ETV Bharat / bharat

Fruits For Diabetes: ডায়েবেটিছ ৰোগীৰ বাবে বৰদানস্বৰূপ এই ৫বিধ বাৰিষা কালৰ ফল; আজিয়েই অন্তৰ্ভুক্ত কৰক খাদ্য তালিকাত - চেৰী

কেইদিনমানৰ পিচত আগমন ঘটিব বাৰিষাকালৰ । বতৰৰ পৰিৱৰ্তনৰ লগে লগে খাদ্যাভ্যাসতো পৰিৱৰ্তন ঘটে । এনে পৰিস্থিতিত যদি আপুনি ডায়েবেটিছ ৰোগী, তেন্তে আমি আপোনাক ৫বিধ বাৰিষা কালৰ ফলৰ বিষয়ে কৈছো যিবোৰ আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে ।

These 5 monsoon fruits are boon for diabetes patients include them in your diet without any fear
ডায়েবেটিছ ৰোগীৰ বাবে বৰদানস্বৰূপ এই ৫বিধ বাৰিষা কালৰ ফল, আজিয়েই অন্তৰ্ভুক্ত কৰক খাদ্য তালিকাত
author img

By

Published : May 31, 2023, 7:28 PM IST

বতৰ পৰিৱৰ্তনৰ লগে লগে মানুহে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল’বলৈ আৰম্ভ কৰে । বিশেষকৈ চিকিৎসাজনিত সমস্যাৰ সৈতে যুঁজি থকা লোকসকলৰ বাবে নিজৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় । ডায়েবেটিছ এনেকুৱা এটা সমস্যা, য’ত মানুহে নিজৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন ল’বলগীয়া হয় । বতৰৰ পৰিৱৰ্তনৰ লগে লগে ডায়েবেটিছ ৰোগীৰ খাদ্যাভ্যাসতো পৰিৱৰ্তন ঘটে ।

কিছুদিনৰ পিচত আগমন ঘটিব বাৰিষাকালৰ । এই সময়ছোৱাৰ লগে লগে বজাৰত বহুতো নতুন ফল-মূল উপলব্ধ হ’বলৈ আৰম্ভ কৰে । গতিকে যদি আপুনি বা আপোনাৰ ওচৰ-চুবুৰীয়া কোনোবাই ডায়েবেটিছ ৰোগত আক্ৰান্ত, তেন্তে আজি আমি আপোনাক এনে পাঁচবিধ বাৰিষাকালৰ ফলৰ বিষয়ে ক’ম, যিবোৰ আপুনি কোনো ভয় নোহোৱাকৈ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে ।

নৰা বগৰী

গ্লাইচেমিক ইনডেক্স কম থকা নৰা বগৰী সুস্বাদু হোৱাৰ লগতে স্বাস্থ্যৰ বাবেও অতি উপকাৰীও । ইয়াৰ গ্লাইচেমিক ইনডেক্স অতি কম, যাৰ বাবে ডায়েবেটিছ ৰোগীয়ে ইয়াক সহজেই খাদ্যৰ অংশ হিচাবে গঢ়ি তুলিব পাৰে । লগতে কম কেলৰিযুক্ত ফল হোৱাৰ বাবে কোনো চিন্তা নকৰাকৈ খাব পাৰে ।

নাচপতি

আঁহযুক্ত নাচপতি ডায়েবেটিছ ৰোগীৰ বাবেও এক উত্তম ফল । গ্লাইচেমিক সূচকাংক কম হোৱাৰ বাবে নাচপতি ডায়েবেটিছ ৰোগীৰ বাবে এক উত্তম বিকল্প । কেৱল এয়াই নহয়, ওজন নিয়ন্ত্ৰণতো ই অতি সহায়ক। ইয়াৰ লগতে নাচপতি খালে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰাও সকাহ পোৱা যায় । এইদৰে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখি নাচপতিৰ প্ৰাকৃতিক মিঠা উপভোগ কৰিব পাৰিব ।

আপেল

আপেল এনে এটা ফল, যিটো স্বাস্থ্যৰ বহু উপকাৰিতাৰ বাবে জনাজাত । ই এনেকুৱা এবিধ ফল, যিটো ডায়েবেটিছ ৰোগীয়ে গোটেই বছৰটো খাব পাৰে । প্ৰাকৃতিক মিঠা সোৱাদেৰে সমৃদ্ধ আপেলত আঁহৰ লগতে বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে, যাৰ ফলত ই ডায়েবেটিছ ৰোগীৰ বাবে একেবাৰে উপযুক্ত ।

বগৰী

তেজৰ চেনি নিয়ন্ত্ৰণৰ বাবে প্লাম হৈছে বাৰিষাৰ জনপ্ৰিয় ফল । উচ্চ ব্লাড চুগাৰ থকা লোকৰ বাবে এই ফল এক আশীৰ্বাদতকৈ কম নহয় । বহুতো পুষ্টি আৰু ভিটামিনেৰে ভৰপূৰ প্লাম ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে এক ঔষধ । গ্লাইচেমিক ইনডেক্স কম হোৱাৰ বাবে চেনি ৰোগীয়ে কোনো চিন্তা নকৰাকৈ ইয়াক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে ।

চেৰী

সৰু দেখা চেৰীক এন্টিঅক্সিডেন্টৰ শক্তিশালী স্থান বুলি গণ্য কৰা হয় । সোৱাদত অতি উত্তম, চেৰী পুষ্টিকৰ উপাদানৰে সমৃদ্ধ আৰু গ্লাইচেমিক সূচকাংক কম । পটাছিয়াম আৰু এন্টি অক্সিডেন্টৰ পৰিমাণ বেছি হোৱাৰ বাবে ডায়েবেটিছ ৰোগীয়ে ইয়াক কোনো ভয় নোহোৱাকৈ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে । এই ফল তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত অতি সহায়ক ।

লগতে পঢ়ক: World No Tobacco Day 2023: মানসিক চাপৰ দূৰ কৰা তথা ধঁপাত সেৱনৰ পৰা আঁতৰি থাকিবলৈ অনুসৰণ কৰক এইসমূহ উপায়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.