ETV Bharat / bharat

TIPRA কৰ্মীৰ গোচৰ বাতিলৰ দাবীত DGP লৈ পত্ৰ - TIPRA memorandum to DGP

TIPRA মোথা দলে আৰক্ষী সঞ্চালক প্ৰধান অমিতাভ ৰঞ্জনৰ ওচৰত এখন স্মাৰকপত্ৰ দাখিল কৰি দলৰ সমৰ্থকসকলৰ বিৰুদ্ধে প্ৰস্তুত কৰা সকলোবোৰ গোচৰ বাতিল কৰাৰ দাবী উত্থাপন কৰে(TIPRA memorandum to DGP) । মনে গঢ়া গোচৰ ৰুজু কৰি TIPRA কৰ্মী সমৰ্থকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ অভিযোগ ।

tipra demanding to nullify concocted cases
TIPRA কৰ্মীৰ গোচৰ বাতিলৰ দাবীত DGP লৈ পত্ৰ
author img

By

Published : Sep 9, 2022, 2:20 PM IST

আগৰতলা,৯ ছেপ্টেম্বৰ: ত্ৰিপুৰাৰ DGP লৈ TIPRA মোথা দলৰ স্মাৰক পত্ৰ প্ৰেৰণ(TIPRA memorandum to DGP) । TIPRA মোথা দলৰ কৰ্মী-সমৰ্থকৰ বিৰুদ্ধে ৰুজু কৰা সকলোবোৰ গোচৰ বিনাচৰ্তে বাতিলৰ দাবীত প্ৰেৰণ কৰে এই পত্ৰ(Demanding to nullify concocted cases against TIPRA) । আৰক্ষী সঞ্চালক প্ৰধান অমিতাভ ৰঞ্জনৰ ওচৰত TIPRA ৰ তাকাৰজলা আৰু চাৰিলাম জিলাৰ লগতে ইয়াৰ সহযোগী সংগঠনসমূহে এই স্মাৰকপত্ৰ দাখিল কৰে ।

টিপ্ৰা মোথা হৈছে ত্ৰিপুৰাৰ ৰাজকীয় বংশধৰ প্ৰদ্যুত কিশোৰ মানিক্য দেৱবাৰ্মাৰ এটা দল । যিটো দলে এতিয়া ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা শাসন কৰি আছে । দলটোৱে DGP লৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত উল্লেখ কৰে কেতবোৰ গুৰুত্বপূৰ্ণ কথা ।

TIPRA মোথাৰ বহু সমৰ্থক-কৰ্মীক মিছা আৰু মনেগঢ়া গোচৰ ৰুজু কৰি আৰক্ষীৰ জিম্মালৈ লৈ যোৱা হৈছিল আৰু পিছত তেওঁলোকৰ কিছুমানক কেইঘণ্টামান ৰখাৰ পিছত আৰক্ষী কৰ্তৃপক্ষই চৰ্তহীনভাৱে মুকলি কৰি দিছিল । কিন্তু এতিয়াও TIPRA মোথাৰ কিছু সমৰ্থক-কৰ্মী আৰক্ষীৰ জিম্মাত আছে । এতিয়া তেওঁলোকক ন্যায়িক জিম্মাৰ পৰা পদ্ধতিগতভাৱে জামিনত মুক্তি দিয়াৰ বাবে স্মাৰকপত্ৰখনত উল্লেখ কৰা হৈছে । স্মাৰক পত্ৰযোগে দাবী কৰে যে বিভিন্ন আৰক্ষী থানাত বহুতো গোচৰ ৰুদ্ধ কৰা হৈছে যিবোৰ বৰ্তমান সংশ্লিষ্ট আইন আদালতৰ সন্মুখত বিচাৰাধীন হৈ আছে ।

মিছা আৰু মনেগঢ়া গোচৰ ৰুজু কৰি দলটোৰ সমৰ্থক-কৰ্মীসকলক গ্ৰেপ্তাৰ কৰা আৰু আইন আদালতৰ সন্মুখত হাজিৰ কৰাটো দেশৰ নাগৰিকৰ অধিকাৰৰ স্পষ্ট উলংঘনৰ বাহিৰে আন একো নহয় বুলি স্মাৰক পত্ৰখনত উল্লেখ কৰে । তেওঁলোকে উল্লেখ কৰে যে কিছুমান আৰক্ষী কৰ্মীৰ অত্যাধিক সক্ৰিয়তাৰ ভূমিকা সঠিক তদন্তৰ প্ৰয়োজনীয় । দলটোৱে নিৰীহ লোক TIPRAৰ সমৰ্থক আৰু বিৰোধী দলসমূহৰ বিৰুদ্ধে আৰক্ষী থানাত প্ৰস্তুত কৰা সকলো মিশ্ৰণ গোচৰ বাতিল কৰাৰ দাবী জনাইছে ।

লগতে পঢ়ক: ৰাণী দ্বিতীয় এলিজাবেথৰ জয়পুৰ ভ্ৰমণকালত কি বিতৰ্ক হৈছিল ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.