ETV Bharat / bharat

শ্ৰীলংকাৰ পৰা মাছমৰীয়াক শীঘ্ৰে মোকলাই অনিবলৈ কেন্দ্ৰক আহ্বান তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jul 4, 2022, 7:19 PM IST

শ্ৰীলংকাই গ্ৰেপ্তাৰ কৰা ১২ জন ভাৰতীয় মাছমৰীয়াক শীঘ্ৰে মোকলাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ । এই গ্ৰেপ্তাৰে তামিলনাডুৰ মীন পালক সকলক শংকিত কৰিছে বুলি ক'লে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে(Tamil Nadu CM urged centre)।

cm
Tamil Nadu CM urged centre :শ্ৰীলংকাৰ পৰা মাছমৰীয়াক শীঘ্ৰে মোকলাই অনিবলৈ কেন্দ্ৰক আহ্বান তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

নেচনেল ডেস্ক, ৪ জুলাই: তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে সোমবাৰে শ্ৰীলংকাই গ্ৰেপ্তাৰ কৰা ১২ জন ভাৰতীয় মাছমৰীয়াক শীঘ্ৰে মোকলাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে (Tamil Nadu CM M K Stalin urged centre to take diplomatic step for release fishermen from Sri Lanka)। এই ক্ষেত্ৰত কূটনৈতিক মাধ্যমৰ জৰিয়তে পদক্ষেপ ল'বলৈ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে আহ্বান জনায় । মাছমৰীয়া সকলক তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰ লগতে তেওঁলোকৰ মাছ ধৰা জাহাজকো সুৰক্ষিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰা বুলি জানিব পৰা গৈছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰলৈ প্ৰেৰণ কৰা এখন পত্ৰত তেওঁ এইদৰে উল্লেখ কৰিছে (External Affairs Minister S Jaishankar)। 'শ্ৰীলংকাৰ নৌসেনাই মাছ ধৰা নাৱৰ সৈতে ১২ জন নিৰীহ ভাৰতীয় মাছমৰীয়াক (তামিলনাডুৰ সাতজন আৰু পুডুচেৰীৰ পৰা পাঁচজন) গ্ৰেপ্তাৰ কৰাৰ ঘটনাৰ প্ৰতি মই আপোনাৰ তাৎক্ষণিক আৰু ব্যক্তিগত দৃষ্টি আকৰ্ষণ কৰিব বিচাৰো ।' ষ্টেলিনে পত্ৰখনত এইদৰে প্ৰকাশ কৰিছে ।

মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে পুনৰ কয় যে তামিলনাডুৰ মাছমৰীয়াসকলে শেহতীয়াকৈ ১৫ জুনত সমাপ্ত হোৱা বাৰ্ষিক ৬১ দিনৰ নিষেধাজ্ঞাৰ ম্যাদৰ পিছত মাছ ধৰা পুনৰ আৰম্ভ কৰিছে। এই গ্ৰেপ্তাৰে তামিলনাডুৰ মীন পালক সকলক শংকিত কৰিছে । তদুপৰি ৰাজ্যখনৰ উপকূলীয় অঞ্চলসমূহত নিৰাপত্তাহীনতা আৰু শংকাৰ ভাৱ সৃষ্টি কৰাৰ সম্ভাৱনা আছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় । সেয়েহে তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক উপযুক্ত কূটনৈতিক মাধ্যমৰ জৰিয়তে ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক:164 বিধায়কৰ সমৰ্থনেৰে আস্থা ভোটত জয়লাভ একনাথ সিন্দেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.