ETV Bharat / bharat

Congress election campaign : তেলেংগানাত অব্যাহত ৰাহুলৰ প্ৰচাৰ অভিযান - Rahul Gandhi Rallies in Telangana

নিৰ্বাচনমুখী তেলেংগানাত কংগ্ৰেছৰ প্ৰচাৰ অভিযান আৰম্ভ । বুধবাৰে তেলেংগানাত উপস্থিত হোৱা ৰাহুল গান্ধীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে । শাসকীয় বিআৰএছ, বিজেপি আৰু এআইএমআইএমক সমালোচনা কৰে নেতাগৰাকীয়ে ।

Congress election campaign
তেলেংগানাত অব্যাহত ৰাহুলৰ প্ৰচাৰ অভিযান
author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 3:50 PM IST

নেশ্যনেল ডেস্ক,১৯ অক্টোবৰ : অহা ৩০ নৱেম্বৰত তেলেংগানাত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত কংগ্ৰেছ দলে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । বুধবাৰে ৰাজ্যখনত উপস্থিত হৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেইবাখনো ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে । আজিৰ দিনটোত ৰাহুল গান্ধীৰ আছে দুখনকৈ ৰেলী । ভূপালপল্লীত এক ৰেলী সম্বোধন কৰি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰী কে চি আৰ আৰু বিৰোধী নেতা ওৱাইচিক তীব্ৰ আক্ৰমণ কৰে । তেওঁ কয় যে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি আৰ নিৰ্বাচনত পৰাজিত হ'বলৈ গৈ আছে । তাত যুঁজ ৰজা আৰু প্ৰজাৰ মাজত হ'ব । ৰাহুল গান্ধীৰ মতে তেলেংগানাৰ ৰাইজে জনতাৰ শাসন বিচাৰে যদিও তাত কেৱল এটা পাৰিবাৰিক শাসনহে বিৰাজ কৰি আছে ।

ৰেলী সম্বোধন কৰি গান্ধীয়ে কয় যে তেলেংগানাত দেশৰ সৰ্বোচ্চ স্তৰৰ দুৰ্নীতি হৈছে । তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টি, বিআৰএছ আৰু এআইএমআইএম সকলোৰে ইটোৰ সিটোৰ সৈতে মিত্ৰতা আছে । তেলেংগানাৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰি ৰাহুলে প্ৰশ্ন কৰে তেওঁক চিবিআই বা ইডিয়ে কিয় লক্ষ্য কৰা নাই । তেওঁৰ মতে বৰ্তমান ইডিক লৈ ৰাজনীতি উত্তাল হৈ আছে ।

কংগ্ৰেছে জনোৱা মতে ৩০ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ লগত সংগতি ৰাখি ৰাহুল গান্ধীয়ে বুধবাৰে আৰম্ভ হ'বলগীয়া দলটোৰ ৩ দিনীয়া 'বিজয় ভেৰী যাত্ৰা'ত অংশগ্ৰহণ কৰিব ।

ইফালে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই বুধবাৰে মুলুগুত এক নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে আৰু শাসনাধিষ্ঠিত ভাৰত ৰাষ্ট্ৰ সমিতি (বিআৰএছ) আৰু ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ক আক্ৰমণ কৰে । দুয়োগৰাকী নেতাৰ মতে বিজেপি আৰু বিআৰএছৰ গোপন মিতিৰালি আছে । তেওঁ অভিযোগ কৰা মতে বিজেপিয়ে বিচাৰে বিআৰএছ দলে তেলেংগানা নিৰ্বাচনত জয়লাভ কৰক ।

লগতে পঢ়ক :Chhattisgarh Election 2023: ছত্তিশগড়ত কংগ্ৰেছক তুলাধুনা হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.