ETV Bharat / bharat

গুজৰাটৰ ৰাজকোটত ভয়াৱহ দুৰ্ঘটনাত ৩ গৰাকী মহিলা নিহত

author img

By

Published : Jan 2, 2021, 4:08 PM IST

প্ৰথমে কপাহ ভৰ্তি ট্ৰাক আৰু এখন বাহনৰ মাজত সংঘৰ্ষ । দুৰ্ঘটনাৰ পিছতে ৰাজপথত দপদপাই জ্বলিল ট্ৰাক আৰু বাহনখন । জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক আকোঁৱালি ল'লে বাহনখনত ভিতৰত থকা ৩ গৰাকী মহিলাই । গুজৰাটৰ ৰাজকোট ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা ।

গুজৰাটৰ ৰাজকোটত ভয়াৱহ দুৰ্ঘটনাত ৩ গৰাকী মহিলা নিহত
গুজৰাটৰ ৰাজকোটত ভয়াৱহ দুৰ্ঘটনাত ৩ গৰাকী মহিলা নিহত

নেশ্যনেল ডেস্ক, ২ জানুৱাৰী: গুজৰাটৰ ৰাজকোটত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনা । ৰাজকোটৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন কপাহ ভৰ্তি ট্ৰাক আৰু এখন বাহনৰ মাজত সংঘৰ্ষ হয় । ইয়াৰ পিছতে দপদপাই জ্বলি উঠে দুয়োখন বাহন । দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ ভিতৰত আছিল তিনিগৰাকী মহিলা । দুৰ্ঘটনাৰ পিছতো বাহনখনৰ পৰা ওলাব পৰা নাছিল মহিলাকেইগৰাকী ।

দুৰ্ভাগ্যবশতঃ জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু আঁকোৱালি ল'বলগীয়া হয় তিনিওগৰাকী মহিলাই । পিছত অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে । সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে মহিলাকেইগৰাকীৰ মৃতদেহ । এই সন্দৰ্ভত তদন্তও আৰম্ভ কৰিছে ৰাজকোট আৰক্ষীয়ে ।

লগতে পঢ়ক:শনিবাৰে পুৱা দিল্লীৰ বিভিন্ন স্থানত পাতলীয়া বৰষুণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.