ETV Bharat / bharat

বিশেষ ৰাজ্যৰ মৰ্যাদা বিচাৰি বিহাৰে কেন্দ্ৰক জনাব আবেদন - Bihar cabinet

বিহাৰ চৰকাৰে কেবিনেটত দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । প্ৰথমটো বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰক অনুৰোধৰ প্ৰস্তাৱ আৰু দ্বিতীয়টো নৱম অনুসূচীত ৭৫ শতাংশ সংৰক্ষণ ।

Tejashwi Yadav
বিশেষ ৰাজ্যৰ মৰ্যাদা বিচাৰি বিহাৰে কেন্দ্ৰক জনাব আবেদন
author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 4:46 PM IST

নেশ্যনেল ডেস্ক,২৩ নৱেম্বৰ : বিহাৰে বিশেষ ৰাজ্যৰ মৰ্যাদা বিচাৰি কেন্দ্ৰক অনুৰোধ প্ৰস্তাৱ দাখিল কৰিব । বুধবাৰে বিহাৰ কেবিনেটে এই গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে । বিহাৰ কেবিনেটে দুটাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত কৰে । ইয়াৰে এটা প্ৰস্তাৱ হিচাপে কেন্দ্ৰক বিহাৰৰ বিশেষ শ্ৰেণীৰ মৰ্যাদাৰ বাবে অনুৰোধ আৰু আনটো হৈছে নৱম অনুসূচীত ৭৫ শতাংশ সংৰক্ষণৰ দাবী । ইতিমধ্যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই প্ৰস্তাৱ সন্দৰ্ভত নিৰন্তৰ তেওঁৰ দাবী উত্থাপন কৰি আহিছে । একে সময়তে, উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱেও নীতিশ কুমাৰক সমৰ্থন জনাই আৰু কেন্দ্ৰক শীঘ্ৰেই এই দিশত সিদ্ধান্ত ল'বলৈ দাবী জনাইছে ।

তেজস্বী যাদৱে সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্ত সম্পৰ্কে উল্লেখ কৰে । সংবাদমেলত তেওঁৰ সৈতে বিত্ত মন্ত্ৰী বিজয় চৌধুৰী আৰু মন্ত্ৰী বিজেন্দ্ৰ যাদৱো উপস্থিত থাকে । তেজস্বী যাদৱে কয় যে বিহাৰে সদায় দেশক দিশ দেখুৱাবলৈ কাম কৰি আহিছে । আৰম্ভণিৰে পৰা বিহাৰৰ দাবী আছিল যে সমগ্ৰ দেশতে এক জাতিগত লোকপিয়ল হ'ব লাগে । সকলো দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল, কিন্তু একো লাভ নহ'ল । সেয়েহে বিহাৰ চৰকাৰে সিদ্ধান্ত লৈছিল যে ৰাজ্য চৰকাৰে নিজেই জাতিগত লোকপিয়ল অনুষ্ঠিত কৰিব । ইয়াৰ বাবে তেওঁ মুখ্যমন্ত্ৰী নীতিশ কুমাৰকো ধন্যবাদ জ্ঞাপন কৰে ।

তেজস্বী যাদৱৰ মতে যোৱা বিধানসভা অধিৱেশনৰ সময়ত বিহাৰে গোটেই বিষয়টো সন্মুখত উত্থাপন কৰিছিল । তেওঁৰ মতে বিহাৰ হৈছে একমাত্ৰ ৰাজ্য য'ত জনসংখ্যাৰ বিষয়ে সম্পূৰ্ণ তথ্য আছে । কিন্তু আজিৰ তাৰিখত বৈজ্ঞানিক তথ্যৰ প্ৰয়োজন যাতে অন্তিম স্তৰত থকা লোকসকলক চিনাক্ত কৰিব পাৰি । তেওঁৰ মতে বিহাৰৰ মহাজোট চৰকাৰ দৰিদ্ৰসকলৰ চৰকাৰ ।

উপ-মুখ্যমন্ত্ৰীগৰাকীৰ মতে যদি কেন্দ্ৰীয় চৰকাৰে বিহাৰক বিশেষ মৰ্যাদা দিয়ে, তেনেহ'লে কামবোৰ সম্পূৰ্ণ হ'ব । তেওঁৰ মতে জাতিগত লোকপিয়লৰ প্ৰতিবেদনৰ আধাৰত দৰিদ্ৰ লোকসকলৰ বাবে কৰিব লগা কামৰ বাবে ২.৫ লাখ কোটি টকাৰ প্ৰয়োজন হ'ব । তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে বিশেষ মৰ্যাদাৰ ওপৰত নিজৰ মতামত দিয়া উচিত । তেওঁ লগতে কয় যে বিহাৰ চৰকাৰে নৱম অনুসূচীত সংৰক্ষণ অন্তৰ্ভুক্ত কৰিবলৈও অনুৰোধ জনাব ।

তেজস্বী যাদৱে অভিযোগ কৰা মতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বহুবাৰ বিশেষ মৰ্যাদাৰ দাবী কৰিছে যদিও কেন্দ্ৰই এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নাই । ভূমিহীন আৰু কৃষকসকলক ভূমি প্ৰদান কৰা আৰু নিবনুৱাসকলক নিযুক্তি প্ৰদান কৰাটোৱে চৰকাৰৰ আন বহুতো কাম সহজ কৰি তুলিব বুলিও তেওঁ দাবী কৰে ।

লগতে পঢ়ক :মাত্ৰ ৩৫০ টকাৰ বাবে এজন কিশোৰক হত্যা, হত্যাকাৰী কিশোৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.