ETV Bharat / bharat

Minor girl raped in Navi Mumbai: নৱী মুম্বাইত শিশু ধৰ্ষণত অভিযুক্তক গ্ৰেপ্তাৰ

author img

By

Published : Dec 10, 2022, 4:59 PM IST

নৱী মুম্বাইত পাঁচ বছৰীয়া শিশুক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ (Child girl raped at Navi Mumbai) এচি মেকানিক । ইপিনে, শুকুৰবাৰে আৰক্ষীয়ে স্থানীয় আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

Minor girl raped in Navi Mumbai
নৱী মুম্বাইত শিশু ধৰ্ষণত অভিযুক্তক গ্ৰেপ্তাৰ

নেশ্য়নেল ডেস্ক, ১০ ডিচেম্বৰ: এজন এয়াৰ কণ্ডিচনাৰ (এচি) মেকানিকে মহাৰাষ্ট্ৰৰ নৱী মুম্বাইৰ এটা আৱাসিক ভৱনৰ লিফ্টৰ ভিতৰত এগৰাকী পাঁচ বছৰীয়া শিশুক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে (Child girl raped at Navi Mumbai) । এনে অভিযোগৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে বুলি শনিবাৰে আৰক্ষীয়ে সদৰী কৰিছে । উল্লেখ্য় যে এই ঘটনাটো মঙলবাৰে সন্ধিয়া তালোজাত সংঘটিত হৈছিল ।

তালোজা আৰক্ষী থানাৰ জ্যেষ্ঠ পৰিদৰ্শক জিতেন্দ্ৰ সোণাৱানে এই প্ৰসংগত কয়,"১৯ বছৰীয়া অভিযুক্তটোৱে এচি মেৰামতিৰ পিছত চিৰিৰে নামি আহোতে পাঁচ বছৰীয়া শিশুটিক উক্ত ভৱনটোৰ পাৰ্কিং এলেকাত খেলি থকা দেখিছিল (Taloja police station) ।ইয়াৰ পিছতেই অভিযুক্তটোৱে শিশুটিক লিফ্টৰ ভিতৰলৈ নিয়ে আৰু তাত যৌন নিৰ্যাতন চলায় ।"

জ্যেষ্ঠ পৰিদৰ্শকগৰাকীয়ে পুনৰ কয় যে ভুক্তভোগী শিশুটিয়ে লগে লগে তৃতীয় মহলাৰ ঘৰলৈ গৈ বমি কৰিবলৈ আৰম্ভ কৰে । সেই সময়তে মাতৃয়ে কি হৈছে সোধাত শিশুটোৱে উক্ত ঘটনাটোৰ বিষয়ে বিৱৰি কয় । তাৰ পিছত মাতৃয়ে তললৈ নামি আহি অভিযুক্তটোক প্ৰত্য়ক্ষ কৰে । লগে লগে ভৱনটোৰ নিৰাপত্তাৰক্ষী আৰু অন্যান্য আৱাসীসকলে অভিযুক্তটোক কৰায়ত্ত কৰা বুলি আৰক্ষী বিষয়াইগৰাকীয়ে কয় (Rape accused arrested at Taloja)।

তাৰ পিছত আৱাসীসকলে অভিযুক্তটোক আৰক্ষীৰ হাতত গতাই দিয়ে । ইয়াৰ পিছতেই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে ইতিমধ্য়ে তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (চি) ধাৰা 376 (IPC) আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (POCSO) আইনৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে । শুকুৰবাৰে আৰক্ষীয়ে স্থানীয় আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Gujarat ne to kamaal hi kardiya: নৰেন্দ্ৰই কঠোৰ পৰিশ্ৰম কৰিছিল যাতে ভূপেন্দ্ৰই অভিলেখ ভংগ কৰিব পাৰে; মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.