নেশ্যনেল ডেক্স, 1 ডিচেম্বৰ: এগৰাকী মহিলাক ধৰ্ষণৰ অভিযোগত শুকুৰবাৰে কলকাতাৰ নিউ মাৰ্কেট আৰক্ষীয়ে তিনিজনকৈ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে ৷ নিউ মাৰ্কেট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত তিনিটা ক্ৰমে মহম্মদ ৰাছেল শ্বেইখ(৩৭), মহম্মদ কুশৰ চৌধুৰী(৩৭) আৰু মহম্মদ আব্দুল আলি মিজান(৩৬) বুলি জানিব পৰা হৈছে ৷ মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিতেই কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি লম্পটক(Three Bangladeshis arrested on rape charge) ৷
উল্লেখ্য যে, মঙলবাৰে তিনি বাংলাদেশীৰ কামনাৰ বলি হৈছিল কলিকতাৰ নিবাসী নয়ডাৰ এগৰাকী মহিলা ৷ মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিতেই কলকাতা আৰক্ষীয়ে অভিযান চলাই এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে মহম্মদ ৰাছেল শ্বেইখ, মহম্মদ কুশৰ চৌধুৰী আৰু মহম্মদ আব্দুল আলি মিজানক(Bangladeshis arrested on rape charge) ৷ মহিলাগৰাকীয়ে দাখিল কৰা এজাহাৰ অনুসৰি, তিনি অভিযুক্তই মহিলাগৰাকীক বলপূৰ্বকভাৱে এখন হোটেললৈ লৈ গৈ উপৰ্যুপৰি ধৰ্ষণ কৰিছিল ৷
এই ঘটনাৰ পিছতে মহিলাগৰাকীয়ে নিশাই কলকাতাৰ নিউ মাৰ্কেট আৰক্ষী চকীত তিনিওৰে বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়ে লগে লগে সংশ্লিষ্ট হোটেলখনত উপস্থিত হৈ তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰে । এজন ৰোগীক চিকিৎসাৰ বাবে লগত লৈ বাংলাদেশী নাগৰিক কেইজন কলকাতালৈ আহিছিল । আনহাতে আৰক্ষীয়ে সংশ্লিষ্ট হোটেলখনৰ মেনেজাৰকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰাখিছে ।
হোটেলখনৰ ৰেজিষ্ট্ৰী বুকৰ সৈতে চিচিটিভি ফুটেজো নিউ মাৰ্কেট আৰক্ষীয়ে জব্দ কৰিছে(Kolkata police arrest 3 bangladeshi citizen) । আৰক্ষীয়ে সম্প্ৰতি মহিলাগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে । আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে বাংলাদেশৰ আৰক্ষীৰ সৈতেও যোগাযোগ কৰিছে ৷
লগতে পঢ়ক: Father sexually assaulting minor stepdaughter: ধৰ্ষণকাৰী সতিয়া পিতৃক ২০ বছৰৰ কাৰাদণ্ড