ETV Bharat / bharat

Chambal river Boat capsized: চম্বল নদীত নাও ডুব গৈ তিনিজনৰ মৃত্যু, 11 গৰাকীক উদ্ধাৰ

author img

By

Published : Mar 18, 2023, 10:17 PM IST

কাৰাউলী দেৱীৰ মন্দিৰ দৰ্শন কৰিবলৈ গৈ 3 ভক্তৰ সলিল সমাধি ৷ মধ্য প্ৰদেশৰ মোৰেণাৰ চম্বল নদীত নাও ডুব যোৱাৰ ফলত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকীও লোক নদীত সন্ধানহীন হৈ আছে (Boat capsized at Chambal river) ৷

Three persons died and several missing when a boat capsized at Chambal river in Madhya Pradesh
চম্বল নদীত নাও ডুব গৈ তিনিজনৰ মৃত্যু

নেশ্যনেল ডেস্ক,18 মাৰ্চ: মধ্য প্ৰদেশৰ মোৰেণাত ভয়ংকৰ অঘটন (Boat accident in Madhya Pradesh) ৷ চম্বল নদীত নাও ডুব যোৱাৰ ফলত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকীও লোক নদীত সন্ধানহীন হৈ আছে (Boat capsized at Chambal river) ৷

ঘটনাৰ বিৱৰণী অনুসৰি মধ্য প্ৰদেশৰ শিৱপুৰীৰ পৰা এটা 17 জনীয়া ভক্তৰ দলে শনিবাৰে কাৰাউলি দেৱীৰ মন্দিৰ দৰ্শন কৰিবলৈ ৰাজস্থানৰ কাৰাউলি জিলালৈ গৈ আছিল ৷ তেনেকুৱাতে ভক্তৰ দলটোৱে চম্বল নদীত নাৱেৰে গৈ থাকোঁতেই নাওখন ডুব যোৱাৰ ফলত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ এই ঘটনা প্ৰত্যক্ষ কৰাৰ লগে লগে গাঁৱৰ কিছু ঘটনাস্থলীত উপস্থিত হৈ প্ৰথম অৱস্থাত 8 জন জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত কাৰাউলীৰ সংগ্ৰাহক অংকিত কুমাৰ সিং, আৰক্ষী অধীক্ষক নাৰায়ণ টংকাছৰ লগতে আৰক্ষী প্ৰশাসন আৰু এছ ডি আৰ এফৰ জোৱান ঘটনাস্থলীত উপস্থিত হয় ৷ সম্প্ৰতি উদ্ধাৰকাৰী দলটোৱে এগৰাকী মহিলাসহ তিনিজন ব্যক্তি মৃত অৱস্থাত উদ্ধাৰ কৰাৰ (Three persons died in boat accident) লগতে স্থানীয় ডুবাৰুৰ সহায়ত 11 গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে (Several missing in boat accident) ৷

যদিও এতিয়া 3 জন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দলটোৱে ৷ এতিয়াও অঞ্চলটোত নিখোজ ব্যক্তিসকলৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে। আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকলে অঞ্চলটোত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, ৰাজস্থানৰ কাৰাউলী জিলাত অৱস্থিত প্ৰতি বছৰে কাৰাউলী দেৱীৰ বিখ্যাত মন্দিৰত চৈত্ৰ নৱৰাত্ৰিৰ পূৰ্বে লাখী মেলা অনুষ্ঠিত হয়। এই মেলাত সমগ্ৰ ৰাজস্থান, মধ্য প্ৰদেশ আৰু অন্যান্য অঞ্চলৰ ভক্তসকলো উপস্থিত হয়হি ৷ চলিত বৰ্ষৰ 19 মাৰ্চৰ পৰা এই মেলাখন অনুষ্ঠিত হ’ব ৷

এই মেলা চোৱাৰ উপলক্ষে ভক্তসকলে কাৰাউলী দেৱীৰ মন্দিৰত ভিৰ কৰেহি ৷ এই ধৰ্মীয় স্থানসমূহলৈ অহা ব্যক্তিসকলৰ সুৰক্ষাৰ বিষয়ে প্ৰশাসনে উদ্বেগ প্ৰকাশ কৰি, কৰ্তৃপক্ষই লোকসকলক প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰাৰ লগতে ৰাজহুৱা স্থান ভ্ৰমণ আৰু মন্দিৰত ভ্ৰমণৰ সময়ত সকলো ধৰণৰ সুৰক্ষা নিৰ্দেশনা অনুসৰণ কৰিবলৈ আহ্বান জনাইছে।

লগতে পঢ়ক: Balaghat plane crash: মধ্য প্ৰদেশৰ লাঞ্জিত প্ৰশিক্ষাৰ্থী বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলট আৰু সহ পাইলট নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.