ETV Bharat / bharat

Gold merchant body recovered: পত্নী-কন্যাসহ সোণৰ ব্যৱসায়ীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

author img

By

Published : Feb 27, 2023, 6:45 PM IST

কলকাতা চহৰত এটা পৰিয়ালৰ তিনি সদস্যৰ মৃতদেহ উদ্ধাৰ হৈছে (3 bodies recovered)। পৰিয়ালটোৰ ভাড়াঘৰৰ ভিতৰত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ পিতৃ, মাতৃ আৰু কন্যাৰ মৃতদেহ । আত্মহত্যাৰ সন্দেহ আৰক্ষীৰ ।

Body recovered
কলকাতাত পিতৃ মাতৃ আৰু কন্যাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

নেশ্যনেল ডেস্ক,২৭ ফেব্ৰুৱাৰী : কলকাতাত ৰহস্যজনক ঘটনা । এটা ঘৰৰ ভিতৰত উদ্ধাৰ অৰ্ধগলিত তিনিটাকৈ মৃতদেহ (3 decomposed bodies recovered)। আৰক্ষীয়ে উদ্ধাৰ কৰি মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । ঘটনাক লৈ কলকাতাত তীব্ৰ উত্তেজনা ৷ দেওবাৰে কলকাতাৰ ৰিজেন্ট পাৰ্ক আৰক্ষী থানাৰ অন্তৰ্গত এটা ভাড়াঘৰত সোণ ব্যৱসায়ীৰ এটা দম্পতী আৰু তেওঁলোকৰ কন্যাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হয় । ঘৰটোৰ ভিতৰৰ পৰা দুৰ্গন্ধ ওলোৱাৰ পাচতে স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়ে আৰু স্থানীয় লোকৰ খবৰৰ ভিত্তিত সেই স্থানত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰে ।

আৰক্ষীয়ে তিনিওটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । আৰক্ষীয়ে এয়া আত্মহত্যা বুলি সন্দেহ কৰিছে (Suspected suicide case in Kolkata)। অৱশ্যে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । ভাড়াঘৰটোৰ মালিকৰ মতে, পৰিয়ালটো প্ৰায় ৭ মাহ পূৰ্বে সেই ফ্লেটটোলৈ আহিছিল । জানিব পৰা মতে পৰিয়ালটোৱে ঘৰৰ ভাড়া আৰু বিদ্যুতৰ বিল পৰিশোধো কৰিব পৰা নাছিল ।

আৰক্ষীয়ে জনোৱা মতে চুবুৰীয়াসকলে শনিবাৰে নিশা ফ্লেটটোৰ পৰা ওলোৱা দুৰ্গন্ধৰ বিষয়ে ঘৰৰ মালিকক অৱগত কৰিছিল । ঘৰৰ মালিক জয়ন্ত মণ্ডলে দেওবাৰে ফ্লেটলৈ গৈছিল । পৰিয়ালটোৱে ফোনৰ কোনো সঁহাৰি নিদিয়াৰ বাবে ঘৰৰ মালিকে ৰিজেন্ট পাৰ্ক আৰক্ষীক খবৰ দিয়ে ।

সূত্ৰৰ মতে আৰক্ষীয়ে ঘৰটোৰ দুৱাৰ ভাঙি ডাইনিং ৰুমৰ পৰা ব্যৱসায়ী দম্পতীৰ মৃতদেহ উদ্ধাৰ কৰে আৰু শোৱনি কোঠাৰ পৰা তেওঁলোকৰ কন্যাৰ মৃতদেহ উদ্ধাৰ কৰে । ইফালে মৃতদেহ উদ্ধাৰৰ পাছতে কলকাতা আৰক্ষীৰ ফৰেন্সিকৰ এটা দলও ঘটনাস্থলীত উপস্থিত হয় । মৃত লোককেইগৰাকী সোণৰ ব্যৱসায়ী বিজয় চট্টোপাধ্যায়, তেওঁৰ পত্নী ৰাণু চট্টোপাধ্যায় আৰু তেওঁলোকৰ ২১ বছৰীয়া কন্যা অইন্দ্ৰিলা চট্টোপাধ্যায় বুলি চিনাক্ত কৰা হৈছে (Bodies of all members of a family recovered)।

ইফালে ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে (Decomposed body recovered in Kolkata)। অৱশ্যে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ পাচত হে পোহৰলৈ আহিব প্ৰকৃততে তেওঁলোকৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি ? ঘৰটোৰ মালিক জয়ন্ত মণ্ডলে কোৱা মতে, পৰিয়ালটো তেওঁৰ ঘৰলৈ অহাৰ পাচতে কিছু বিত্তীয় সংকটৰ সন্মুখীন হৈছিল । যাৰ বাবে তেওঁলোকে দুমাহৰ ঘৰভাড়া পৰিশোধ কৰিব নোৱাৰিলে । তেওঁলোকে বিদ্যুতৰ বিলো পৰিশোধ কৰা নাছিল ।

লগতে পঢ়ক :Suspicious suicide in Golaghat: গোলঘাটত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.