ETV Bharat / bharat

FIR against Journalist: মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে আজি গ্ৰহণ কৰিব EGI ৰ গোচৰৰ শুনানি - মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়

আজি গ্ৰহণ কৰা হ’ব এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াৰ সদস্যৰ বিৰুদ্ধে মণিপুৰ চৰকাৰে দিয়া গোচৰৰ শুনানি ৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

The Supreme Court is scheduled to hear on Monday a plea by the Editors Guild
ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বৰ বিচাৰপীঠে আজি গ্ৰহণ কৰিব EGI ৰ গোচৰৰ শুনানি
author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 7:08 AM IST

নেশ্যনেল ডেস্ক, 11 ছেপ্টেম্বৰ: মণিপুৰ চৰকাৰে এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াৰ সদস্যৰ বিৰুদ্ধে দিয়া গোচৰ সন্দৰ্ভত দেশৰ শীৰ্ষ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়া ৷ সোমবাৰ অৰ্থাৎ 11 ছেপ্টেম্বৰৰ দিনা এই গোচৰৰ শুনানি উচ্চতম ন্যায়ালয়ত গ্ৰহণ কৰা হ’ব । মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

আনহাতে, শীৰ্ষ আদালতে ১১ ছেপ্টেম্বৰ পৰ্যন্ত এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াৰ চাৰিজন সদস্যক কুকি আৰু মেইটেই দুটা সম্প্ৰদায়ৰ মাজত গোষ্ঠীগত সংৰ্ঘষত অৰিহণা যোগেৱা সন্দৰ্ভত যি গোচৰ তৰা হৈছে সেই ক্ষেত্ৰটো কোনো পদক্ষেপ গ্ৰহণ নকৰবলৈ 6 ছেপ্টেম্বৰৰ দিনা মণিপুৰ আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছিল ৷

যোৱা 4 ছেপ্টেম্বৰত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে এডিটৰ্ছ গিল্ড অব ইণ্ডিয়াৰ 4 গৰাকী সদস্যৰ বিৰুদ্ধে উত্থাপন কৰিছিল গুৰুতৰ অভিযোগ ৷ গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত ৰাজ্যখনত “সংঘৰ্ষৰ সৃষ্টি” কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰি গোচৰ তৰিছিল মুখ্যমন্ত্ৰী সিঙে । গিল্ডৰ চাৰিজন সদস্যৰ বিৰুদ্ধেও দুবাৰকৈ এজাহাৰ ৰুজু কৰা হয় ৷ ইয়াৰ লগতে মানহানিৰ অতিৰিক্ত অভিযোগো উত্থাপন কৰা হয় 4 গৰাকী সদস্যৰ বিৰুদ্ধে ।

EGI ৰ সম্পাদক আৰু ইয়াৰ তিনিজন সদস্যৰ বিৰুদ্ধে প্ৰথমাৱস্থাত এজাহাৰ দাখিল কৰিছিল মণিপুৰ চৰকাৰৰ বাবে কাম কৰা অৱসৰপ্ৰাপ্ত অভিযন্তা ঙাংগম সাৰত সিঙে । EGI ৰ সম্পাদক সীমা মুস্তাফাৰ উপৰিও গোচৰ ৰুজু হোৱাসকলৰ ভিতৰত আছে জ্যেষ্ঠ সাংবাদিক সীমা গুহা, ভাৰত ভূষণ আৰু সঞ্জয় কাপুৰ । 7 আগষ্টৰ পৰা 10 আগষ্ট পৰ্যন্ত সংবাদ কৰ্মীকেইজনে অগ্নিগৰ্ভা ৰাজ্যখন ভ্ৰমণ কৰি পৰিস্থিতি অধ্যয়ন কৰি প্ৰতিবেদন প্ৰস্তুত কৰিছিল ।

সম্পাদক গিল্ডে 2 ছেপ্টেম্বৰত প্ৰকাশিত এক প্ৰতিবেদনত ৰাজ্যখনত ইণ্টাৰনেট সম্বন্ধীয় নিষেধাজ্ঞাক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল । এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াৰ সদস্যসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ বিভিন্ন ধাৰাত ৰুজু কৰা হৈছে গোচৰ ৷ 153A (দুটা সম্প্ৰদায়ৰ মাজৰ শত্ৰুতাক উদ্গণি জনোৱা), 200 ( মিছাক সঁচা বুলি প্ৰচাৰ কৰা), 298 (ধৰ্মীয় অনুভূতিক ইচ্ছাকৃতভাৱে আঘাত কৰা) ৰ লগতে তথ্য প্ৰযুক্তি আইন আৰু প্ৰেছ কাউন্সিল আইনৰ অধীনটো সংবাদ কৰ্মীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ।

এই ধাৰাসমূহৰ উপৰিও দ্বিতীয়টো এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ 499 (মানহানি) ধাৰাও প্ৰয়োগ কৰা হৈছে এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াৰ সদস্যসকলৰ বিৰুদ্ধে । ইয়াৰ পূৰ্বে মণিপুৰ চৰকাৰে নেশ্যনেল ফেডাৰেচন অৱ ইণ্ডিয়ান উইমেনৰ তিনিজনীয়া তথ্য সন্ধানকাৰী দলৰ বিৰুদ্ধে জাতিগত সংঘাতৰ প্ৰতিবেদনৰ বাবে এফআইআৰ দাখিল কৰিছিল ।

উল্লেখ্য যে, 3 মে’ত মণিপুৰত জাতিগত সংঘৰ্ষ হোৱাৰ ফলত 160 জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু কেইবাশ লোক আহত হোৱাৰ উপৰিও নানান নাৰকীয় ঘটনা সংঘটিত হৈছে বুলি পৰৱৰ্তী সময়ত বিভিন্ন সংবাদ মাধ্যমযোগে পোহৰলৈ আহে ৷ যিবোৰ বিক্ষিপ্ত ঘটনাই কেৱল দেশখনতে নহয় সমগ্ৰ বিশ্বজুৰি সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক: FIR against Journalist : সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে মণিপুৰ চৰকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.