ETV Bharat / bharat

Mission Arikomban : তামিলনাডুৱে সংস্থাপন কৰিব কেৰালাৰ বনৰীয়া দঁতাল হাতী আৰিকোম্বানক - wild tusker entered Tamil Nadu from Kerala

বন বিষয়াসকলৰ এটা দলে দেওবাৰে নিশা বনৰীয়া দঁতাল হাতী 'আৰিকোম্বান'ক ট্ৰেংকুলাইজ কৰিছিল (wild tusker Arikomban tranquilised) । তাৰ পিছত শ্ৰীভিলিপুট্টুৰ বন সংৰক্ষিত অঞ্চলৰ এটা উপযুক্ত বাসস্থানলৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া চলি আছে ।

Mission Arikomban
Mission Arikomban
author img

By

Published : Jun 5, 2023, 5:09 PM IST

নিউজ ডেস্ক, ৫ জুন : তামিলনাডুৰ এখন সীমান্ত চহৰত ঘূৰি ফুৰা কেৰালাৰ বনৰীয়া দঁতাল আৰিকোম্বানক দেওবাৰে নিশা তাৰ গতিবিধিৰ ওপৰত নজৰ ৰখা বন বিষয়াসকলৰ এটা দলে ট্ৰেংকুলাইজ কৰে (wild tusker Arikomban tranquilised) । বন বিষয়াসকলৰ মতে, হাতীটোক এক উপযুক্ত বাসস্থানলৈ স্থানান্তৰ কৰাৰ প্ৰচেষ্টা চলি আছে ।

সম্পূৰ্ণ ১০ দিন ধৰি চলি থকা 'মিছন আৰিকোম্বান'ৰ (Mission Arikomban) অধীনত হাতীটোক বন বিভাগে নিজৰ কব্জালৈ আনি এই মিছনত আংশিকভাৱে সফলতা লাভ কৰিছে । উল্লেখ্য, বনৰীয়া দঁতাল হাতীটোৱে যোৱা ২৭ মে'ত চুবুৰীয়া কেৰালাৰ পৰা আহি তামিলনাডুত প্ৰৱেশ কৰিছিল (wild tusker entered Tamil Nadu from Kerala) ।

আনহাতে, হস্তী-মানুহৰ সংঘাতৰ বাবে এক প্ৰকাৰ দিশহাৰা হৈ পৰা হাতীটোৱে কামবুম চহৰৰ ব্যস্ত ৰাস্তাবোৰত যেনি-তেনি দৌৰি ফুৰিবলৈ বাধ্য হৈছিল । আনহাতে, স্থানীয় ৰাইজে হাতীটোক বিভিন্ন প্ৰকাৰে ভীতিগ্ৰস্ত কৰাৰ বাবে হাতীটোৱে দিকবিদিক হেৰুৱাই পেলাইছিল । যাৰ ফলত হাতীটোৱে দৌৰি ফুৰাৰ বাবে মানৱ জীৱন হানিকে ধৰি সম্পত্তিও ধ্বংস হৈছিল (Tamil Nadu to rehabilitate wild tusker Arikomban) ।

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ (PDS) অধীনত বিতৰণৰ বাবে নিৰ্ধাৰিত চাউলৰ প্ৰতি থকা প্ৰেমৰ বাবেই ই 'আৰিকোম্বান' বুলি জনাজাত হৈ পৰে । আনহাতে, দঁতাল হাতীটোৱে চহৰখনৰ জনজীৱন প্ৰায় স্তব্ধ কৰি দিছিল । যাৰ বাবে 'মিছন আৰিকোম্বান'ৰ প্ৰয়োজন হৈছিল । ৰাজ্যিক বন বিভাগে অৱশেষত দেওবাৰে নিশা থেনিৰ পুচানামপট্টিত এটা আৱাসিক এলেকাত ঘূৰি থকা দঁতাল হাতীটো বন্দী কৰিবলৈ সক্ষম হয় ।

আনহাতে, জানিব পৰা মতে টাস্ক ফ'ৰ্চে হাতীটোক বন বিভাগৰ বাহনত উঠাবলৈ জোৰ কৰাৰ পূৰ্বে দুই ৰাউণ্ড ট্ৰেংকুলাইজাৰ গুলী চলায় । বন বিষয়াসকলে কয়, "টাস্ক ফ'ৰ্চে হাতীটোক এম্বুলেন্সত ভৰ্তি কৰায় । অভিযানটোৰ বাবে তিনিটা কুমকি হাতীও ব্যৱহাৰ কৰা হয় ।"

সূত্ৰই কয় যে হাতীটো শ্ৰীভিলিপুট্টুৰ সংৰক্ষিত বনাঞ্চলত অৱস্থিত ভেলিমালাই বা মেঘামালাই পাহাৰৰ গভীৰ অৰণ্যলৈ স্থানান্তৰিত হোৱাৰ সম্ভাৱনা আছে । "বন পশু চিকিৎসা শল্য চিকিৎসক আৰু বন বিভাগৰ বিষয়াসকলৰ এটা দলে আজি পুৱতি নিশা কুম্বুম ইষ্ট ৰেঞ্জত বনৰীয়া দঁতাল হাতীটো সুৰক্ষিতভাৱে ট্ৰেংকুলাইজ কৰে । হাতীটো এটা উপযুক্ত বাসস্থানলৈ স্থানান্তৰিত কৰা হৈছে, য'ত তামিলনাডু বন বিভাগে তাক নিৰীক্ষণ কৰি থাকিব ।" বন সচিব সুপ্ৰিয়া চাহুৱে টুইটাৰত এনেদৰে লিখিছে ।

হাতীটো ধৰা পৰাৰ পিছত কুম্বুম পৌৰসভাত জাৰি কৰা নিষেধাজ্ঞাবোৰ শিথিল কৰা হৈছে । সোমবাৰে এই সন্দৰ্ভত চৰকাৰী নিৰ্দেশ জাৰি কৰা হয় । উল্লেখ্য, ২৯ এপ্ৰিলত কেৰালা বন বিভাগে আৰিকোম্বানক পেৰিয়াৰ ব্ৰাঘ্য সংৰক্ষিত অঞ্চললৈ স্থানান্তৰিত কৰিছিল । এই অঞ্চলটো চিন্নাকানালৰ (ইডুক্কি জিলা) পৰা ১০৫ কিলোমিটাৰ দূৰৈত । কিন্তু হাতীটোৱে তাৰ পৰা তামিলনাডু অভিমুখে যাত্ৰা আৰম্ভ কৰি কামবুমৰ আৱাসিক এলেকাত প্ৰৱেশ কৰিছিল ।

লগতে পঢ়ক :Chhattisgarh IED Blast : বিজাপুৰত আইইডি বিস্ফোৰণত আহত ২ চিআৰপিএফ জোৱান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.