ETV Bharat / bharat

বাবৰি মছজিদৰ পৰা তিনি কিলোমিটাৰ দূৰত কিয় নিৰ্মাণ হ’ল ৰাম মন্দিৰ- সঞ্জয় ৰাউত - বাবৰি মছজিদ

Sanjay Raut controversy statement: "য’ত মন্দিৰ নিৰ্মাণৰ বাবে বিতৰ্ক হৈছিল সেই ঠাইত মন্দিৰ নিৰ্মাণ নহ’ল ৷ মন্দিৰ নিৰ্মাণ হৈছে বাবৰি মছজিদৰ পৰা 3 কিলোমিটাৰ নিলগত ৷ এনেকে হ’লে সকলোৱে ৰাম মন্দিৰ নিৰ্মাণ কৰিব পাৰিলে হয় ৷"- শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে তালফাল লগাইছে সামাজিক মাধ্যমত ৷

Sanjay Raut controversy statement
বাবৰি মছজিদৰ পৰা তিনি কিলোমিটাৰ দূৰত কিয় নিৰ্মাণ হ’ল ৰাম মন্দিৰ- সঞ্জয় ৰাউত
author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 1:29 PM IST

নেশ্যনেল ডেস্ক, 16 জানুৱাৰী : "ৰাম কাৰো ব্যক্তিগত নহয়, ৰাম সকলোৰে, গতিকে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠালৈ সকলোৱে যাব লাগে, যাক যাক নিমন্ত্ৰণ জনাইছে তেওঁলোকো যাব লাগে, যিসকলক নিমন্ত্ৰণ জনোৱা হোৱা নাই তেওঁলোকো যাব লাগে ৷ ৰাম মন্দিৰ উদঘাটনলৈ নিমন্ত্ৰণ জনোৱাকেইজন কোন হয় ? ভাৰতীয় জনতা পাৰ্টীৰ ৰাম মন্দিৰ নহয়, যে তেওঁলোকে পাৰ্টীৰ কাৰ্যালয়লৈ মতাৰ দৰে নিমন্ত্ৰণ জনাইছে ৷ ৰাম মন্দিৰ য’ত নিৰ্মাণ কৰাৰ কথা আছিল, সেই ঠাইত নিৰ্মাণ হ’ল জানো ? য’ত মন্দিৰ নিৰ্মাণৰ বাবে বিতৰ্ক হৈছিল সেই ঠাইত মন্দিৰ নিৰ্মাণ নহ’ল ৷ মন্দিৰ নিৰ্মাণ হৈছে বাবৰি মছজিদৰ পৰা 3 কিলোমিটাৰ নিলগত ৷ এনেকে হ’লে সকলোৱে ৰাম মন্দিৰ নিৰ্মাণ কৰিব পাৰিলে হয় ৷ সেই বিতৰ্কিত ঠাইটো আজিও তেনেকৈয়ে পৰি আছে ৷ এয়া সৰ্বজন বিদিত ৷ আমি এই সন্দৰ্ভত কথা নাপাতো, এই সন্দৰ্ভত কথা পাতিব লাগে ভাৰতীয় জনতা পাৰ্টীয়েহে ৷ ময়ো ৰাম মন্দিৰলৈ যাম ৷" শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে ৰাম মন্দিৰৰ নিৰ্মাণক লৈ ভাৰতীয় জনতা পাৰ্টীক কটাক্ষ কৰি এই মন্তব্য প্ৰকাশ কৰে ৷

  • "मंदिर वही बनाएंगे" "मंदिर वही बनाएंगे" बोल बोल कर बाबरी मस्ज़िद गिराई। बाबरी मस्जिद के बड़े गुंबज के नीच ही भगवान श्री राम लला का जन्म हुआ था इस लिए वही मंदिर बनाने के हेतु से मस्जिद गिराई गई। फिर मंदिर वहा से 3 किलोमीटर दूर क्यों बनाया जा रहा है? अगर 3 किलोमीटर दूर ही मंदिर… pic.twitter.com/rNvmkhvuaU

    — Vikas Bansal (@INCBANSAL) January 15, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

এই মন্তব্যৰ পিচতে এতিয়া সামাজিক মাধ্যমত ব্যাপক তোলপাৰ লাগিছে ৷ ব্যৱহাৰকাৰীসকলে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ কোনো কোনোৱে এই মন্তব্যক সমৰ্থন কৰি সঁহাৰি প্ৰদান কৰাৰ বিপৰীতে কিছু লোকে ৰাউতক সমালোচনাৰে থকা সৰকা কৰিছে ৷ কোনোৱে আকৌ এই মন্তব্যক ৰাজনৈতিক পৰিপ্ৰেক্ষিতত লক্ষ্য কৰি মত প্ৰকাশ কৰিছে ৷

অচিৰেই ভক্তৰ বাবে মুকলি হ’ব ৰাম মন্দিৰৰ দুৱাৰ ৷ মাজত মাথো 7 টা দিন ৷ শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে সাতদিনীয়া বৈদিক ৰীতি-নীতিৰে আৰম্ভ কৰিছে অভিষেক অনুষ্ঠান ৷ অহা 22 জানুৱাৰীত ৰাম মন্দিৰত হ’বলগীয়া প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে মঙলবাৰৰ পৰা ৰীতি-নীতি অনুসৰি অভিষেক অনুষ্ঠান আৰম্ভ হৈছে ।

লগতে পঢ়ক: ৭ দিনীয়া ৰীতি-নীতিৰে আৰম্ভ হৈছে অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.