ETV Bharat / bharat

পুনৰ নিশা তাজমহলৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব পৰ্যটকে

author img

By

Published : Aug 21, 2021, 5:37 PM IST

জোনাক ৰাতি তাজমহল(Taj Mahal)ৰ সৌন্দৰ্য উপভোগ কৰিব বিচাৰিছে নেকি ? অৱশেষত অপেক্ষাৰ অন্ত পৰিল । শনিবাৰৰ পৰা পুনৰ নিশাও তাজমহলৰ প্ৰৱেশ দ্বাৰ খোলা থাকিব পৰ্যটকৰ বাবে ।

Taj mahal to reopen for night viewing
পুনৰ নিশা তাজমহলৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব পৰ্যটকে

নেশ্যনেল ডেস্ক, ২১ আগষ্ট: বহু প্ৰতীক্ষাৰ অন্তত শনিবাৰৰ পৰা নিশাও তাজমহল(Taj Mahal) দৰ্শনৰ অনুমতি দিয়া হ'ব পৰ্যটকক । ক'ভিড-১৯(Covid-19)ৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে বিগত এটা বছৰে নিশা তাজমহলত প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল । এতিয়া ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ বাবে পুনৰ নিশা তাজমহলৰ প্ৰৱেশ দ্বাৰ পৰ্যটকৰ বাবে খোলা ৰখাৰ সিদ্ধান্ত লোৱা হৈছে । শুকুৰবাৰে সংশ্লিষ্ট কৰ্তৃপক্ষই এই কথা জানিবলৈ দিয়ে ।

বিগত বৰ্ষৰ ১৭ মাৰ্চ লকডাউন(Lockdown)ৰ সময়ত প্ৰথমবাৰৰ বাবে নিশা তাজমহলত প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল । এ এছ আইৰ অধীক্ষক পুৰাতত্ত্ববিদ বসন্ত কুমাৰ স্বৰ্ণকাৰে জনাইছে যে, ২১, ২৩ আৰু ২৪ আগষ্টত নিশা দৰ্শনৰ অনুমতি দিয়া হ'ব । প্ৰতি সপ্তাহত শুকুৰবাৰে তাজমহল দ্বাৰ বন্ধ থাকে আৰু দেওবাৰে লকডাউনৰ বাবেও বন্ধ থাকে । সন্ধিয়া ৮.৩০ বজাৰ পৰা নিশা ৯ বজালৈ, নিশা ৯-৯.৩০ বজালৈ আৰু নিশা ৯.৩০-১০ বজালৈ তিনিটা শ্লটত তাজমহলৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব পৰ্যটকে ।

তেওঁ লগতে কয় যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি প্ৰতিটো স্লটত ৫০ জন পৰ্যটকক তাজমহল দৰ্শন কৰিবলৈ অনুমতি দিয়া হ'ব । আগ্ৰাৰ ২২ মাল ৰোডস্থিত এ এছ আইৰ কাৰ্যালয়ত পৰ্যটকে টিকট বুক কৰিব পাৰিব ।

আগ্ৰাৰ পৰ্যটন গিল্ডৰ উপ-সভাপতি ৰাজীৱ চাক্সেনাই কয় যে, এয়া এক ভাল পদক্ষেপ, কিন্তু দেওবাৰে দৰ্সন কৰিবলৈ আহিব বিচৰা পৰ্যটকসকলে তাজমহল নিশা দৰ্শন কৰাত অসুবিধাত পৰিব । তেওঁ লগতে কয় যে, পৰ্যটকসকলে চহৰখনৰ নৈশ জীৱন উপভোগ কৰিব বিচাৰে । তেওঁলোকে নিশা ১০ বজাৰ পিছত হোটেলত থকাতকৈ চহৰখনত ফুৰিব বিচাৰে বুলিও তেওঁ মন্তব্য কৰে । কিন্তু লকডাউনৰ বাবে এই ক্ষেত্ৰত সমস্যা আহি পৰিছে ।

লগতে পঢ়ক:তালিবানে অপহৰণ কৰা লোকসকলৰ অধিকাংশই ভাৰতীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.