নেশ্যনেল ডেস্ক,২৫ আগষ্ট : তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে শুকুৰবাৰে তামিলনাডুৰ নগাপট্টীনাম জিলাৰ তিৰুক্কুৱালাইত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰাতঃভোজন আঁচনিৰ সম্প্ৰসাৰণৰ শুভাৰম্ভ কৰে । মুখ্যমন্ত্ৰীয়ে জিলাখনৰ এখন বিদ্যালয়ত শিক্ষাৰ্থীসকলক খাদ্য পৰিৱেশন কৰে আৰু তেওঁলোকৰ সৈতে পুৱাৰ আহাৰো গ্ৰহণ কৰে । ইফালে চেন্নাইতো তেওঁৰ পুত্ৰ তথা কেবিনেট মন্ত্ৰী উদয়নিধি ষ্টেলিনে আঁচনিখনৰ সম্প্ৰসাৰণ আৰম্ভ কৰে ।
মুখ্যমন্ত্ৰীয়ে পূৰ্বে কৈছিল যে ১৫.৭৫ লাখ প্ৰাথমিক শিক্ষাৰ্থীক লাভান্বিত কৰাৰ লক্ষ্যৰে নগৰ আৰু গ্ৰাম্য তামিলনাডুৰ ৩১,০০৮ খন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰাতঃভোজন আঁচনি সম্প্ৰসাৰণ কৰা হ'ব । যোৱা ৭ জুনত এই সন্দৰ্ভত এক নিৰ্দেশনাও জাৰি কৰা হৈছিল । ইতিমধ্যে, ১,৫৪৫ খন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম ৰ পৰা পঞ্চম শ্ৰেণীৰ ১.১৪ লাখ শিক্ষাৰ্থীক মুখ্যমন্ত্ৰীৰ প্ৰাতঃভোজন আঁচনিৰ অধীনত সকলো কৰ্মদিনত পুৱাৰ আহাৰ প্ৰদান কৰা হৈছে ।
প্ৰাথমিক পৰ্যায়ত দেখা উৎকৃষ্ট ফলাফলৰ কথা বিবেচনা কৰি চৰকাৰে এই সম্প্ৰসাৰণ আৰম্ভ কৰিছে । ইয়াৰ উদ্দেশ্য হৈছে ভোকাতুৰ অৱস্থাত যাতে কোনো শিক্ষাৰ্থীয়ে বিদ্যালয়ত উপস্থিত থাকিব নালাগে । ষ্টেলিনে নিৰ্বাচিত প্ৰতিনিধিসকলকো তেওঁলোকৰ নিজ নিজ সমষ্টিৰ এখনকৈ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত আঁচনিখন সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনাইছিল ।
ইফালে স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীয়ে প্ৰাতঃভোজন আঁচনিৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছিল । শিক্ষাৰ্থীসকল যাতে মৌলিক অধিকাৰ অন্নৰ পৰা বঞ্চিত হ'ব নোৱাৰে তাৰ বাবেই চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰিছিল ।
উল্লেখ্য যে ২০২২ চনৰ ১৫ ছেপ্টেম্বৰত ষ্টেলিনে মাদুৰাইত প্ৰাতঃভোজন আঁচনি আৰম্ভ কৰি স্বৰ্গীয় পেৰিয়াৰ ই ভি ৰামাস্বামী, চি এন আন্নাদুৰাই আৰু এম কৰুণানিধিৰ উদ্ধৃতি দি কৈছিল দৰিদ্ৰতা হওঁক বা জাতি হওঁক, শিক্ষা লাভ কৰাত কেতিয়াও বাধা হ'ব নালাগে । তেতিয়াৰে পৰা ৰাজ্যখনৰ চৰকাৰী বিদ্যালয়সমূহত এই আঁচনিৰ অধীনত শিক্ষাৰ্থীসকলক আহাৰ প্ৰদান কৰা হৈছে ।
লগতে পঢ়ক :Manipur CM with BJP president: অমিত শ্বাহক কি বতৰা দিলে এন বীৰেণ সিঙে ? মন্ত্ৰণা কি দিলে শ্বাহে ?