ETV Bharat / bharat

নেতাজীৰ নশ্বৰদেহ ভাৰতলৈ ঘূৰাই অনাৰ আহ্বান জীয়াৰী অনিতাৰ বসু ফাফৰ - Renko ji Temple of Tokyo

নেতাজী সুভাষ চন্দ্ৰ বসুৰ কন্যা অনিতা বসু ফাফে তেওঁৰ পিতৃৰ মৃতদেহ ভাৰতলৈ আনিবলৈ অনুৰোধ জনাইছে । তেওঁ কয় যে এয়াই তেওঁৰ মৃতদেহ ভাৰতলৈ অনাৰ সঠিক সময় (Request bring Subhash Bose remains to India)।

Request bring Subhash Bose remains to India

author img

By

Published : Aug 16, 2022, 11:17 AM IST

নিউজ ডেস্ক, 16 আগষ্ট: নেতাজী সুভাষ বসু সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তেওঁৰ কন্যাই (Netaji daughter Anita Bose Faf)৷ নেতাজীৰ কন্যা অনিতা বসু ফাফে কয় যে, তেওঁৰ পিতৃৰ মৃতদেহ ভাৰতলৈ অনাৰ সময় আহি পৰিছে । ১৯৪৫ চনৰ ১৮ আগষ্টত নেতাজীৰ মৃত্যুক লৈ এতিয়াও সন্দেহ থকা সকলক ‘ডি এন এ’ পৰীক্ষাই উত্তৰ দিব পাৰে । অষ্ট্ৰিয়াত জন্মগ্ৰহণ কৰা ফাফে এতিয়া জাৰ্মানীত বাস কৰে ।

Request bring Subhash Bose remains to India
নেতাজীৰ নশ্বৰদেহ ভাৰতলৈ ঘূৰাই অনাৰ আহ্বান জীয়াৰী অনিতাৰ বসু ফাফৰ

টকিঅ’ৰ ৰেংকোজী মন্দিৰত ৰখা নেতাজীৰ অৱশেষৰ বিজ্ঞানসন্মত প্ৰমাণ এই ‘ডিএনএ’ পৰীক্ষাৰ জৰিয়তে পোৱা যাব বুলিও তেওঁ কয় ৷ ইতিমধ্যে জাপান চৰকাৰে এই ক্ষেত্ৰত সন্মতি প্ৰদান কৰিছে । নেতাজীৰ একমাত্ৰ সন্তান ফাফে এক বিবৃতিত কয় যে, যিহেতু তেওঁৰ পিতৃ স্বাধীনতাৰ আনন্দ অনুভৱ কৰিবলৈ জীয়াই নাথাকিল, সেয়ে অন্ততঃ তেওঁৰ অৱশেষ ভাৰতৰ মাটিলৈ ঘূৰাই পঠোৱাৰ সময় আহি পৰিছে (Daughter demanded bring remains of Subhas Chandra Bose)।

তেওঁ কয়, “আধুনিক প্ৰযুক্তিৰ সহায়ত এতিয়া ডি এন এ পৰীক্ষা কৰা হয় ৷ যদিহে তেওঁৰ অৱশিষ্টৰ পৰা ডি এন এ লোৱা হয়, সকলো সত্য প্ৰমাণ হ’ব । ১৯৪৫ চনৰ ১৮ আগষ্টত নেতাজীৰ মৃত্যুক লৈ যিসকলে এতিয়াও সন্দেহ কৰে, তেওঁলোকে টকিঅ’ৰ ৰেংকোজি মন্দিৰত (Renko ji Temple of Tokyo) ৰখা অৱশেষ তেওঁৰ বুলি বৈজ্ঞানিক প্ৰমাণ লাভ কৰিব পাৰে’’ (DNA test of remains of Netaji)।

ফাফে লগতে কয়, ‘‘নেতাজীৰ মৃত্যুৰ চূড়ান্ত আনুষ্ঠানিক ভাৰতীয় তদন্তৰ সংলগ্ন নথি অনুসৰি (ন্যায়াধীশ মুখাৰ্জী তদন্ত আয়োগ) ৰেংকোজি মন্দিৰৰ পুৰোহিত আৰু জাপান চৰকাৰে এনে তদন্তৰ বাবে সন্মতি প্ৰকাশ কৰিছে ।

তেওঁ আৰু কয়, ‘‘গতিকে অৱশেষত আমি তেওঁক ঘৰলৈ আনিবলৈ সাজু হওঁ আহক । নেতাজীৰ জীৱনত তেওঁৰ দেশৰ স্বাধীনতাতকৈ গুৰুত্বপূৰ্ণ একোৱেই নাছিল । বিদেশী শাসনৰ পৰা মুক্ত ভাৰতত বসবাস কৰাতকৈ ডাঙৰ ইচ্ছা তেওঁৰ নাছিল । এতিয়া সময় আহি পৰিছে, অন্ততঃ তেওঁৰ মৃতদেহ ভাৰতৰ মাটিলৈ ঘূৰাই দিব পৰা যাব । তাৎপৰ্যপূৰ্ণভাৱে নেতাজীৰ মৃত্যু ৰহস্য ৰৈ গৈছে । অনুমান কৰা হৈছে যে, ১৯৪৫ চনৰ ১৮ আগষ্টত টাইৱানত হোৱা বিমান দুৰ্ঘটনাত তেওঁৰ মৃত্যু হৈছিল’’ (Netaji death mystery)।

উল্লেখ্য যে, ১৯৪৫ চনৰ ১৮ আগষ্টত টাইপেইত হোৱা বিমান দুৰ্ঘটনাত নেতাজীৰ মৃত্যু হোৱা বুলি দুখন তদন্ত আয়োগে জনাইছে (Netaji flight crash in Taiwan) ৷ আনহাতে তৃতীয় তদন্ত আয়োগে কয় যে, বসু এতিয়াও জীয়াই আছে ।

ইফালে নেতাজীৰ কন্যা অনিতা বসু ফাফে কয়, ‘‘নেতাজীৰ একমাত্ৰ সন্তান হোৱাৰ বাবে তেওঁৰ স্বাধীন ভাৰতলৈ ঘূৰি অহাৰ আন্তৰিক ইচ্ছা যাতে এই ৰূপত পূৰণ হয় ৷ তেওঁৰ সন্মানত উপযুক্ত অনুষ্ঠানৰ আয়োজন কৰাটো মোৰ কৰ্তব্য’’ ৷

তেওঁ কয় যে, ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো স্বাধীনতা সংগ্ৰামৰ অন্যতম মূল ‘বীৰ’ সুভাষ বসু এতিয়াও মাতৃভূমিলৈ ঘূৰি অহা নাই । ফাফে লগতে কয়, "এতিয়া স্বাধীনতাৰে জীয়াই থাকিব পৰা ভাৰতীয়, পাকিস্তানী আৰু বাংলাদেশী সকলোৱেই নেতাজীৰ পৰিয়াল ৷ আপোনালোকক মোৰ ভাই-ভনী হিচাপে প্ৰণাম জনাইছো আৰু নেতাজীক ঘৰলৈ ঘূৰাই অনাৰ প্ৰচেষ্টাত সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনালোঁ’’ ।

লগতে পঢ়ক: আজি ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.