ETV Bharat / bharat

Missile Misfires at Pokhran: পোখৰাণ ফায়াৰিং ৰেঞ্জত লক্ষ্যভ্ৰষ্ট ৩ মিছাইল; হতাহতৰ পৰা কথমপি ৰক্ষা

author img

By

Published : Mar 25, 2023, 7:52 AM IST

ঘটনাটো সংঘটিত হোৱাৰ সময়ত পোখৰাণ ফিল্ড ফায়াৰিং ৰেঞ্জত এটা সেনা গোটৰ বাৰ্ষিক অনুশীলন চলি আছিল । অৱশ্যে কোনো প্ৰাণহানি বা সম্পত্তিৰ ক্ষতিৰ খবৰ পোৱা হোৱা নাই (Three missile misfires from Pokhran firing range) ।

Missile misfire
Missile misfire

নিউজ ডেস্ক, ২৫ মাৰ্চ : ভাৰতীয় সেনাই শুকুৰবাৰে ৰাজস্থানৰ পোখৰাণ ফিল্ড ফায়াৰিং ৰেঞ্জৰ পৰা দুৰ্ঘটনাক্ৰমে তিনিটা মিছাইল নিক্ষেপ কৰে (Indian Army annual firing at Pokaran) ৷ তাৰে ভিতৰত ফিল্ড ফায়াৰিং ৰেঞ্জৰ বাহিৰত আজাছাৰ গাঁৱৰ ওচৰৰ কাচাব সিঙৰ পথাৰত এটা মিছাইলৰ ধ্বংসাৱশেষ পৰে । আনহাতে, ছাটায়া গাঁৱৰ পৰা বহু দূৰত থকা এক নিৰ্জন স্থানত আন এটা ধ্বংসাৱশেষ পোৱা যায় ৷ তৃতীয় মিছাইলটোৰ ধ্বংসাৱশেষৰ সন্ধান এতিয়াও চলি আছে (Three missile misfires from Pokhran firing range) ।

দুৰ্ঘটনাগ্ৰস্ত মিছাইলসমূহৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰিবলৈ আৰক্ষী আৰু সেনা বিষয়াসকল তৎক্ষণাৎ ঘটনাস্থলীলৈ যায় । দুৰ্ঘটনাটোত কোনো প্ৰাণহানি বা সম্পত্তিৰ ক্ষতিৰ খবৰ পোৱা হোৱা নাই । ঘটনাটো সেনাৰ জন সম্পৰ্কৰক্ষী বিষয়া অমিতাভ শৰ্মাই নিশ্চিত কৰিছে ।

ঘটনাটো সংঘটিত হোৱাৰ সময়ত পোখৰাণ ফিল্ড ফায়াৰিং ৰেঞ্জত এটা সেনা গোটৰ বাৰ্ষিক অনুশীলন চলি আছিল বুলি কিছু বিষয়াই জনাইছে (annual exercise of Indian Army) । এজন প্ৰতিৰক্ষা মুখপাত্ৰই কয়, "শুকুৰবাৰে এটা সেনা গোটে বাৰ্ষিক ফিল্ড ফায়াৰিং কৰি থকাৰ সময়তে এই ভুল ঘটনাটি সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে ।" তেওঁ কয় যে মিছাইলকেইটা সুৰক্ষিতভাৱে বিস্ফোৰণ হৈছে । কিন্তু ধ্বংসাৱশেষ ওচৰৰ পথাৰত পৰে ।

"কোনো ব্যক্তি বা সম্পত্তিৰ কোনো ক্ষতিৰ খবৰ পোৱা হোৱা নাই । বিষয়টোৰ তদন্ত চলি আছে ।" তেওঁ লগতে কয় । দুয়োটা মিছাইল অৱতৰণৰ কাৰণে দুৰ্ঘটনাস্থলীৰ ভূমিত একোটা ডাঙৰ গহ্বৰৰ সৃষ্টি হয় ।

উল্লেখ্য, এইটোৱোই হৈছে সম্ভৱত এনে ধৰণৰ প্ৰথমটো ঘটনা হ'ব পাৰে । আনহাতে, এই ঘটনাটোৰ পিছত দুৰ্ঘটনাজনিত উৎক্ষেপণ প্ৰতিহত কৰাৰ বাবে সুৰক্ষা প্ৰণালীৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে । লক্ষ্যভ্ৰষ্টৰ প্ৰকৃত কাৰণ এতিয়ালৈকে বিষয়াসকলে জানিব পৰা নাই যদিও তেওঁলোকে আশ্বাস দিছে যে ইয়াৰ এক পুংখানুপুংখ তদন্ত কৰিব আৰু দোষীক পৰ্যাপ্ত শাস্তি ঘোষণা কৰিব ।

লগতে পঢ়ক :One World TB Summit: যক্ষ্মা ৰোগীৰ সংখ্যা হ্ৰাসৰ বাবে দুই জিলালৈ ৰাষ্ট্ৰীয় বঁটা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.