ETV Bharat / bharat

Indian mission vandalism in UK : লণ্ডনৰ ভাৰতীয় উচ্চায়ুক্তালয়ত আক্ৰমণক লৈ সৰৱ থাৰুৰ

বিদেশত খালিস্তান সমৰ্থকৰ প্ৰতিবাদ (Khalistani protest at London)। লণ্ডনৰ উচ্চায়ুক্তালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ । ঘটনাক তীব্ৰ গৰিহণা শশী থাৰুৰৰ । নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে বিদেশী চৰকাৰসমূহৰ সৈতে ভাৰত চৰকাৰক আলোচনা কৰাৰ আহ্বান কংগ্ৰেছ নেতাগৰাকীৰ ।

author img

By

Published : Mar 20, 2023, 8:17 PM IST

Updated : Mar 20, 2023, 8:32 PM IST

Indian mission vandalism in UK
লণ্ডনৰ ভাৰতীয় উচ্চায়ুক্তালয়ত আক্ৰমণক লৈ সৰৱ থাৰুৰ

নেশ্যনেল ডেস্ক,২০ মাৰ্চ : খালিস্তান সমৰ্থকৰ বিৰুদ্ধে চলি থকা আৰক্ষী অভিযানৰ সমান্তৰালকৈ বিভিন্ন স্থানত প্ৰতিবাদো অব্যাহত আছে (Operation against khalistan supporters)। লণ্ডনৰ ভাৰতীয় উচ্চায়ুক্তালয়ত প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Indian mission vandalism in UK)। সমগ্ৰ ঘটনা গৰিহণা দিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থাৰুৰে । ভাৰতীয় মিছনৰ নিৰাপত্তা বৃদ্ধি কৰিবলৈ আহ্বান জনাই নেতাগৰাকীয়ে ।

লণ্ডনৰ উচ্চায়ুক্তালয়ত প্ৰতিবাদকাৰীয়ে ত্ৰিৰংগা আঁতৰাই দিয়াৰ ভিডিঅ' ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে নিৰাপত্তাৰ সুৰুঙা সন্দৰ্ভত ব্ৰিটিছ উপ উচ্চায়ুক্তক কাৰণ দৰ্শোৱা জাননী জাৰি কৰা হৈছে ।

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থাৰুৰে কয় যে তেওঁ এই ঘটনাক লৈ হতাশ হৈছে । বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা দুখন চৰকাৰে এনে ধৰণৰ আচৰণ প্ৰতিৰোধ কৰিবলৈ নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰাথমিক সাৱধানতা অৱলম্বন নকৰাৰ বাবে তেওঁ ক্ষোভ প্ৰকাশ কৰিছে (Tharoor on security of Indian missions)।

তেওঁ উল্লেখ কৰা মতে ইতিমধ্যে অষ্ট্ৰেলিয়াত এনে আক্ৰমণ হৈছে । এতিয়া লণ্ডনতো আক্ৰমণ হৈছে । এই ধৰণৰ আক্ৰমণ সকলোতে হ'বলৈ দিয়া হ'ব নেকি বুলিও তেওঁ প্ৰশ্ন কৰে । ভাৰত চৰকাৰে এতিয়া অষ্ট্ৰেলিয়া, কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউকে ধৰি আন ৰাষ্ট্ৰৰ চৰকাৰৰ ওচৰলৈ যাব লাগে আৰু তেওঁলোকক ক'ব লাগে যাতে ভাৰতীয় মিছনৰ বাহিৰত অতিৰিক্তভাৱে বিশেষ সাৱধানতামূলক ব্যৱস্থা অৱলম্বন কৰা হয় (Tharoor reacts over protest in London)। এই দাবী কৰাটো আমাৰ দায়িত্ব আৰু তাৰ পাছত ইয়াক পালন কৰাটো সেই চৰকাৰবোৰৰ কূটনৈতিক দায়িত্ব বুলিও থাৰুৰে দাবী কৰে ।

ভাৰতীয় মিছন থকা দেশসমূহে ভাৰতৰ সন্মানক এনেদৰে অপমান নকৰাটো নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলিও তেওঁ দাবী কৰে । সকলো ভাৰতীয়ৰ বাবে ই গ্ৰহণযোগ্য নহয় বুলিও দাবী কৰে থাৰুৰে ।

শীৰ্ষ ব্ৰিটিছ বিষয়াসকলে কোৱা মতে ব্ৰিটেইন চৰকাৰে ভাৰতীয় উচ্চায়ুক্তালয়ৰ নিৰাপত্তাক গুৰুত্ব সহকাৰে ল'ব । ত্ৰিৰংগাক অপমান কৰা আৰু উচ্চায়ুক্তালয়ত লণ্ডভণ্ড কৰা বিষয়টোক গৰিহণাও দিছে ।

লগতে পঢ়ক :Habeas corpus petition for Amritpal Singh : অমৃতপালৰ বাবে আদালতত হাবিয়াছ কৰ্পছ আবেদন

Last Updated : Mar 20, 2023, 8:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.