ETV Bharat / bharat

জম্মু-কাশ্মীৰত তিনিগৰাকী চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত

জম্মু-কাশ্মীৰত পুনৰ দুগৰাকী চৰকাৰী কৰ্মচাৰীক বৰ্খাস্ত কৰা হ'ল চাকৰিৰ পৰা । কোনো আনুষ্ঠানিক তদন্ত অবিহনেই 'ৰাষ্ট্ৰ বিৰোধী' কাৰ্যকলাপৰে জড়িত থকাৰ অভিযোগত জম্মু-কাশ্মীৰ প্ৰশাসনে কৰ্মচাৰী দুজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰে । ইয়াৰ পূৰ্বে কুপৱাৰাৰ এজন চৰকাৰী শিক্ষককো বৰ্খাস্ত কৰা হৈছিল ।

author img

By

Published : May 4, 2021, 7:02 PM IST

Third govt employee sacked for anti state activities in Jammu and Kashmir
ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপৰে জড়িত থকাৰ অভিযোগত চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত

নেশ্যনেল ডেস্ক,4 মে': কুপৱাৰাৰ এজন শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পিছত সোমবাৰে পুনৰ দুগৰাকী চৰকাৰী কৰ্মচাৰীক বৰ্খাস্ত কৰে জম্মু-কাশ্মীৰ প্ৰশাসনে । বৰ্খাস্ত কৰা কৰ্মচাৰী দুজন হৈছে পুলৱামাৰ এজন ৰাজহ বিষয়া নাজিৰ আহমেদ ৱানী আৰু উধমপুৰৰ সহকাৰী অধ্যাপক আব্দুল বাৰী নায়ক ।

'ৰাষ্ট্ৰ বিৰোধী' কাৰ্যকলাপৰে জড়িত থকাৰ অভিযোগ উত্থাপিত হোৱা কৰ্মচাৰী দুগৰাকীৰ বিৰুদ্ধে আনুষ্ঠানিক তদন্ত নকৰাকৈয়ে জম্মু-কাশ্মীৰ প্ৰশাসনে দুয়োকে বৰ্খাস্ত কৰে । সংবিধানৰ ৩১১ নং অনুচ্ছেদৰ অধীনত ৰাজ্যৰ নিৰাপত্তাৰ স্বাৰ্থত তিনিওকে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় ।

আনহাতে, এই সন্দৰ্ভত প্ৰশাসনে জাৰি কৰা এক পৃথক নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে, কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ তথা দেশৰ সুৰক্ষাৰ খাতিৰত গ্ৰহণ কৰা এই সিদ্ধান্তক লৈ ৰাজ্যপালে সন্তুষ্টি প্ৰকাশ কৰিছে । নিৰ্দেশনাত ইয়াকো কোৱা হৈছিল যে, কৰ্মচাৰীকেইজনৰ বিৰুদ্ধে ৰুজু কৰা গোচৰবোৰৰ কোনো অনুসন্ধান কৰাটো সমীচীন নাছিল । জম্মু-কাশ্মীৰ প্ৰশাসনে এক বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰাৰ পিছতে এই কৰ্মচাৰীকেইজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে ।

কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰী কৰ্মচাৰীসকলৰ বিৰুদ্ধে উত্থাপিত হোৱা 'ৰাষ্ট্ৰ বিৰোধী' কাৰ্যকলাপৰে জড়িত থকাৰ অভিযোগৰ তদন্ত কৰিবলৈ এই বিশেষ টাস্ক ফ'ৰ্চক দায়িত্ব অৰ্পণ কৰা হৈছে । জম্মু-কাশ্মীৰ প্ৰশাসনে যোৱা ১ মে'ত কুপৱাৰাৰ ইদ্ৰিছ জান নামৰ এজন শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল ।

লগতে পঢ়ক: ইংলেণ্ডৰ অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই অনা বিমান উপস্থিত চেন্নাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.