ETV Bharat / bharat

Tragic incident in Ludhiana : লুধিয়ানাৰ বডদোৱালত চৰকাৰী বিদ্যালয়ৰ ছাদ খহি এজন শিক্ষকৰ মৃত্যু; তিনিজন আহত

লুধিয়ানাৰ বডদোৱালত চৰকাৰী বিদ্যালয় বডদোৱালৰ ষ্টাফ ৰুমৰ ছাদ খহি এজন শিক্ষকৰ মৃত্যু হোৱাৰ লগতে তিনিজন আহত হৈছে ৷ বিদ্যালয় ভৱন নিৰ্মাণৰ সময়ত ছাদ খহি পৰাৰ ফলত চাৰিজন শিক্ষক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে ৷ ইয়াৰে এগৰাকী শিক্ষকৰ মৃত্যু হয় ৷

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 10:45 PM IST

The roof of a government school collapsed
চৰকাৰী বিদ্যালয়ৰ ছাদ খহি এজন শিক্ষকৰ মৃত্যু

নিউজ ডেস্ক, 23 আগষ্ট : লুধিয়ানাৰ বডদোৱালত চৰকাৰী বিদ্যালয় বডদোৱালৰ ষ্টাফ ৰুমৰ ছাদ খহি পৰাত এক বৃহৎ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত মেৰামতিৰ কাম চলি আছিল বুলি জানিব পৰা গৈছে ৷ এই দুৰ্ঘটনাত চাৰিগৰাকী মহিলা শিক্ষক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে, ইয়াৰে এগৰাকীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷ শিক্ষামন্ত্ৰী হৰজৌত বেইনছে টুইটাৰত এই মৃত্যুৰ কথা নিশ্চিত কৰিছে ৷

শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে, চৰকাৰী ছিনিয়ৰ মাধ্যমিক বিদ্যালয় বডদোৱাল (জিলা লুধিয়ানা)ৰ পৰা এটা অতি দুখজনক খবৰ পোৱা গৈছে ৷ বিদ্যালয় ভৱন নিৰ্মাণৰ সময়ত ছাদ খহি পৰাৰ ফলত চাৰিজন শিক্ষক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে ৷ ইয়াৰে এগৰাকী শিক্ষকৰ মৃত্যু হৈছে ৷ শিক্ষা বিভাগ আৰু জিলা প্ৰশাসন লুধিয়ানাৰ সকলো বিষয়াক অনতিপলমে সকলো ধৰণৰ সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ ৷ শোকসন্তপ্ত পৰিয়ালক এই কৰুণ ক্ষতি সহ্য কৰিব পৰাকৈ মনৰ শান্তি আৰু শক্তি প্ৰদান কৰিবলৈ ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছো ৷

নিহত শিক্ষকজনক চিনাক্ত কৰা হৈছে ৷ লুধিয়ানাৰ বডদোৱালৰ এখন বিদ্যালয়ত ছাদ খহি মৃত্যু হৈছে ৰবিন্দৰ কৌৰ নামৰ এজন শিক্ষকৰ ৷ আনহাতে বাকী দুজন শিক্ষক মেডিচিটি হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ আন এগৰাকী শিক্ষকক ডি এম চি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷ বাকী শিক্ষকসকলৰ অৱস্থা বিপদৰ বাহিৰত বুলি জানিব পৰা গৈছে ৷

এছডিএম পশ্চিম হৰজিন্দৰ সিঙে এজনৰ মৃত্যু হোৱাতো নিশ্চিত কৰিছে ৷ সমগ্ৰ বিষয়টোৰ তদন্ত কৰা হ’ব বুলিও তেওঁ কয় ৷ আনহাতে যিখন বিদ্যালয়ৰ পৰা মৃত শিক্ষকগৰাকী বডদোৱাললৈ বদলি হৈছিল, সেই বিদ্যালয়ৰ অধ্যক্ষইও শোক প্ৰকাশ কৰি কয় যে এইটো এটা অতি দুৰ্ভাগ্যজনক ঘটনা ৷ তেওঁ কয় যে আমি সমগ্ৰ বিষয়টোৰ তদন্ত কৰিম ৷ কোনোবা দোষী সাব্যস্ত হ’লে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ মৃত ৰবিন্দৰ কৌৰ লুধিয়ানাৰ আৰু কিছুদিন পূৰ্বে তেওঁক বদলি কৰা হৈছিল ৷ তেওঁৰ স্বামীয়ে নিজাকৈ এখন ইনষ্টিটিউট চলায় ৷ ইয়াৰ উপৰিও ৰবিন্দৰ কৌৰৰ এজন পুত্ৰও আছে যিয়ে দ্বাদশ মানত পঢ়ে ৷

তেওঁ কয় যে, এগৰাকী মহিলা শিক্ষকৰ অৱস্থা সংকটজনক ৷ ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকা মহিলা শিক্ষকসকলক উলিয়াই অনা হৈছিল ৷ তেওঁলোকৰ তিনিগৰাকী মহিলা শিক্ষক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাছিল, কিন্তু এগৰাকী মহিলা শিক্ষকৰ মৃত্যু হয় ৷ দুৰ্ঘটনাটোৰ পিছত ঘটনাস্থলীত উপস্থিত হোৱা স্থানীয় উপায়ুক্ত সুৰভি মালিকে কৈছে যে বিদ্যালয়খনত কৰ্মচাৰী কোঠাৰ ছাদ মেৰামতিৰ কাম চলি আছিল আৰু তেনে সময়তে এই দুৰ্ঘটনাতো সংঘটিত হৈছিল ৷

স্থানীয় লোকৰ মতে, এই খবৰ লাভ কৰি তেওঁলোক ততাতৈয়াকৈ সহায়ৰ বাবে বিদ্যালয়লৈ আহে ৷ ধ্বংসাৱশেষ আঁতৰাই মহিলা শিক্ষকসকলক ধ্বংসাৱশেষৰ তলৰ পৰা উলিয়াই অনা হয় ৷ যিসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । উল্লেখ্য যে, দুৰ্ঘটনাৰ কিছু সময়ৰ পূৰ্বে পঞ্জাৱৰ শিক্ষামন্ত্ৰী হৰজোৎ সিং বেইনছে শিশু সকলৰ সুৰক্ষাৰ কথা উল্লেখ কৰি ৰাজ্যৰ সকলো বিদ্যালয়তে বন্ধৰ ঘোষণা কৰিছিল ৷ ৰাজ্যখনত হোৱা ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত এই ঘোষণা কৰা হৈছে ৷

লগতে পঢ়ক : Female doctor suicide: NMGH ৰ ছাত্ৰী আৱাসত মহিলা চিকিৎসকৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.