নিউজ ডেস্ক, 19 ফেব্ৰুৱাৰী: অৱশেষত গ্ৰেপ্তাৰ হ'ল শ্ৰীনগৰৰ কৃষ্ণা ধাবাৰ মালিকৰ পুত্ৰক আক্ৰমণ কৰা তিনি সন্ত্ৰাসবাদী ৷ শুকুৰবাৰে কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে এই কথা সদৰী কৰে ৷
শ্ৰীনগৰত এখন সংবাদমেল সম্বোধন কৰি আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে কয় যে, 17 ফেব্ৰুৱাৰীৰ আবেলি শ্ৰীনগৰৰ দালগেট অঞ্চলত এখন ধাবাৰ গৰাকীক মটৰচাইকেলত অহা তিনি জন দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰে ৷ তেঁও কয় যে, এই তিনিজন আক্ৰমণকাৰীৰ মাজৰ দুজন পেম্পৰৰ আৰু অন্যজন পুলৱামাৰ ৷ তেওঁ লগতে এই কথাও জানিবলৈ দিয়ে যে তিনিওটা আক্ৰমণকাৰীয়ে নিজৰ অপৰাধৰ কথা স্বীকাৰ কৰিছে ৷
বিজয় কুমাৰে জানিবলৈ দিয়া মতে, এই আক্ৰমণৰ মূল লক্ষ্য আছিল অঞ্চলটোৰ আশে পাশে উত্তেজনা সৃষ্টি কৰা ৷ উল্লেখ্য যে, চহৰখনৰ এক উচ্চ সুৰক্ষিত অঞ্চলত অৱস্থিত কৃষ্ণা ধাবাৰ স্বত্বাধিকাৰীৰ পুত্ৰক বুধবাৰে আবেলি দুস্কৃতিকাৰীয়ে গুলী কৰাৰ পাছতে এতিয়াও আকাশ মেহৰা নামৰ ভোক্তভোগী গৰাকীয়ে চিকিৎসালয়ত মৃত্যুৰে সৈতে যুঁজি আছে ৷
লগতে পঢ়ক: ক'ভিশ্বিল্ড প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা জাৰি