নেশ্যনেল ডেস্ক, 19 ছেপ্টেম্বৰ: 12 দিনৰ অন্তত জীৱন-মৰণৰ সৈতে যুঁজি প্ৰাণ হেৰুৱালে ভুক্তভোগী কিশোৰীয়ে (Teenager died during treatment in Lucknow hospital)৷ যোৱা 7 ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ পিলিভিটত দলবদ্ধ ধৰ্ষণ কৰি জীৱন্তে জ্বলাই দিয়াৰ পিছতেই লক্ষ্নৌৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কিশোৰীগৰাকীক ৷
তাৰ পিছতেই ১০ ছেপ্টেম্বৰত কিশোৰীগৰাকী এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ৷ এই ভিডিঅ’টোত কিশোৰীগৰাকীয়ে নিজ গাঁৱৰ দুই লম্পটে দলবদ্ধ ধৰ্ষণ কৰি জ্বলাই দিয়াৰ কথা উল্লেখ কৰিছিল (Teenager burnt alive after gangrape )৷
পৰৱৰ্তী সময়ত ভুক্তভোগী যুৱতীগৰাকীক পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত খবৰ দিয়ে আৰক্ষীক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে ভুক্তভোগী নাবালিকাগৰাকীক প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ ৷ ইফালে উক্ত ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত বৰ্তমান আৰক্ষীৰ জিম্মাত আছে 5 অভিযুক্তক (5 arrested in Lakhimpur Kheri gang rape) ৷
সেই অভিযুক্ত কেইটা ক্ৰমে নিখিল, জয়ৰাম, পুষ্পেন্দ্ৰ, বিমল আৰু পৱন ৷উল্লেখ্য যে, আৰক্ষীয়েও উক্ত ঘটনাটো গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰিছিল ৷
শনিবাৰে নিশাই অতি সংকটজনক অৱস্থাত নাবালিকাগৰাকীক ভৰ্তি কৰোৱা হয় লখিমপুৰ জিলা চিকিৎসালয়ত ৷ কিন্তু ক্ৰমাৎ নাবালিকাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত পৰৱৰ্তী সময়ত লক্ষ্নৌলৈ প্ৰেৰণ কৰা হয় ৷
উল্লেখ্য যে 7 ছেপ্টেম্বৰ, শনিবাৰে নিশা প্ৰায় 9 বজাত কোনো কাৰণবশতঃ নাবালিকাগৰাকীয়ে ঘৰৰ পৰা ওলাই গৈছিল ৷ কিন্তু তেনে সময়তে অঞ্চলটোৰ কেইজনমান যুৱকৰ দলবদ্ধ ধৰ্ষণ বলি হয় নাবালিকাগৰাকী (Gang rape cases in Lakhimpur Kheri) ৷
লগতে পঢ়ক: উত্তৰ প্ৰদেশত 5 দুৰ্বৃত্তৰ কামনাৰ বলি দলিত সম্প্ৰদায়ৰ নাবালিকা