নিউজ ডেস্ক,২৩ ফেব্ৰুৱাৰী: ২২ ফেব্ৰুৱাৰীৰ দিনটোত পুনৰ মিজোৰামত এগৰাকী লোক আক্ৰান্ত কৰ'ণাত । জোৰাম চিকিৎসালয় মহাবিদ্যালয়ত কৰা RT-PCR পৰীক্ষাত ৪৫ টা নমুনা সংগ্ৰহ কৰিছিল যদিও ইয়াৰে সকলোৰে ফলাফল নেগেটিভ আহে ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ট্ৰুনেট পৰীক্ষাগাৰত ১৪ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছিল যদিও সেই সমূহতো নিগেটিভ ফলাফল পোৱা যায় ৷ কিন্তু ৰেপিড এন্টিজেনৰ দ্বাৰা কৰা ৯১০ টা নমুনাৰ পৰীক্ষাৰ অন্তত ৪১ বছৰীয়া এগৰাকী মহিলাৰ দেহত ধৰা পৰে ক'ভিড-১৯ৰ অৱস্থিতি । অৱশ্যে মহিলাগৰাকীৰ দেহত কৰ'ণাৰ কোনো লক্ষণ নাছিল ৷
উল্লেখ যে ২২ ফেব্ৰুৱাৰীৰ দিনটোত ৰাজ্যখনত মুঠ ৯৬৯ টা নমুনা পৰীক্ষা কৰা হৈছিল য'ত আক্ৰান্তৰ হাৰ আছিল ০.১০ শতাংশ । ইফালে মিজোৰামত ক’ৰণাত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৪৪১০ গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৪৩৭৯ গৰাকীয়ে আৰোগ্য লাভ কৰিছে ৷ মহামাৰীৰ ফলত ৰাজ্যখনত দহ গৰাকী লোকে মৃত্যুক আকোঁৱালি ল’ব লগা হৈছে ৷ ৰাজ্যখনত ২৩ ফেব্ৰুৱাৰীলৈ ২১ গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷