ETV Bharat / bharat

1 মে'ৰ পৰা দেশত তৃতীয় পৰ্যায়ত কৰ'ণা প্ৰতিষেধক প্ৰদান

author img

By

Published : Apr 19, 2021, 9:09 PM IST

1 মে' ৰ পৰা ভাৰতত তৃতীয় পৰ্যায়ত ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ ৷ 18 বছৰৰ উৰ্ধৰ সকলোৱে গ্ৰহণ কৰিব পাৰিব এই প্ৰতিষেধক ৷ সোমবাৰে কেন্দ্ৰ চৰকাৰে ঘোষণা কৰে এই কথা ৷

third phase of covid vaccination from may 1
1 মে'ৰ পৰা দেশত তৃতীয় পৰ্যায়ৰ কৰ'ণাৰ প্ৰতিষেধক প্ৰদান

নিউজ ডেস্ক,19 এপ্ৰিল: কৰ'ণা অতিমাৰীৰ দ্বিতীয় ঢৌৱে দেশৰ সৰ্বত্ৰে এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে কেন্দ্ৰকো শংকিত কৰি তোলা পৰিলক্ষিত হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে অতি তৎপৰতাৰে 1 মে' ৰ পৰা তৃতীয় পৰ্যায়ত ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ প্ৰতিষেধক প্ৰদানৰ এই তৃতীয় পৰ্যায়ত 18 বছৰ উৰ্ধৰ সকলোৱে প্ৰতিষেধক গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব বুলিও কেন্দ্ৰই জানিবলৈ দিয়ে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে অনুষ্ঠিত হোৱা এক বৈঠকৰ পাছতে সোমবাৰে কেন্দ্ৰই এই কথা ঘোষণা কৰে ৷ ক'ভিড -19 অতিমাৰীৰ সংক্ৰমণে এক ভয়াবহ দিশলৈ গতি কৰাৰ মাজতে কেন্দ্ৰই উদাৰ আৰু তৰান্বিত গতিত কৰ'ণাৰ প্ৰতিষেধক প্ৰদানৰ তৃতীয় পৰ্যায় আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ৷

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, অতি কম সময়ৰ ভিতৰতে যাতে গৰিষ্ঠ সংখ্যক ভাৰতীয় লোকে ক'ভিড-19 প্ৰতিষেধক লাভ কৰিব পাৰে তাৰ বাবে চৰকাৰে বিগত এটা বছৰ ধৰি কঠোৰ পৰিশ্ৰম স্বীকাৰ কৰিছে ৷

চৰকাৰে কৈছিল যে, বিশ্বৰ সৰ্ববৃহৎ টীকাকৰণ অভিযানৰ তৃতীয় পৰ্যায়ত কৰ’ণা ভাইৰাছ প্ৰতিষেধক ক্ৰয়, যোগ্যতা, প্ৰশাসন নমনীয় কৰা হৈছে । ক’ভিড-19 প্ৰতিষেধক নিৰ্মাতাসকলক উৎপাদন অধিক বৃদ্ধি কৰিবলৈ, নতুন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক আকৰ্ষিত কৰিবলৈ উৎসাহিত কৰা হৈছে ৷

কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিয়ে মতে, প্ৰতিষেধক প্ৰদান অভিযানৰ তৃতীয় পৰ্যায়ত কৰ'ণা প্ৰতিষেধকৰ সংগ্ৰহ, যোগ্যতা আদিকে ধৰি সকলো দিশ নমনীয় কৰি তোলা হৈছে ৷ প্ৰতিষেধক উৎপাদনকাৰীসকলক উৎপাদন বৃদ্ধি কৰিবলৈও নিৰ্দেশ প্ৰদান কৰা হৈছে বুলিও কেন্দ্ৰই জানিবলৈ দিয়ে ৷

চিন্তনীয়ভাৱে ক'ভিড-19 ৰ এই দ্বিতীয় ঢৌত আক্ৰান্তৰ সংখ্যা অতি দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগতে দেশৰ ভিন্ন প্ৰান্তত অক্সিজেনৰো অভাৱ হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: কৰ’ণাৰ পৰিস্থিতি সম্পৰ্কত মোডীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.