Brain Tumors: ৰাতি টোপনি নহাটো হ’ব পাৰে মস্তিস্কৰ টিউমাৰৰ লক্ষণ - ৰাতি টোপনি নহা
আমাৰ মগজুৱে অহৰহ কাম কৰি থাকে ৷ দীঘলীয়া সময় ধৰি নিৰন্তৰ কাম কৰাৰ বাবে মগজুটোক বিভিন্ন সময়ত বিভিন্ন ৰোগে আক্ৰান্ত কৰে ৷ সেয়ে আজি আমি মস্তিস্কৰ টিউমাৰৰ কিছুমান প্ৰাৰম্ভিক লক্ষণৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম-


Published : Sep 4, 2023, 6:58 PM IST
এজন ব্যক্তিৰ মগজুৱে 24 ঘণ্টাই একেৰাহে কাম কৰি থাকে ৷ দীঘলীয়া সময় ধৰি নিৰন্তৰ কাম কৰাৰ বাবে মগজুটোক বিভিন্ন সময়ত বিভিন্ন ৰোগে আক্ৰান্ত কৰে ৷ এই ৰোগ সমূহৰ এক অন্যতম ৰোগ হ'ল ‘ব্ৰেইন টিউমাৰ’ অথবা মগজু বা মস্তিস্কৰ টিউমাৰ ৷ যেতিয়াই মস্তিস্কৰ টিউমাৰ বিকশিত হয়, শৰীৰত বিভিন্ন লক্ষণে দেখা দিবলৈ আৰম্ভ কৰে ৷ যদি আপুনি সময়মতে এই লক্ষণবোৰৰ প্ৰতি মনোযোগ নিদিয়ে, তেন্তে আপোনাৰ জীৱনৰ প্ৰতি ই চৰম ভাবুকি কঢ়িয়াই আনিব পাৰে ৷ আজি আমি মস্তিস্কৰ টিউমাৰৰ কিছুমান প্ৰাৰম্ভিক লক্ষণৰ বিষয়ে জানো আহক-
মস্তিস্কৰ টিউমাৰ কি ?
এই টিউমাৰ মগজু আৰু ইয়াৰ চাৰিওফালৰ কোষবোৰৰ বিকাশৰ ফলত হয় ৷মস্তিস্কৰ টিউমাৰ মস্তিস্কৰ কোষকলাত অথবা মস্তিস্কৰ কোষকলাৰ চাৰিওফালেও হ'ব পাৰে ৷ ই পিটুইটাৰি গ্ৰন্থি, পাইনেল গ্ৰন্থি আৰু মস্তিস্কৰ পৃষ্ঠ আৱৰি থকা আৱৰণতো হ'ব পাৰে ৷
মস্তিস্কৰ টিউমাৰৰ লক্ষণ-
বিশেষজ্ঞসকলৰ মতে, মস্তিস্কৰ টিউমাৰ আৰম্ভ হ'লে আপুনি আপোনাৰ শৰীৰত ইয়াক অনুভৱ কৰিব পাৰিব ৷তদুপৰি, মস্তিস্কৰ টিউমাৰ থকা লোকসকলৰ শৰীৰত কিছুমান প্ৰাৰম্ভিক লক্ষণে দেখা দিয়ে ৷ সেইসমূহ হৈছে-
- ওকালি অহা বা বমি হোৱা ৷
- খুব ভাগৰুৱা অনুভৱ হোৱা ৷
- টোপনিৰ অভাৱ ৷
- খোজ কাঢ়িবলৈ অসুবিধা হোৱা ৷
- মূৰত বিষ ৷
- দৃষ্টিশক্তি হেৰুওৱা ৷
- হাত আৰু ভৰিৰ সংবেদন ৷
- মনোভাৱ সঘনাই সলনি হোৱা ৷
- পঢ়া আৰু লিখাত অসুবিধা ৷
- মুখ, হাত আৰু ভৰিত দুৰ্বলতা অনুভৱ কৰা ৷
যদি আপুনি আপোনাৰ শৰীৰত এনে কোনো লক্ষণে দেখা দিয়ে, তেন্তে খুব সোনকালেই বিশেষজ্ঞৰ পৰামৰ্শ ল’ব ৷
লগতে পঢ়ক: Coconut Water for Hair: কেৱল তেলেই নহয় চুলিৰ অধিক উপকাৰী নাৰিকলৰ পানী, এনেদৰে কৰক ব্যৱহাৰ