰ পৰা আৰম্ভ কৰি টিটিএএডিচি অঞ্চলৰ উন্নয়নত ব্যৰ্থ হোৱাৰ লগতে দ্বৈত ইঞ্জিন চালিত বিজেপি চৰকাৰৰ ফোঁপোলা স্বৰূপ উন্মোচন কৰিবলৈ চেষ্টা কৰিছে তৃণমূল কংগ্ৰেছে ।

আগৰতলা প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি তৃণমূলৰ সাংসদ সুস্মিতা দেৱে কয় যে, এই অভিযোগনামাৰ জৰিয়তে বিজেপিৰ প্ৰকৃত স্বৰূপ উন্মোচন কৰিবলৈ চেষ্টা কৰা হৈছে । তৃণমূলে ৰাইজক ইয়াৰ জৰিয়তে দেখুৱাব বিচাৰিছে প্ৰকৃতকে বিজেপিয়ে কেনেদৰে প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে । বিগত প্ৰায় ৪.৫ বছৰত বিজেপি চৰকাৰ কেনেদৰে সকলো স্তৰতে বিফল হৈছে সেয়া দেখুৱাবলৈ তৃণমূল দলে এই সপ্তাহত সমষ্টি অনুসৰি অভিযোগনামাও মুকলি কৰিব ।

সুস্মিতা দেৱে উল্লেখ কৰা মতে স্থানীয় লোকসকলৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত এই অভিযোগনামা প্ৰস্তুত কৰা হৈছে । তেওঁ কোৱা মতে তৃণমূল দলে এক জৰীপ চলাইছিল য'ত ৰাইজে অভিযোগ কৰিছে যে বৰ্তমান চৰকাৰৰ অধীনত খোৱাপানীৰ সংকট, পথৰ দুৰ্বল আন্তঃগাঁথনি আৰু ষ্ট্ৰীট লাইটৰ অভাৱৰ দৰে একাধিক সমস্যা আছে । ইফালে ত্ৰিপুৰা প্ৰদেশ তৃণমূল কংগ্ৰেছে বুধবাৰে আগৰতলা আৰু টাউন বৰদোৱালী বিধানসভা সমষ্টিত অভিযোগনামা মুকলি কৰিছে ।

অভিযোগনামাৰ মুকলি অনুষ্ঠানত আগৰতলাৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী পান্না দেব আৰু টাউন বৰদোৱালীৰ প্ৰাৰ্থী সংহিতা বেনাৰ্জীৰ সৈতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক সভাপতি সুবল ভৌমিক । অনুষ্ঠানত সুবল ভৌমিকে বিজেপিক সমালোচনা কৰি কয় যে ত্ৰিপুৰাত নিবনুৱাৰ হাৰ হৈছে ১৭.৪ শতাংশ, যিটো ৰাষ্ট্ৰীয় গড় ৭.১ শতাংশতকৈ যথেষ্ট বেছি । বিজেপি চৰকাৰে দুবছৰৰ ভিতৰত ত্ৰিপুৰাত এখন এইমছ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু এতিয়ালৈকে ইয়াৰ বিষয়ে কোনো ধৰণৰ তথ্য নাই ।

লগতে পঢ়ক :Tripura By poll: বিজেপি কৰ্মীৰ বিৰুদ্ধে হিংসাত নিমজ্জিত হোৱাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.