নিউজ ডেস্ক, 23 ডিচেম্বৰ : মেঘালয়ত প্ৰধান বিৰোধী দলত পৰিণত হ’ল তৃণমূল কংগ্ৰেছ (TMC becomes Principal Opposition party in Meghalaya) ৷ মেঘালয় বিধানসভাৰ অধ্যক্ষ মেটবাহ লিংড’ৱে (Meghalaya Legislative Assembly Speaker Metbah Lyngdoh) বৃহস্পতিবাৰে কংগ্ৰেছে 12 গৰাকী বিধায়কৰ বিৰুদ্ধে সদস্য পদ খাৰিজ কৰাৰ বাবে দাখিল কৰা এখন আৱেদন নাকচ কৰে ৷ কেইদিনমান পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগ দিয়া 12 গৰাকী বিধায়কৰ বিৰুদ্ধে কংগ্ৰেছ দলে দাখিল কৰিছিল এই আবেদন ৷ অধ্যক্ষগৰাকীয়ে 12 গৰাকী বিধায়ক তৃণমূল কংগ্ৰেছত চামিল হোৱা কাৰ্যক বৈধ্যতা প্ৰদান কৰে ৷
এই 12 গৰাকী বিধায়কে যোগ দিয়াৰ পাচতে এতিয়া মেঘালয়ত প্ৰধান বিৰোধী দলত পৰিণত হ’ল তৃণমূল কংগ্ৰেছ ৷ উল্লেখ্য যে, মেঘালয়ৰ প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী মুকুল চাংমা আৰু আন 11 গৰাকী কংগ্ৰেছ বিধায়কে যোৱা 25 নৱেম্বৰত তৃণমূল কংগ্ৰেছত যোগ দিয়ে(Congress MLAs joined in TMC in Meghalaya) ৷ তেওঁলোকে লগতে মত প্ৰকাশ কৰিছিল যে, তেওঁলোক তৃণমূলৰ সৈতে চামিল হ’ব বিচাৰে ৷ এই 12 গৰাকী বিধায়কৰ তৃণমূলত যোগদানৰ পাচতে কংগ্ৰেছ দলে তেওঁলোকৰ বিৰুদ্ধে সংবিধানৰ দশম অনুসূচী অনুসৰি সদস্য পদ খাৰিজৰ বাবে আৱেদন দাখিল কৰিছিল ৷
লগতে পঢ়ক : Former meghalaya CM mukul sangma joins TMC : 11 গৰাকী বিধায়কৰ সৈতে মুকুল চাংমাৰ TMC ত যোগদান